সাহিত্যত পাঠ সমীক্ষাৰ প্ৰয়োজনীয়তা

©Admin
1
 
পাঠ সমীক্ষা প্ৰাচীন অভিলেখ অধ্যয়নৰ এক প্ৰণালীবদ্ধ পদ্ধতি। এই পদ্ধতিৰ দ্বাৰা নিদিষ্ট কৌশল প্ৰয়োগ কৰি পাঠ-বিশেষ অধ্যয়ন কৰা হয় আৰু প্ৰাপ্ত প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি পুথি পাঠৰ সম্ভাব্য আদিৰূপ নিৰুপন কৰা হয়। গতিকে পাঠ সমীক্ষা হৈছে,যিমান দূৰ সম্ভৱ মূল ৰূপৰ ওচৰ চপাকৈ গ্ৰন্থকাৰৰ পাঠ উদ্ধাৰ কৰি উলিওৱাৰ এক প্ৰণালীবন্ধ কৌশল।
    পাঠ সমীক্ষাৰ প্ৰয়োজনীয়তাৰ দিশটো বিচাৰ কৰিলে আমি নতুন বা বৰ্তমান সময়ৰ বাতৰিকাকতৰ বাবে বিচাৰ কৰা প্ৰবন্ধ বা ৰচনা এটিৰ বাবে পাঠ সমীক্ষাৰ যিমান প্ৰয়োজন তাতকৈ পুৰণা পাঠ এটি পাঠ-সমীক্ষাৰ আওঁতাত সামৰি লোৱাটো অধিক প্ৰয়োজন বুলি ক'ব পাৰি।পাঠ সমীক্ষাৰ অধিক জটিল পদ্ধতিবোৰ পুৰণি পাঠ এটাত অধিক ব্যৱহাৰৰ প্ৰয়োজনীয়তা আহি পৰে।কাৰণ সমসাময়িক কালৰ পাঠ এটাৰ ক্ষেত্ৰত লেখক সম্পাদক আৰু পাঠক আটাইকেইজন একোখন অভিধান,একোখন ব্যাকৰণকে মানি চলা দেখা যায়।যাৰ ফলত নতুন পাঠ সমীক্ষা বা সম্পাদনা কৰোতে পাঠ সমীক্ষাৰ জটিল প্ৰক্ৰিয়াৰ প্ৰয়োজন নহয়।কিন্তু বহু শ' বা হাজাৰ বছৰ বাগৰি অহাৰ ফলত প্ৰাচীন পাঠে ইমান বেছি পৰিমাণত পাঠ প্ৰমাদক সামৰি লয় যে তেনে বিকৃতি সমূহে লেখকৰ ৰচনাখিনি ভাষাটোক কলুষিত কৰি পেলাই। সে ইবাবে তেনে বিকৃতি পাঠ  শুধৰাই ল'বলৈ কোনো মাধ্যমৰ সুবিধা পোৱা নাযায় ।তেনে পৰিস্থিতিত পাঠ সমীক্ষাৰ নিদিষ্ট প্ৰক্ৰিয়াসমূহৰ আশ্ৰয় লোৱাৰ বাহিৰে অন্য কোনো উপায় নাই। সেয়েহে নতুন পাঠত বা সমীক্ষাক সম্পাদকৰ সমসাময়িক কালত ৰচিত পাঠৰ শুধৰণিৰ বাবে পাঠ সমীক্ষাৰ যি প্ৰয়োজন তাতকৈ পুৰণি পাঠৰ সত্যাসত্য নিৰুপণৰ বা পাঠ সমীক্ষাৰ প্ৰয়োগ অধিক প্ৰয়োজন বুলি স্বীকৃতি দি আহিছে।