স্বাভিমান (চুটিগল্প)

©Admin
0
   অত্যন্ত ক্ষোভত   কথাখিনি কৈ  ঘৰখনৰ পৰা সিদিনা ওলাই আহিছিল নিৰ্মালি । দীৰ্ঘদিনীয়া প্ৰেমৰ পৰিণতিত  চহৰখনৰ  আঢ্যৱন্ত পৰিয়ালৰ ল'ৰা  অভিনবৰ সৈতে  মধ্যবিত্ত পৰিয়ালৰ শিক্ষিতা ছোৱালী নিৰ্মালিৰ বিয়া হৈছিল । সৌভাগ্যক্রমে  অভিনব  স্হানীয় মহাবিদ্যালয়খনৰ  ইংৰাজী বিভাগৰ  প্ৰবক্তা হোৱাৰ বিপৰীতে নিৰ্মালিৰো এটি চৰকাৰী চাকৰি আছিল ।অতি সুন্দৰ ভাবে অভিনব আৰু নিৰ্মালিৰ বৈবাহিক জীৱন অতিবাহিত হৈছিল । দুবছৰৰ পাছত  সিহঁতৰ মাজলৈ আহিছিল কনমানি অনুসূয়া,  যাক  মৰমতে  সিহতে চুমী বুলি মাতিছিল ।চুমীৰ বয়স এবছৰ নৌহওঁতেই 
তেজপুৰলৈ  মোমায়েকৰ ঘৰলৈ  দেউতাকৰ লগত বিবাহৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ যোৱা অভিনৱৰ এটা সাংঘাতিক মটৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু   ঘটিছিল । অভিনৱৰ দেউতাক সেই দুৰ্ঘটনাত ৰক্ষা পৰিছিল যদিও চিৰদিনৰ বাবে বিচনাত আশ্ৰয় ল'বলগীয়া হৈছিল । সেই দুৰ্ভাগ্যজনক ঘটনাটো ঘটাৰ পাছত  শহুৰেকৰ ঘৰখনত  নিৰ্মালি আৰু কনমানি চুমীৰ  শান্তিৰে জীয়াই থকাটো এক  প্ৰত্যাহ্বান হৈ পৰিল। নিজৰ স্বামীক  চিৰদিনৰ বাবে হেৰুৱাই দিশহাৰা হোৱা নিৰ্মালিয়ে পুৱা আৰু  গধূলি  শাহুৱেক  আৰু নন্দেকৰ  ককৰ্থনা শুনি সময় পাৰ কৰিবলগীয়া হৈছিল । কেতিয়াবা  বৰজনা আৰু জাকগৰাকীয়েও  তাইক  কথা শুনোৱা  হ'ল। অভিনৱৰ শ্রাদ্ধ বিধি হৈ যোৱাৰ পাছত তাই অফিচৰ চাকৰিত যোগদান কৰিবলৈ ওলোৱাৰ দিনা শাহুৱেকহতে মিলি  এখন  নাটকৰ সৃষ্টি কৰিলে। বহুদিনৰ পৰাই  তেওঁলোকৰ ঘৰত কাম কৰা বয়সীয়া তিৰোতা কামিনীবাইক চোৰ সজাই  কামৰ পৰা অব্যাহতি লবলৈ বাধ্য কৰিলে , যাৰ  আশ্ৰয়তে নিৰ্মালিয়ে চুমীক থৈ  অফিচৰ চাকৰিত যোগদান কৰাৰ কথা আছিল । সেই নিৰ্মম সত্যটোৰ কথা কামিনীবাইৰ মুখত শুনি  নিৰ্মালিয়ে অনুভৱ কৰিলে অভিনবৰ অনুপস্থিতিত শহুৰেকৰ ঘৰখনত তাই আৰু  সিহঁতৰ যুগ্ম জীৱনৰ সাক্ষী চুমী সমূলি নিৰাপদ  নহয়। সৰুতে মাক দেউতাকক  হেৰুৱাই বৰদেউতাৰ আশ্রয়ত ডাঙৰ হৈ ভালদৰে পঢ়া শুনা কৰি এটি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল তাই।