এদিনাখনৰ কথা অন্য দিনৰ দৰে আজিও মাছমৰীয়াই মাছ মাৰিবলৈ যায় সন্ধিয়ালৈকে মাছমৰীয়া বহু পৰিমাণে মাছ পাই বজাত নি বেচি টকা লৈ ঘৰলৈ উভতি আহোঁতে মনতে ভাৱিলে
" সদায় মই মাছ মাৰি যিকেইটা টকা পাওঁ ঘৈণীয়েক আৰু জীয়েককে বস্তু যোগান ধৰোঁতে শেষ হৈ যায় কিন্তু আজি সৰহকৈ মাছ পাইছোঁ কিয় নাই আজি ভাগৰ মৰা যায় " এই বুলি কৈ সি মদৰ ভাটিত সোমাই মদ খাই ধলংধপংকৈ ঘৰগৈ পালেগৈ ৷ ঘৈণীয়েকে মনেমনে থাকিল মাছমৰীয়াৰ কষ্টৰ কথা বুজি ৷ ৰাতিপুৱা মাছমৰীয়াক জগাইছে
" হেৰী উঠক মাছ মাৰিবলৈ নাযায় নেকি? "
মাছমৰীয়াৰ ৰাতিৰ নিচা যোৱাই নাছিল বিচনাৰপৰই চিঞৰি ক’লে
" সদায় কি ময়ে গৈ থাকিম , তই নিজে যা মাছ মাৰিবলৈ "
ঘৈণীয়েকে ঠিক আছে বুলি কৈ জালখন লৈ নৈ কান পালেগৈ ৷ জাল পেলাবলৈ নজনা কুসুমে ওলোটাকৈ জাল পেলোৱাৰ ফলত পানীৰ সোঁতত উটি ভাহি গুছি গ'ল কিছু সময় পাছত মাছমৰীয়া কেইজনমানে কুসুমৰ মৰাশটো পানীৰপৰা উদ্ধাৰ কৰি খবৰটো মাছমৰীয়ান দিলেহি ৷ মাছমৰীয়া আৰু জীয়েক জোনালী লৰালৰিকৈ নৈকান পালেগৈ ঘৈণীয়েকৰ মৃত্যুত মাছমৰীয়াই নিজৰ দোষ বুজি পালে যে সি মদখাই কিমান ডাঙৰ ভুল কৰিলে ৷ এই মদৰ নাচাত নিজৰ ঘৈণীয়েকক হেৰোৱাবলগাা
হয় ৷ জীয়েক মনৰ দুখত সদায় নৈ কানত গৈ মাকক মনত পেলাই কান্দি থাকে ৷ এইফালে মাছমৰীয়াই আন এটা বিয়া পাতিলে ৷ এই বিয়াই জোনালীৰ বাবে দুখৰ দিন আনিলে ৷ মাহীমাকে সদায় নানা শাস্তি বিহিবলৈ ধৰিলে ৷ এদিনাখন মনৰ বেদনাত জোনালী নৈ কানত গৈ বহি হুকহুকাই কান্দি আছিল এনেতে এটা কণমানি কাছ পাৰলৈ উঠি মাত লাগালে
" বেটী এনেদৰে কিয় কান্দি আছা ? "
জোনালীয়ে নিজৰ জীৱনৰ ব্যথা কৈ শুনালে ৷ তাইৰ ব্যাথা শুনি ক’লে
" বেটী ময়ে তোৰ মা মোক ঘৰলৈ লৈ বলা তাৰপাছত চাবা তোৰ সকলো দুখ মৰ্ষণ
হব ৷ জোনালীয়ে কাছটোক ঘৰলৈ লৈ গ'ল ঘৰ পোৱাৰ পাছত মাহীমাকে জোনালীক মাৰিবলৈ দৌৰি আহিল কিন্তু কি আচৰিত ঘটনা মাৰিবলৈ যিখন হাত উঠাইছিল সেইখন হাত পংগু হৈ পৰিল ৷ এদিনাখন প্ৰতিশোধ লবলৈ মাহীমাকে ৰাতি কাছটোৰ হত্যা কৰি বাৰীত পুতি থলে ৷ ৰাতিপুৱা সকলোৱে চাই আচৰিত যিখন ঠাইত কোনো পুলিয়ে নাছিল সেই ঠাইত ইমান ডাঙৰ আম গছ সেইয়াও ৰাতিটোৰ ভিতৰত কেনেকৈ সম্ভৱ ৷
জোনালী কিন্তু বুজি পাই গ'ল গছটো আন কোনো নহয় তাইৰ মা কুসুম হয় ৷
জোনালী সদায় আমজোপাৰ তলত গৈ নিজৰ দুখৰ কাহিনী শুনাই এনেদৰে বহুত বছৰ গুছি গ’ল ৷ জোনালী এতিয়া গাভৰু হ'ল ৷ এদিনাখনৰ কথা ৰাস্তাৎদি এটা ৰাজকোঁৱৰ গৈ থাকোতে আমৰ গছত চকু পৰিল সি গছত লমালমে লগা আম খোৱাৰ ইচ্ছাৰে ঘোঁৰাৰ পৰা নামি আম ছিঙিবলৈ চেষ্টা কৰিলে কিন্তু সি বিফল হ'ল কাৰণ যেতিয়াই কোঁৱৰে আম ছিঙিবলৈ গছৰ ডালত হাত লগাবলৈ চেষ্টা কৰিছে তেতিয়াই গছৰ ডাল ওপৰলৈ গুছি গৈছে ৷ ৰাজকোঁৱৰ শেষত ভাগৰি লগুৱাক ক’লে
" যোৱা আমগছজোপাৰ গৰাকীক বিচাৰি আনাগৈ আৰু কবাগৈ মোক যদি আম খাবলৈ দিয়ে তাৰ বিনিময়ত মই অজশ্ৰ ধন দিম "
এই কথা গৈ জোনালীৰ মাহীমাকৰ কাণত পৰিল লোভ সামৰিব নোৱাৰি ৰাজকোঁৱৰৰ ওচৰত গৈ ক’লে
" স্বৰ্গদেউ আমজোপা মোৰ "
ৰাজকোঁৱৰে আজ্ঞা দিলে আম ছিঙিবলৈ কিন্তু কি হব মিছা কথাৰ বেয়া ফল বহুত চেষ্টা কৰিও আম ছিঙিব নোৱাৰাত ৰাজকোঁৱৰে গম পালে যে ধনৰ লোভত মহিলাগৰাকীয়ে তাক ঠগিলে কোঁৱৰে লগেলগে জোনালীৰ মাহী মাকক হাতীৰে গছকাই মৃত্যু দণ্ড দিলে ৷ তাৰপাছত নিজেই আমগছজোপাৰ প্ৰকৃত গৰাকীক বিচাৰি ওলাল আৰু অন্তত জোনালীয়ে আম ছিঙিবলৈ সক্ষম হোৱাত তাইৰ সৌন্দৰ্যত মোহগ্ৰস্ত হৈ তাইক বিয়া কৰাৰ প্ৰস্তাৱ
দিলে । জোনাকীৰ দেউতাকে জোনালীক আনন্দ মনেৰে ৰাজকোঁৱৰৰ লগত বিয়া কৰাই দিলে ৷ ৰাজকোঁৱৰ জোনালীক লৈ নিজ ৰাজ্যলৈ গুছি গ'ল আৰু কিছুদিনৰ পাছত আমজোপাও অদৃশ্য হ'ল ইয়াতে কাহিনী শেষ হ'ল ৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