স্বাধীনতাৰ দোহাই দি খোজবোৰ গৈ থাকে
উশাহৰ স্বাধীনতা
কথাৰ স্বাধীনতা
জীৱনৰ স্বাধীনতা
যদি স্বাধীনতাই মোক দিছে উশাহৰ নামত
জুইৰ লেলিহান
পিয়াহৰ স্বাধীনতাই যদি পান কৰে হলাহল
ভোকৰ উচ্চাৰণত যদি উভতি আহে
স্বাধীনতাৰ নামত বাকৰুদ্ধ প্ৰতিভেদীৰ তীব্ৰ বাণ
জীয়াই থকাৰ স্বাধীনতাই যদি সাবটে
অধিকাৰৰ নামত মৃত্যুক
তেনে ব্যৰ্থ স্বাধীনতাৰ প্ৰশংসাত
পঞ্চমুখৰ গান গাই
মোৰ তেজৰ স্বাধীনতাক অপমৃত্যু হ'বলৈ নিদিওঁ
মোৰ কাম্য স্বাধীনতাই নিঃশেষ কৰক
দেশ আৰু মাটিৰ বুকুত সৃষ্ট
পৰাধীনতাৰ শিকলিক ।
📝দীপাৱলী কুৰ্মি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