উপাৰ্জনৰ পথটো এৰি দিলে তাই চুমীক কেনেকৈ ডাঙৰ কৰিব ।বহু ভাবি চিন্তি   সেইদিনা তাই এটি কঠোৰ  সিদ্ধান্ত গ্ৰহণ কৰিছিল ।অভিনবৰ পৈতৃক ঘৰখন এৰি অফিচৰ ওচৰতে থকা ভাড়াঘৰ এটিলৈ গুছি আহিছিল শাহুৱেকহতে অকাৰণে  "চোৰ" সজোৱা  কামিনীবাইক লৈ । প্ৰথম অৱস্থাত শাহুৱেকে তাইক কনমানি চুমীক  ডাঙৰ কৰাৰ স্বাৰ্থত চাকৰি এৰি দিবলৈ জোৰ দিছিল । ঘৰখনৰ পৰিবেশ-পৰিস্হিতি হৃদয়ংগম কৰি নিৰ্মালিয়ে সিদিনা কৈছিল " মই আপোনালোকক কোনোদিনেই বেয়া নেপাওঁ মা। কিন্তু চাকৰি এৰি দিলে মই  স্বাধীনভাৱে মই জীয়াই থাকিব নোৱাৰিম । অভিনব আৰু মোৰ মিলনৰ স্বাক্ষৰ চুমীক মানুহ কৰিব নোৱাৰিম।
অভিনবৰ অকাল মৃত্যুত মোৰ কোনো দোষ নাছিল । মইও প্ৰিয়জনক হেৰুৱাই মৰ্মাহত হৈঁছো । কিন্তু কোনোবাই জানো মোৰ দুখৰ সমভাগী হৈছে? আপোনালোকৰ গঞ্জনা-কৰ্কথনা শুনি  মই  মানসিকভাৱে ভাগি পৰিছো ।মোৰো স্বাভিমান আছে আৰু মোৰ স্বামীৰ স্মৃতিখিনিক লৈ মই শান্তিৰে জীয়াই থাকিব বিচাৰো মা। মোক ভুল নুবুজিব । কেতিয়াবা আপোনালোকৰ প্ৰয়োজনত মোক বিচাৰিলে নিশচয়  আহিম।"

 ৰীতামণি বৰদলৈ । (গুৱাহাটী ) অনুসূয়া,  যাক  মৰমতে  সিহতে চুমী বুলি মাতিছিল ।চুমীৰ বয়স এবছৰ নৌহওঁতেই 
তেজপুৰলৈ  মোমায়েকৰ ঘৰলৈ  দেউতাকৰ লগত বিবাহৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ যোৱা অভিনবৰ এটা সাংঘাতিক মটৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু   ঘটিছিল । অভিনবৰ দেউতাক সেই দুৰ্ঘটনাত ৰক্ষা পৰিছিল যদিও চিৰদিনৰ বাবে বিচনাত আশ্ৰয় লবলগীয়া হৈছিল । সেই দুৰ্ভাগ্যজনক ঘটনাটো ঘটাৰ পাছত  শহুৰেকৰ ঘৰখনত  নিৰ্মালি আৰু কনমানি চুমীৰ  শান্তিৰে জীয়াই থকাটো এক  প্ৰত্যাহ্বান হৈ পৰিল। নিজৰ স্বামীক  চিৰদিনৰ বাবে হেৰুৱাই দিশহাৰা হোৱা নিৰ্মালিয়ে পুৱা আৰু  গধূলি  শাহুৱেক  আৰু নন্দেকৰ  কৰ্কথনা শুনি সময় পাৰ কৰিবলগীয়া