এজাক বৰষুণৰ অপেক্ষাত (খণ্ড-১৩)

©Admin
0

ৰাতিপুৱাই প্ৰান্তিক দাই ফোন কৰিছে। মোবাইল টো vibration হৈ আছিল। টোপনি পুৰ হোৱাই নাই। খেপিয়াই খেপিয়াই  ফোন টো ৰিচিভ  কৰিছো।
_______ হেল্ল,,
প্ৰান্তিক_______ উঠিলা। 
________ uhu
চকু কেইটা মুদিয়েই আছো তেতিয়া লৈকে। তেওঁৰ মাত টো শুনি ভাল লাগি গৈছে।
প্ৰান্তিক_______ উঠিব হল উঠা। ৰাতি দেৰি কৈ শুইছা কাৰণে টোপনি পুৰ হোৱাই নাই পোৱালি ৰ।

হাঁহি দিছো।
_______ উঠিম বন্ধ কাৰণে অলপ দেৰি কৈ উঠিম বুলি ভাবিছো।
________ আপুনি উঠিলে?
প্ৰান্তিক_______ উঠিলো ।উঠি অলপ ফুৰি আহিলোঁ গৈ। জানা কালি ৰাতি হে মোৰ ভাল কৈ টোপনি আহিছে।
_______ কিয়। 
প্ৰান্তিক________ এনেই আকৌ।
_______ হব মই জানো কিয়।
প্ৰান্তিক_______ ৱাহ! আজি যে নুকোৱা কৈ গম পালা। 
_______ মই কিবা সৰু ছোৱালী নেকি?
প্ৰান্তিক_______ হব হব বহুত ডাঙৰ তুমি।সেইকাৰণে হে অলপতে কান্দি দিয়া।
_______ কিনো???? 
ৰাতিপুৱাই কাজিয়া নকৰিব।
প্ৰান্তিক______ ঠিক আছে নকৰোঁ বাৰু  কাজিয়া। উঠা যোৱা সোনকালে। 
________  ওম,,, হব পাছত পাতিম।by
প্ৰান্তিক_______ ok bye । Free হ'লে কবা মই ফ'ন কৰিম।
_______ ওম
মোবাইল টো থৈ বিছনা খন পাৰিব লৈছো। তেনেতে আকৌ ফোন এটা আহিল। বৰ্ষাই ফোন কৰিছে....
_________ অ বৰ্ষা ক"
তাই ফোন টো কৈ কান্দিব লৈছে।
________ কি হল কান্দিছ" যে ? ক" কি হল?
বৰ্ষা________ জীয়া তই  ঘৰলৈ কেতিয়া আহিবি। মই আৰু কেইদিন মান হে ঘৰত থাকিবলৈ পাম চাগে। আজি বিয়াৰ ৰভা দিবলৈ খুঁটা পুতিছে।
_________ কি???
 কথা টো শুনি মানে কি কৰো কি নকৰো লাগিছে।
_________ মই মাক তহঁতৰ ঘৰলৈ যোৱা কথা কৈছিলো। মাৰ কামৰ পৰাই আজৰি নোহোৱা হৈছে।মই নো  কেনেকৈ অকলে গৈ কথা খিনি ক'ম? তই এটা কাম কৰ? যদি নামানে তেতিয়া বেলেগ এটা কাম কৰিম।
বৰ্ষা_______ ক' মই কি কৰোঁ এতিয়া।
_______ তই মাক ফোন টো দি দে মই কথা দুটা মান ক"ম
আজিলৈকে তেনেকৈ ডাঙৰ মানুহৰ লগত একো কথাই পাতি পোৱা নাই যদিও তাইৰ কাৰণে মই এইখিনি কৰিব পাৰিম ভাবি তাইক কলো।
______ তই কান্দি নাথাকিবি । নহলে গম পাই যাব।
বৰ্ষা_____ ওম হব দিছো।
তাই মাকক ফোন টো দিব লৈছে। মই কি কম ভাবি পোৱা নাই বুকু খন ধক ধক কৰিছে।
______ hello
বৰ্ষাৰ মাকে ক"লে।
_______ অ খুৰি চিনি পাইছে নে মই জীয়া।
_______ অ জীয়া কোৱা। চিনি পাইছো আকৌ।বৰ্ষাই তোমাৰ কথা কয় নহয়। ভালে আছা নে?
মানুহ গৰাকীয়ে মোৰ লগত যেনেকৈ ইমান সহজকৈ কথা পাতিছে মোৰ বাহিৰে যদি অচিনাকি কোনোবা হল হেঁতেন তেতিয়া খুব ভাল মানুহ বুলিয়ে ভাবিলে হেঁতেন। কিন্তু মই জানো বৰ্ষাৰ মাক কেনেকুৱা। মই অদৰকাৰী কথা কিছুমান পাতি সময় নষ্ট কৰি নাথাকি যিটো কাৰণে ফোনত কথা পাতিম ভাবিছিলো সেইটো কথা কে কব ধৰিলো।
_______ অ ভালেই খুৰী। পৰীক্ষা টো শেষেই এতিয়া বৰ্ষাক আমাৰ ঘৰলৈ পঠাই দিব এদিন। মায়েও তাইক বৰ কৈ মাতি আছে।
_______ এ তাই যাবলৈ সময় নাপাব আৰু বুজিছা!
_______ কিয় খুৰী এতিয়া টো তাই ঘৰতে থাকিব।
______, নহয় অ জীয়া। তাইৰ বিয়া নহয় !তোমাক তাই কোৱা নাই নেকি। আজিৰ পৰা ৰভা দিয়া কাম দিয়া আৰম্ভ হৈছে।
______ মোক টো তাই একো কোৱা নাই।
মই মিছা কৈ ক"লো।
______ আৰু এতিয়াই তাইৰ বিয়া যে । ইমান সৰুতে। তাইক আৰু অলপ পঢ়াই কিবা এটা কৰি লবলৈ দিয়ক।
মই আচৰিত হোৱা নিচিনা কৰি দেখুৱালো।
_______ তাই এতিয়া সৰু হৈ থকা নাই নহয়। তাইৰ বয়সত মই বিয়া হৈ আহিছিলো । আৰু ছোৱালী কুৰিতে বুঢ়ী। সেইকাৰণে ভাল লৰা এটা ওলাইছে মই তাইক একেবাৰে দি দিও বুলি ভাবিছো। মোৰ অলপ শান্তি হব।
____ অহ ল"ৰা!! দেউতাকৰ বয়সৰ মানুহ এজন কেনেকৈ লৰা হব পাৰে। খুব খং উঠিছে।
______খুৰী আপোনাৰ দিনৰ সময় খিনিও বেলেগ আছিল । এতিয়া তাইৰ পঢ়াৰ বয়স। এতিয়াই বিয়া নিদিব।
_______ হব জীয়া তুমি এতিয়া মোৰ লগত তৰ্ক নকৰিবা । মই জানো কি কৰিব লাগে ।
ফোন টো কাটি দিলে।
মই তেনেকৈ ক"লত মোক খুব বেয়া পালে । নকম বা কিয়। ইমান সৰুতে বিয়া।।? 
তাইলৈ মেচেজ এটা কৰি দিলো।অলপ পাছত কথা পাতিম বুলি।
মোবাইল টো থৈ ৰুমৰ পৰা ওলাই আহিলো। মায়ে কিবা বনাই আছে। মাৰ ওচৰতে বহিলো ।
______ কি হল জীও মুখ খন ফুলাই আছ" যে ৰাতিপুৱাই।
______ বৰ্ষাই ফোন কৰিছিল এতিয়া।কান্দিছে তাই আৰু দুই এদিনতে তাইৰ বিয়া । মই মাকৰ লগত ফোনত কথা পাতিলো তাইৰ বিয়াৰ বিষয়ে কিবা কিবি কোৱাত মোক বেয়াই পালে। বহুত খং উঠিছে। ডাঙৰ মানুহৰ লগত মুখে মুখে কথা কবলৈ নোৱাৰোঁ কিন্তু আজি ?????
________ ইচ্চঁচঁচ,,,,ছোৱালী জনীৰ লগত তেনেকুৱা হে হল মানে।বিয়া দিবই মানে তাইক। কি কৰা যাই বাৰু।আমাৰ ঘৰলৈ কে তাইক লৈ আহো  নেকি ?
_______ নিদিয়ে অ মা।মাকে একো কথাই নুশুনে। ময়েই আজি ভিতৰত কিবা এটা কৰিম।

