আত্মগোপন

©Admin
0
.
প্ৰতাৰণা কৰি নামি আহে সেই অন্ধকাৰ নিশাটি, তিল -তিলকৈ হত্যা কৰে মোৰ আলসুৱা সপোনবোৰ৷ 
তথাপিও যেন জুয়ে পোৰা দুচকু লৈ বিচাৰি আছোঁ, সেউজীয়া সপোন আৰু প্ৰাপ্তি- অপ্ৰাপ্তি;  আজিকালি প্ৰায়েই অকলশৰে থাকো সন্ধিয়াৰ নীড়মুখী পখীৰ গীত শুনি কোনোবা নিজান ঠাইত বহি পৰো৷ পশ্চিম আকাশৰ দূৰ দিগন্তই তেতিয়া মূৰ গুজে আন্ধাৰৰ কোলাত আৰু মই!...কেৰেলুৱা বেগত দৌৰা ছোৱালীজনীয়ে! সদায় বিচাৰি ফুৰোঁ মৰা শামুকৰ খোলা৷ আৰু কুৰুকি কুৰুকি  সোমাই  যাওঁ  ভিতৰলৈ কোনেও নেদেখাকৈ আত্মগোপন কৰো৷৷              
  ..
.📝আকাশী বড়া,
 চি. কে. বি. কলেজ টীয়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)