ধাৰাবাহিক উপন্যাস অনুতাপ-০১

Rinku Rajowar
0
দ্বীপহঁতৰ গাঁওখনৰ কাষতে ঠেক বুকুৰে অভিমানী  সৰু নদীখন।বছৰি বানপানীয়ে চুই যায়। ঠেক সত্তাটোৱে বাৰিষাৰ ইমান চেনেহ গ্ৰহণ কৰিব নোৱাৰে সেয়েহে আবেগে বিলায়। ৰাতিপুৱাৰে পৰা একাঁঠু,একঁকালকৈ বাঢ়ি যায়।গধুলিলৈকে এবুকু হয়গৈ। বেৰৰ মাটি চপৰাচপৰে খহি উদং হৈ পৰে। মানুহবোৰৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। ইফালে কাৱৈ মাছৰ লানি।ওখ ঠাইলৈ যাবলৈ যো-জা কৰোঁতেই ঐ গ'ল গ'ল.. পানীত পৰিল এনেধৰণৰ মন্তব্যবোৰ ভাঁহি আহে।আন ঠাই তথা চৰকাৰৰ পৰা সহায় আহে কিন্তু কিমান দিনলৈ?আধাপেটে উঠি দ্বীপে বিচনাত পৰিলগৈ।
         দিনটো বৰষুণ এৰাই নাই কিবা কৰিবলৈও একেবাৰে উপায় নাই।ঘৰৰ ডাঙৰটো ল'ৰা । ইফালে বুঢ়া দেউতাকৰ বেমাৰ। কৰিবলৈ মন মেলিলেই যেনিবা কৰিব কি? চাৰিওফালে পানীয়েই পানী।কি যে হ'ব নহয়। প্ৰতিবছৰে ৰংজুলিয়ে বাতৰি-কাকতৰ শিৰোনাম দখল কৰিয়েই থাকিবনে?নে ই জীয়া অভিশাপ।কতজনে প্ৰাণ হেৰুৱাব লগা হৈছে।কতজনৰ দুৰাৰোগ্য বেমাৰ। পানীৰ মাজত জীৱন কটোৱাতো দ্বীপৰ বাবে কঠিন হৈ পৰিছে।
           দ্ধীপ এজন চতুৰ্থ ষান্মষিকৰ ছাত্ৰ।সি বৰ ভাল ল'ৰা।পঢ়া-লিখাৰ ওপৰিও সমাজৰ প্ৰতিটো দিশতে পাৰেমানে হাত উজাৰি সহায় কৰে। তাৰোপৰি সি এজন ভাল লিখক।জীয়া শব্দেৰে প্ৰকাশ কৰে তাৰ অনুভৱ, বেদনা, কষ্ট,ভাললগাবোৰ কিন্তু কাৰোৰ আগত কৈ নুশুনোৱাই। বৰঞ্চ সেই লিখনিৰে সাহিত্য জগতত বৰঙণি দান কৰিব খোজে।শিক্ষকসকলে কৈছে দ্ধীপৰ কলমত শক্তি আছে।আশীষবোৰ এনেদৰেই বুটলে দ্ধীপে।লগৰবোৰে কয় দ্ধীপ তই অলপ মদাৰ্ণ হ।কিমাননো এই সমাজ,মানৱতা, শব্দৰ মাজতে সোমাই থাকিবি। এই বয়সতে এনজয় নকৰিলে কে‌তিয়া কৰিবি।তইও আমাৰ দৰে বাইক এখন ল।একেলগে ফুৰিম। আমাৰো বেয়া লাগে নহয় এনেকৈ এৰি ফুৰিব।কথাটো ভাবি চাবি।লগৰবোৰৰ কথাত সি ব্যতিগ্ৰস্থ হৈ পৰিল।সি যিমান পাৰে বেয়া সংগ এৰি থাকিব বিচাৰে কিন্তু তাৰ দৰে যে একে বন্ধু বিচাৰি নাপায়, সমাজখন বেলেগ বেলেগ। সেয়েহে তেনেদৰেই মিলি থাকে।সি ভাবিলে সঁচাকৈয়ে বাইক এখন খুজিব নেকি?নাই নাই কৰ পৰা দিব তাক কিন্তু সমাজৰ লগৰবোৰে তাক অৱহেলা কৰে। ভনীয়েক দুজনীৰে সতে তাৰ পাঁচ জনীয়া পৰিয়াল।বাগানৰ টকাকেইতাই কোনোমতে জোৰেহে। নাই নাই সি কেতিয়াও ঘৰত দাবী নকৰে। নালাগে বাইক।এশ এবুৰি চিন্তাই আগুৰি ধৰিলে দ্ধীপক। তাৰ চিন্তাত স্থিৰ বিশ্বাসৰ অটল গাম্ভীৰ্য্য।গভীৰৰ পৰা গভীৰতালৈ চিন্তাবোৰে গতি কৰিলে।কিমানদিন এনেকৈ আৰু কিমান দিন..... হঠাৎ তাৰ ভাৱনাক সাৰ পোৱাই কোনোবাই চিঞৰি উঠিল গ'ল গ'ল,ডুবিল...তাক চুলিকোচাত ধৰ।চক্ খাই সি বাহিৰলৈ দৌৰি গ'ল।বাহিৰ বুলিবলৈনো কি আছে দৰ্জাৰ মুখলৈ।এখন দীঘলীয়া স্কুলঘৰ।ৰংজুলিখন পানীৰে বোৱাই পেলোৱাত সকলো ৰাইজক ইতিমধ্যে ৰঙীয়াৰ ওখ অঞ্চলটোলৈ অনা হৈছে।
            এনেকৈয়ে সি শুব খোজে কিন্তু শুব নিদিয়ে তাক বাস্তৱে।চকুৰে মনিব নোৱাৰাকৈ চাৰিওফালে পানীয়েই পানী ।ইমান গভীৰ পানী কিয় ইমান অটল।জীৱনটো এনেকৈয়ে পাৰ হ'ব নেকি?আস কথাবোৰ ভাবি দ্বীপৰ গাটো বেয়া লাগি গ'ল। কিমান সপোন আছে তাৰ, পৰিয়ালৰ,সমাজৰ , দেশৰ।এহ্ কিয় ইমানকৈ চিন্তা কৰিছো অ।নাই নাই চব ঠিক হ'ব।এক গভীৰ প্ৰত্যাশাত দ্ধীপ ৰৈ থাকিল।

আগলৈ•••

🖋️পংখী মৰাণ,তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)