হৈছিল । কেতিয়াবা  বৰজনা আৰু জাকগৰাকীয়েও  তাইক  কথা শুনোৱা  হ'ল। অভিনৱৰ শ্রাদ্ধ বিধি হৈ যোৱাৰ পাছত তাই অফিচৰ চাকৰিত যোগদান কৰিবলৈ ওলোৱাৰ দিনা শাহুৱেকহঁতে মিলি  এখন  নাটকৰ সৃষ্টি কৰিলে। বহুদিনৰ পৰাই  তেওঁলোকৰ ঘৰত কাম কৰা বয়সীয়া তিৰোতা কামিনীবাইক চোৰ সজাই  কামৰ পৰা অব্যাহতি ল'বলৈ বাধ্য কৰিলে , যাৰ  আশ্ৰয়তে নিৰ্মালিয়ে চুমীক থৈ  অফিচৰ চাকৰিত যোগদান কৰাৰ কথা আছিল । সেই নিৰ্মম সত্যটোৰ কথা কামিনীবাইৰ মুখত শুনি  নিৰ্মালিয়ে অনুভৱ কৰিলে অভিনৱৰ অনুপস্থিতিত শহুৰেকৰ ঘৰখনত তাই আৰু  সিহঁতৰ যুগ্ম জীৱনৰ সাক্ষী চুমী সমূলি নিৰাপদ  নহয়। সৰুতে মাক-দেউতাকক  হেৰুৱাই বৰদেউতাকৰ আশ্রয়ত ডাঙৰ হৈ ভালদৰে পঢ়া শুনা কৰি এটি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল তাই।উপাৰ্জনৰ পথটো এৰি দিলে তাই চুমীক কেনেকৈ ডাঙৰ কৰিব ।বহু ভাবি চিন্তি   সেইদিনা তাই এটি কঠোৰ  সিদ্ধান্ত গ্ৰহণ কৰিছিল ।অভিনৱৰ পৈতৃক ঘৰখন এৰি অফিচৰ ওচৰতে থকা ভাড়াঘৰ এটিলৈ গুচি আহিছিল শাহুৱেকহঁতে অকাৰণে  "চোৰ" সজোৱা  কামিনীবাইক লৈ । প্ৰথম অৱস্থাত শাহুৱেকে তাইক কনমানি চুমীক  ডাঙৰ কৰাৰ স্বাৰ্থত চাকৰি এৰি দিবলৈ জোৰ দিছিল । ঘৰখনৰ পৰিৱেশ-পৰিস্হিতি হৃদয়ংগম কৰি নিৰ্মালিয়ে সিদিনা কৈছিল " মই আপোনালোকক কোনোদিনেই বেয়া নেপাওঁ মা। কিন্তু চাকৰি এৰি দিলে স্বাধীনভাৱে মই জীয়াই থাকিব নোৱাৰিম । অভিনৱ আৰু মোৰ মিলনৰ স্বাক্ষৰ চুমীক মানুহ কৰিব নোৱাৰিম।
অভিনৱৰ অকাল মৃত্যুত মোৰ কোনো দোষ নাছিল । মইও প্ৰিয়জনক হেৰুৱাই মৰ্মাহত হৈছো । কিন্তু কোনোবাই জানো মোৰ দুখৰ সমভাগী হৈছে? আপোনালোকৰ গঞ্জনা-ককৰ্থনা শুনি  মই  মানসিকভাৱে ভাগি পৰিছো ।মোৰো স্বাভিমান আছে আৰু মোৰ স্বামীৰ স্মৃতিখিনিক লৈ মই শান্তিৰে জীয়াই থাকিব বিচাৰো মা। মোক ভুল নুবুজিব । কেতিয়াবা আপোনালোকৰ প্ৰয়োজনত মোক বিচাৰিলে নিশ্চয়  আহিম।

📝ৰীতামণি বৰদলৈ 
     (গুৱাহাটী )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)