অসমীয়া ভাষা আৰু মাধ্যম

©Admin
0
অসমৰ অসমীয়া মানুহৰ অসমীয়াত কথা কোৱা, অসমীয়াত লিখাৰ জ্ঞান থকাটো বাঞ্চনীয় । কিন্তু এইটোৱেই এই কথা নুবুজাই যে সকলোৱে অসমীয়া মাধ্যমত পঢ়া বাধ্যতামূলক । যদি অসমীয়া ভাষাৰ স্থিতি চীনা, জাপানী, ৰাছিয়া আদি দেশৰ ভাষাৰ দৰে হ'ল হেঁতেন তেতিয়া সকলোৱেই অসমীয়া মাধ্যমত শিক্ষাগ্ৰহণ কৰিলে হেঁতেন । মহাবিদ্যালয়লৈকে অসমীয়া মাধ্যমত পঢ়িবলৈ সুবিধা থাকিলেও বিশ্ববিদ্যালয় পৰ্যায়ত নাই । ইয়াৰ ওপৰিও চিকিৎসা, অভিযান্ত্ৰিক আদি বিষয়ত অসমীয়াত পঢ়াৰ সুবিধা নাই অথবা পাঠ্যক্ৰম প্ৰস্তুত হোৱা নাই । এই সমস্যা ভাৰতৰ ক্ষেত্ৰীয় ভাষা সকলোৰে আছে । সেইকাৰণে আমি ইংৰাজী ভাষা মাধ্যমত শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য । ইংৰাজী ভাষাত পঢ়া-শুনা কৰিলেই এইটো নুবুজাই যে তেওঁ অসমীয়া ভাষা বেয়া পাই অথবা চৰ্চা নকৰে । বহুতো ইংৰাজী বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালীয়ে ভাল অসমীয়া সাহিত্যিক হ'ব পাৰিছে আৰু অসমীয়া ভাষা চৰ্চা কৰি আছে । আকৌ অসমীয়া মাধ্যমত পঢ়া বহুতো ল'ৰা ছোৱালীয়ে অসমীয়া ভুলকৈ লিখে বা চৰ্চা নকৰে। নিম্ন বুনিয়াদী শিক্ষা অসমীয়া ভাষাত গ্ৰহণ কৰা বাঞ্চনীয়/বাধ্যতামূলক । অসমৰ ইংৰাজী, বাংলা, হিন্দী আদি মাধ্যমৰ সকলো বিদ্যালয়ত অসমীয়া বিষয় থকাটো বাধ্যতামূলক হোৱা উচিত । শিক্ষা আৰম্ভ ইংৰাজী মাধ্যমত কৰিলেও ঘৰত অসমীয়াত বুজাই দিলেহে বহুত ল'ৰা ছোৱালীয়ে বুজি পায় । 'এ' এনেকৈ লিখ, 'বি' এনেকৈ লিখ ইত্যাদি । অসমীয়া ভাষা সকলো ক্ষেত্ৰত গ্ৰহণীয় ভাষা হ'বলৈ আৰু বহুত বাকী আছে । স্বয়ংক্ৰিয় বানান শুদ্ধ কৰা কৌশলৰ পৰা আদি কৰি সুচল অসমীয়াত লিপি থকা কম্পিউটাৰ কিবৰ্ড আদি প্ৰাথমিক সা-সুবিধা খিনিও অসমীয়া ভাষাত আজিকুপতি ভালকৈ হোৱা নাই । অন্য এটা লক্ষ্যনীয় দিশ এইযে, বাংলা, হিন্দী আদি ভাষাৰ দৰে অসমীয়া শিক্ষাৰ সুবিধা ভাৰতৰ অন্য প্ৰদেশত নাই । সত্তৰ দশকলৈকে প্ৰায় বোৰ ল'ৰা ছোৱালীয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িছিল । নকলেও হ'ব, তুলনামূলক ভাবে উচ্চ মানদণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় গাঁৱে ভূঁয়ে গঢ়ি উঠা আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ নিম্ন গুণগত মানদণ্ডৰ বাবে বহুতো অভিভাৱকে নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়াবলৈ বাধ্য । যিকেইখন সীমিত উচ্চ মানদণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয় আছে তাত সকলোৱে পঢ়িবলৈ ইচ্ছা থাকিলেও নোৱাৰে ।

📝ডঃ মৃদুল চন্দ্ৰ শৰ্মা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)