বিহুগীতত ডেকা গাভৰুৰ মনৰ কথা বিনিময় কৰাৰ নিচিনাকৈ বগেজাৰীৰো তেনে নিদৰ্শন আছে | বগেজাৰী গোৱাৰ ছলতেই ডেকা গাভৰুৱে পৰস্পৰৰ মনৰ ভাৱ প্রকাশ কৰা আৰু তাৰেই অজুহাতত পলুৱাই নিয়া নাইবা বিবাহ পাশত আৱদ্ধ হোৱা ৰাভা সমাজত পৰিলক্ষিত হয় | গাভৰুক দেখি ডেকাই মনৰ ভাৱ ব্যক্ত কৰে | এইদৰে....
মান চেলেংকা টিউ টিউ
হিন্দল গাছৰ ডালত
তোকে দেখি মাছ মাৰং
মুকল পথাৰত |
কি দিলুং নিদিলুং গাভৰুক
কি বুলিলুং তোকে
ৰাতিও ঘুম্ টি নাহে
সপোন দেখং তোকে |
উত্তৰত গাভৰুৱে মনৰ ভাৱ প্রকাশ কৰে এইদৰে......
চেপা পাৰং ঘুনি পাৰং
মোৱা মাছৰ বাহা
বন কৰবা আহা যাৱা
মোকে চাবা আহা ||
ধুতি লেম্ লেম্
চোলা লেম্ লেম্
কন্ বা দেশৰ হাকিম
আমাৰ ফালে নাহিবি
চকু টিপাই ৰাখিম |
নোপোৱাৰ বেদনাত গা-মন ৰাইজাই কৰা ডেকাৰ হা-হুমুনিয়াহ এইদৰে প্রকাশ পায়
বুঢাৰ বাৰীতে বিহঢেকীয়
গাঁওবুঢ়াৰ বাৰীতে বিহঢেকীয়া
চুকিদাৰৰ বেটিটা পাম কেতিয়া |
বয়স গেল মোৰ ভটিয়াই
পুকিল মুৰৰ চুলি
বান্দৰ থোক দিলে মোক
বিয়া দিম বুলি | আগলৈ...
🖋️ হেমেন হাজৰিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