সেয়েহে সাহিত্যৰ সত্য বিচাৰ পুৰণি সত্যৰ  লগতে সমসাময়িক সংযোগ উত্থাপন এই দুয়োটাৰ বাবে পাঠ সমীক্ষাৰ প্ৰয়োজন অপৰিহায্য বুলি বিবেচিত হৈ আহিছে। কোনো গ্ৰন্থৰ পিছফালে লুকাই থকা মানুহজন আৰু মানুহজনৰ পিছফালে লুকাই থকা তেওঁৰ দেশ আৰু দেশ কাল আৰু সাহিত্যৰ অগ্ৰগতিত অন্তৱৰ্তী ধৰা পৰিস্ফুট কৰি বিজ্ঞানসন্মতভাৱে সাহিত্যৰ বুৰঞ্জী লিখিবৰ বাবেও পাঠ সমীক্ষাৰ প্ৰয়োজন অনস্বীৰ্কায্য।
    বাঙ্ময় জগতখনৰ প্ৰধান উপাদান হ'ল শব্দ ।এই শব্দসম্ভাৰেই যদি বিকৃত হৈ পৰে সাহিত্যৰাজিৰ স্বৰূপো বিকৃত হৈ ধৰা দিব।কালৰ সোঁতত ৰূপ সলোৱা শব্দৰাজিৰ প্ৰকৃত  ৰূপ উদ্ধাৰ কৰিবলৈ পাঠ সমীক্ষাৰ প্ৰয়োজন।প্ৰাচীন শব্দসম্ভাৰৰ আধাৰ ৰূপ এখন অভিধানৰ প্ৰয়োজন ।বৰ্তমান প্ৰাপ্ত হাতেলিখা পুথিসমূহত আৰু সেই পুথিৰ ওপৰত নিৰ্ভৰ কৰি ছপা হোৱা গ্ৰন্থত একাধিক পাঠ বিকৃত সোমাই পৰা কথাটো সহজে অনুমেয়।তেনে সংস্কৰণৰ পৰা সংগ্ৰহ কৰা শব্দ সম্ভাৰৰ শুদ্ধতা সম্পৰ্কে সন্দেহৰ অৱকাশ থকাটোও স্বাভাৱিক। সমীক্ষাত্মক পাঠ অধ্যয়নৰ দ্বাৰা শব্দবোৰৰ শুদ্ধ  ৰূপ নিৰ্ণয় কৰি লোৱাৰ পিছতহে এখন নিৰ্ভৰযোগ্য অভিধানৰ বাবে শব্দসংগ্ৰহ সম্ভৱ হ'ব পাৰে। একেটা ভাষাতে একোটা শব্দই বিভিন্ন যুগত বিভিন্ন ৰূপ লয়,কেতিয়াবা এসময়ৰ বহু প্ৰচলিত একোটা শব্দ পিছৰ কালত ব্যৱহাৰৰ বাহিৰত ৰৈ যায়।নতুন শব্দই বা এটা শব্দৰ নতুন ৰুপে পুৰণি শব্দৰ ঠাই লয়হি।প্ৰণালীবদ্ধভাবে একাধিক পুথিৰ পাঠ পৰীক্ষা কৰি শব্দটোৰ বিৱৰ্তনৰ ইতিহাস জানিব পাৰি। তেনেদৰে সাহিত্যিকৰ প্ৰকাশভঙ্গী আৰু বাগৰীতিয়েও বিভিন্ন ৰুপ লয়।প্ৰাচীন লেখকৰ ভাষা পৰৱৰ্তী নকলকাৰকৰ সমসাময়িক ভাষাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ আকাংশা থাকে ।একেখন গ্ৰন্থৰ বিভিন্ন সময়ৰ অনুলিপি পৰীক্ষা কৰি  ভাষাৰ বিৱৰ্তনৰ ধাৰণা পাব পাৰি ।পুৰণি শব্দ সম্ভাৰ,পুৰণি বাক্যৰীতি আদি শুদ্ধ ৰূপত উদ্ধাৰ কৰিব পাৰিলেহে প্ৰাচীন ভাষাৰ স্বৰূপ নিৰূপণ সম্ভৱ হ'ব।