মুখ খন ধুই কিবা এটা খাই প্ৰান্তিক দালৈ ফোন কৰিলো।
দুবাৰ ফোন কৰিলো এবাৰো ৰিচিৱ কৰা নাই। আৰু খং উঠিছে। আকৌ ফোন নকৰোঁ বুলি ভাবি ৰুমৰ পৰা ওলাই আহিব লওঁতে তেওঁ ফোন কৰিছে।
প্ৰান্তিক______ কোৱা
______ কিনো কৰি আছিল ইমান দেৰি ফোন টো ধৰা নাই।
প্ৰান্তিক_______ আৰে ইমান খং কি হৈছে। মই বাথৰুমত আছিলো।
_______ এনেই দেৰি হৈছে তাতে আপুনি ফোন টো ধৰা নাই।
প্ৰান্তিক________ উফ sorry। এতিয়া ৰিচিভ কৰিলো নহয়।কোৱা।
_______ আপোনাক যে কৈছিলো বৰ্ষাৰ কথাটো! তাই এতিয়া ফোন কৰিছিল জানে? বহুত কান্দিছিল বিয়া এইকেইদিন তে হব।। মই মাকৰ লগত কথা পাতি যি টি ক"লো মাকে মোক বেয়া পালে । এতিয়া কি কৰোঁ আপুনি কওঁক। 
প্ৰান্তিক_______ মইও কি কৰিম ভাবি পোৱা নাই। তাইৰ লগত কথা কেইটা পাতি লোৱা হলে ভাল আছিল। 
________ অ মইও সেইটোকে ভাবিছো।
প্ৰান্তিক________ conference call কৰো ৰ'ৱা আমি চাৰিটাই।
_______। চাৰিটা মানে স্বাগত দাকো ক'ৱ নেকি?
প্ৰান্তিক______ অ কব লাগিব। আমি নোৱাৰিলেও কিবা সি পাৰিব।
_______ ঠিক আছে।

আগলৈ.....

📝পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)