ধাৰাবাহিক ৰহস্য গল্প ক'লা-গোলাপ-০১

Rinku Rajowar
0
(অৱসৰ প্ৰাপ্ত শিক্ষক শ্ৰীভৰত ৰাজখোৱা অসমৰ প্ৰখ্যাত এগৰাকী প্ৰবীণ ৰহস্য সাহিত্যিক আৰু প্ৰবন্ধকাৰ । এসময়ৰ বহুল প্ৰচাৰিত আলোচনী ক্ৰমে 'বিস্ময়' আৰু 'ৰহস্য'ৰ তেখেত এগৰাকী নিয়মীয়া লেখক । লগতে বিভিন্ন বাতৰি কাকত আৰু আলোচনীত তেখেতৰ বহু মূল্যবান প্ৰবন্ধ প্ৰকাশ হয় । 'অইল শিক্ষা ৰত্ন বঁটা'ৰে বিভূষিত তেখেত এজন কৃতি শিক্ষক । ইতিমধ্যে তেখেতক বিভিন্ন ঠাইত, বিভিন্ন অনুষ্ঠানে অসংখ্য বঁটাৰে সন্মানিত কৰিছে । 'অসমীয়া সাহিত্যৰ চানেকি'ত তেখেতৰ এয়া প্ৰথম পদাৰ্পন । আশাকৰো পঢ়ুৱৈ সমাজে তেখেতৰ লিখনি পঢ়ি সুখী হ'ব আৰু তেখেতক উদ্গনি যোগাব ।)

অনুভব কৰিছিলো  মোৰ বিছনাৰ  দুই  কাষত  কোনোবা  ঠিয়হৈ  আছিল ।মোৰ  কাষত  দুটা  ছায়া মূৰ্তিৰ  উপষ্ঠিতি     মই  গম  পাইছিলো ।তেতিয়ালৈকে  মোৰ  চেতনা  আছিল  । কিন্তু লাহে লাহে  মই  অচেতন হবলৈ  আৰম্ভ  কৰিছিলো  । মোৰ চকুৰ  মনিৰ  অপাৰেচন হৈছিল ।
     ডাক্তৰৰ হাতৰ যন্ত্ৰ পাতিৰ শব্দ, নিজৰ ভিতৰতে মৃদু ভাবে কথা  পতাৰ  শব্দ  , মোৰ মুখৰ ওপৰলৈ হাওলি পৰা এই সকলোবোৰ মই অনুভব কৰিব পাৰিছিলো  ।এবছৰৰ আগতে এদিন হঠাত্ মোৰ চকুৰ দৃষ্টি হেৰাই গৈছিল ।যোৱা এটা বছৰে মই হৈ আছিলো  অন্ধ  ।
     তিনি বছৰ মান আগৰ পৰাই মোৰ চকুৰ অসুখ আৰম্ভ  হৈছিল ।প্ৰথমে যন্ত্ৰণা  আৰম্ভ হৈছিল এটা চকুত  ।পাছলৈ দুইটা চকুতে ।লাহে লাহে চকুৰ দৃষ্টি কমি আহিছিল ।
     এদিন ৰাতিপুৱা শুই উঠি দেখিলো মোৰ সন্মুখত ৰাশি ৰাশি আন্ধাৰ ।বহু চেষ্টা কৰিও, কেইবা বাৰো মোহাৰিও, পানী মাৰিও একো দেখা নাপালো  ।  
     সেইদিনা কিন্তু মোৰ চকুত কোনো যন্ত্ৰণা নাছিল । কোনো ধৰণৰ বিষো  অনুভব হোৱা নাছিল ।  আনকি যি পত্নীক দেখিলেই মোৰ ঘৃণাৰ জন্ম হৈছিল  ,সেই পত্নীক ও দেখা পোৱা নাছিলো । অসহায় হৈ বহু সময়লৈকে  সেই দিনা  মই  বিছনাত পৰি থাকিলো  । আৰু এটা সময়ত মই উপলব্ধি কৰিলো যে মই  অন্ধ হৈ গলো  ।
     মই খুব ভয় খালো  । ভয়ৰ প্ৰথম কাৰণ মোৰ চাকৰিটো নাথাকিব , তেতিয়া কেনেকৈ খাম  ?পাছৰ কাৰণটো আৰু গভীৰ । মোৰ গল্প লিখাৰ ৰাপ এটা আছিল  । সেইটো আৰু নহব  । আৰু মোৰ দৃষ্টি হীনতাৰ সুযোগ লৈ মোৰ কুৎসিত পত্নীয়ে যদি তাইৰ দৰেই কুৎসিত কাৰোবাৰ লগত কিবা কুৎসিত সম্বন্ধ. . . . . . . . . ।কথাবোৰ ভাবি মই ঘামিছিলো ।
     ডাক্তৰৰ ওচৰলৈ খুব অহাযোৱা  কৰিলো  । ডাক্তৰে চেক আপ কৰি মন্তব্য  কৰিলে, বোলে মোৰ দুইটা চকুৰ মনি সম্পূৰ্ণৰূপে নষ্ট হৈছে  ।মই  আৰু 
জীৱনত কেতিয়াও  ধুনীয়া  পৃথিৱী খন  দেখা নাপাম ।  ডাক্তৰে বহুত কথা কলে । অন্ধ হোৱাৰ বিভিন্ন কাৰণ সম্পৰ্কে কলে  আৰু  অবশেষত  নিজকে এটা সম্পূৰ্ণ  অন্ধ মানুহ বুলি মানি লৈ তাহানি টাউনত ঘূৰি ফুৰা ৰুপাই  অন্ধলৈ মনত পেলাই ঘৰলৈ উভটিলো  ।
     আৰু  এটা বছৰ পাৰ হৈ  গল ।
                                          আগলৈ----

🖋️ভৰত ৰাজখোৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)