     পাঠ সমীক্ষাত্মক অধ্যয়ণ পদ্ধতিৰে বিশ্লেষণ কৰি চাই শুদ্ধ তথ্য উদঘাটন কৰিব পাৰিলেহে মূল গ্ৰন্থকাৰৰ ৰ্সবিশেষ শুদ্ধ ভাৱে উদঘাটিত হ'ব। তেনেদৰে অনুলিপিকাৰ পৰৱৰ্তী কালত সংযোগ কৰা সামাজিক-সাংস্কৃতিক উপাদানৰ পৰা মূল গ্ৰন্থকাৰৰ পটভূমিৰূপে থকা সমাজখন বিচাৰি উলিয়াব নোৱাৰি ।পৰৱৰ্তী কালত সংযোজিত ধৰ্মীয় ,সাংস্কৃতিক,সামাজিক 
,ৰাজনৈতিক প্ৰক্ষেপসমূহ আতঁৰাই ল'লেহে গ্ৰন্থকাৰৰ পটভূমিৰূপ সাংস্কৃতিৰ ইতিহাস আৱিস্কৃত হ'ব।পাঠ সমীক্ষকে সমীক্ষা সামগ্ৰীৰূপে ব্যৱহাৰ কৰা বিভিন্ন যুগত লিখিত পুথিসমূহ লিপিৰ বিৱৰ্তনৰ সাক্ষীৰূপে ব্যৱহৃত হ'ব পাৰে।এনেদৰে এজন প্ৰাচীন গ্ৰন্থকাৰৰ পূৰ্ণাঙ্গ পৰিচয় পাবলৈ ,তদানীন্তন ভাষাৰ স্বৰূপ বুজিবলৈ,ভাষাৰ বিৱৰ্তনৰ ইতিহাস জানিবলৈ,সমাজ ইতিহাসৰ প্ৰকৃত প্ৰতিচ্ছবি চাবলৈ আৰু সৰ্বোপৰি মূল গ্ৰন্থকাৰৰ মূল লেখা আৱিস্কৃত ৰূপত পাবলৈ পাঠ সমীক্ষাৰ প্ৰয়োজনীয়তা স্বীকাৰ্য বিষয় ।
  গতিকে অসমৰ তথা অসমীয়া সাহিত্যৰ এখন অবিৰ্তকিত শুদ্ধ ইতিহাস প্ৰণয়নৰ বাবে অসমীয়া ভাষাৰ বিৱত্তিত ৰূপটো উদ্ধাৰ কৰিবৰ বাবে বিভিন্ন যুগত অসমীয়া সাহিত্য চহকী কৰা শব্দসম্ভাৰ উদ্ধাৰ কৰিবৰ বাবে অৰ্থাৎ পুৰণি অসমীয়া ভাষাৰ এখন পূৰ্ণাঙ্গ অভিধান প্ৰণয়ন কৰিবৰ বাবে ,প্ৰাচীন গ্ৰন্থাকাৰসকলৰ শুদ্ধ জীৱনচৰিত পাবৰ বাবে প্ৰাচীন সাহিত্যিকৰ ধৰ্ম-দৰ্শন ,ৰুচি-অভিৰুচি তথা ব্যক্তিত্বৰ ওপৰত যথাযথভাৱে আলোকপাত কৰিবৰ বাবে ,শুদ্ধ ঐতিহাসিক তথ্য উদ্ধাৰ কৰিবৰ বাবে,তথ্য পুৰণি গ্ৰন্থৰ আধাৰত কৰা সমাজতাত্ত্বিক অধ্যয়ন সাৰ্থক হ'বৰ বাবে সৰ্বোপৰি প্ৰাচীন লেখকৰ ৰচনা মূলৰূপত অৰ্থাৎ অবিকৃত ৰূপত পাবৰ বাবে অসমীয়া সাহিত্যৰাজিৰ পাঠ-সমীক্ষা হোৱাটো প্ৰয়োজন ।। 

   📝দিপান্দীতা চাংমাই
        শিৱসাগৰ,ডিমৌ
        

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment