এজাক বৰষুণৰ অপেক্ষাত-১৬

©Admin
0

অকলে আহিছ" নেকি আৰু এওঁলোক?
বৰ্ষা______ এইয়া মোৰ লগৰ হয়। 
আমাক সকলোকে চিনাকি কৰাই দিলে বৰ্ষাই।
_______ আহা চোন তোমালোক ভিতৰলৈ আহা।
মামীয়েকে আমাক সকলোকে ভিতৰলৈ মাতি লৈ গৈছে।
_______ এতিয়া ক" ইয়ালৈ অহাৰ সিদ্ধান্তটো তই কিয় ল'লি পতককৈ।
বৰ্ষাৰ মোমায়েকৰ তাইক কথা বোৰ সুধিলত তাই সকলো কথা কৈ গ'ল। সকলোৱে শুনি কান্দি গৈছে। মুঠতে ঘৰ খনত কান্দোনৰ ৰোল উঠিছে। প্ৰান্তিক দা আৰু স্বাগত দাৰো চকু দুটা সেমেকি উঠিছে। বৰ্ষাৰ মোমায়েকৰ ভীষণ খং উঠিছে তাইৰ মাকৰ ওপৰত কিন্তু এতিয়া একো কৰিব নোৱাৰে। তাইক ইয়াতে থাকিবলৈ কৈছে।কিবা হ'লে সেইয়া মোমায়েকৰ দায়িত্ব।
_______ হ'ব এতিয়া তোমালোকে কান্দি নাথাকিবা। যোৱা হাত মুখ বোৰ ধুই আহা মই খোৱাৰ যোগাৰ কৰোগৈ। বৰ্ষাৰ মামীয়েকে কলে।
তেনেতে মোৰ লৈ ফোন এটা আহিল।মই অলপ আঁতৰত গৈ ফোন টো ৰিছিভ কৰিলো। Unknown number
_______ hello,,,, কোনে কৈছে?
_______ অ জীয়া হয় নে ?
_______ হয় আপুনি কোন?
_______ মই বৰ্ষাৰ মাক।
অ' শেষ। ভয় লাগিছে। মোৰ নম্বৰটো ক'ত পালে। আৰু মাত টো মই বুজি নাপালোঁ নে ।
________ কি হ'ল মনে মনে আছা যে?
________ অ খুৰী কওঁক।।নহয় মানে নম্বৰ টো অচিনাকি পাইছো যে সেইকাৰণে।
_______ বৰ্ষা কত?
ইমান দমত সুধিছে।
_______ কিয় বৰ্ষা ঘৰত নাই নেকি মইটো নাজানো।
________ তুমি নাজানা তাই তোমাৰ লগত হে বেছি কৈ কথা পাতে। ৰাতি পোৱা ফোন কৰা পাছতে তাই ভিতৰত সোমাই আছিল আৰু মই অলপ আগত বিচাৰি গলো তাই নাই। গোটেই খন বিছাৰিলো ক'তো নাই। ক'ত গৈছে তাই তোমাক অন্ততঃ কৈ যাব।
________ নাই নাই মইতো গম নাপাওঁ আৰু মোক তাই এই বিষয়ে একো কোৱা নাই।।।ক'ৰবাত আছে চাগৈ বিচাৰক চোন।
মই অলপ আচৰিত হৈ দেখুৱালো।
________ নাই তাইৰ ফোন টো অফ হৈ আছে। মই আৰু অলপ দেৰি চাওঁ বিচাৰিলে কিন্তু পুলিচক খবৰ দিম।তেতিয়া তাইৰ লগত আৰু কোন কোন আছে সব ওলাই যাব।
কথাটো মোকেই কলে indirectly ।
ভয় ভয় লাগিছে মোৰ।
______ ওম
______ নহলে তাই কোনোবা ল'ৰা লৈ পলাই গ"ল? গম পাবলৈ হ'লে পাব দুয়োটাই।

ছি: নিজৰ জীয়েকৰ ওপৰতে ইমান সন্দেহ।
"কাৰ লগত কথা পাতি আছা" প্ৰান্তিক দাই ক"লে।
_______ বৰ্ষাৰ মাক । মনে মনে ক'লো।
তেওঁ মনে মনে থাকিলে।
"হব দিয়া জীয়া মই তোমালৈ আকৌ ফোন কৰিম।"
 বৰ্ষাৰ মাকে কথাটো কৈ ফোন টো কাটি দিলে।
______ উফ,,,,,
প্ৰান্তিক______ কোৱা কি হ"ল?
______ বৰ্ষাৰ মাকে ফোন কৰি যি টি কৈছে। পুলিচত দিম কৈছে কি হব?
প্ৰান্তিক______ হেই একো নহয় চাবা পুলিচে মাকক হে উল্টাই গালি দিব পাছত।
_______ ওম আৰু যে তাইক ইমান সন্দেহ কৰে। পলাই যোৱা কথা কৈছে।নিজৰ ছোৱালী জনী ঘৰত নাই । অলপো যে বেয়া লগা নাই।।
প্ৰান্তিক______ হ'ব তুমি তাইক আকৌ এইবোৰ কথা নক'বা।নহলে আকৌ তাইৰ চিন্তা হ'ব.।
_____ ওম আৰু আপুনি ইয়াত পালেহি যে?
প্ৰান্তিক______ তুমি উঠি আহিলা যে সেইখিনিৰ পৰা মই ভাবিছিলো এনেকুৱা কিবাই হ'ব সেইকাৰণে।
_______ কিন্তু মই এটা কথা ভাবি পোৱা নাই মাকে মোৰ ফোন নম্বৰ টো কত পালে। বৰ্ষাইটো ফোন লৈ আহিছে।
প্ৰান্তিক_______ হ'ব বাদ দিয়া।ব'লা।

ভিতৰলৈ গলো। চাহ খাবলৈ দিছে ।সকলোকে।
বৰ্ষা______ কলৈ গৈছিলি?
______ মায়ে ফোন কৰিছিল।
মিছা কৈ ক'লো।
ডাঙৰ দাইনিং টেবুল এখনত আটাইখিনিয়ে খাবলৈ লৈছো। মই বৰ্ষা আৰু বৰ্ষাৰ আইতাক একেলগে। সন্মুখত প্ৰান্তিক দা স্বাগত দা আৰু বৰ্ষাৰ মোমায়েক।
খাই থকাৰ মাজতে আইতাকে কৈছে," তোমালোক সঁচাকৈ বৰ ভাল ল'ৰা ছোৱালী দেই।ইমান খিনি সাহস কেনেকৈ কৰিব পাৰিছা? ছোৱালী জনীৰ জীৱনটো বচালা তোমালোকে।নহলে সেই যখিনীজনীয়ে ছোৱালীজনীক শেষ কৰি পেলালেহেঁতেন।
বৰ্ষাৰ মাকক যখিনী বুলি ক'লে।গম পাইছো কিমান দিনৰ পৰা এওঁলোকে ক্ষোভ পুহি ৰাখিছে। বহুত বেয়া পাই বৰ্ষাৰ মাকক।
_______ বোপাহঁত। তোমালোকৰ ঘৰত কোন কোন আছে। বৰ মৰম লগা ল'ৰা দেই। প্ৰান্তিক দা আৰু স্বাগত দাই লাজ লাজ কৈ কৈছে। বহুত হাঁহি উঠিছে মোৰ । দুইৰে ইমান লাজ কেতিয়াও দেখা নাই।
স্বাগত দাৰটো মুখেৰে কথাই নোলোৱা হ'ল। মাজে মাজে মোলৈ চাই আকৌ এবাৰ লাজ লাজ কৈ বৰ্ষা লৈ। প্ৰান্তিক দাই কৈ গৈছে এফালৰ পৰা ঘৰত কোন কোন আছে। মইয়ো আজিলৈকে জনা নাছিলোঁ তেওঁৰ ঘৰত কোন কোন আছে।ভালেই হল এই সুযোগতে জানি ল'লো। ঘৰত তেওঁ আৰু মাক দেউতাক। ঘৰৰ একমাত্ৰ ল'ৰা মানে।  মিচিক মাচাককৈ হাঁহি আছো মই।তেওঁ লক্ষ্য কৰি আছে গম পাইছো পাছত দিব মোক ভালকৈ। স্বাগত দাৰ ঘৰত স্বাগত দা মাক আৰু এজনী ভনীয়েক আছে। দেউতাক নাই। কথাটো কওঁতে স্বাগত দাই দীঘল হুমুনিয়াহ এটা কাঢ়ি কৈছে। দুখ লাগিছে হয়টো।
_______ অ আমাৰ বৰ্ষাৰ লগৰে হ'বা ন' তোমালোক?
_______ নহয় আইতা। বুঢ়া হ'ল। আমাতকৈ ডাঙৰ।
মই এনেই জোকাই চালো।
প্ৰান্তিক দাই ঘূপাকৈ চাইছে।
_______ অ' তেতিয়া হ'লে ছোৱালী চাইছা নেকি ক'ৰবাত। কৈ দিবা আকৌ দেই আগতে। মই যাম বুঢ়া বয়সত দুপাক মান নাচি আহিম গৈ।
আইতাৰ লগতে বৰ্ষা আৰু মই দুয়ো জনীয়ে হাঁহি দিলো।
দুয়োটাই বহুত লাজ পাইছে। লাজতে তলমুৱাকৈ আছে। মই আৰু অলপ উচতিয়াই দিলো।
_______ স্বাগত দা আইতাই কিবা এটা সুধিছে । কোৱা আকৌ। ডাঙৰৰ কথা অমান্য কৰিব নাপাই নহয়। মই তেনেকৈ কোৱা দেখি প্ৰান্তিক দাই ভৰি টোৱে দি মোক খুত মাৰি দিলে।চকুলৈ চালো কিবা এটা চকুৰ প্ৰচাৰত কৈ আছে। মানে মোক দিব পাছত।
বৰ্ষাই তেওঁলোকে গম নোপোৱা কৈ আৰু অলপ ক'বলৈ কৈছে। মই আকৌ এবাৰ ক'বলৈ লওঁতেই স্বাগত দাই কলে নাই আইতা সেইবোৰ নাই ভবা এতিয়াই। বহুত দায়িত্ব আছে আগত সেইখিনি কৰি লওঁ।ভন্টি এজনীও আছে তাইৰ পঢ়া শুনা আছেই। "ঠিকেই আছে ল'ৰা মানুহ বহুত দায়িত্ব আছে তোমালোকৰ" ইমান দেৰি মনে মনে বহি থকা মামাই কলে,,, আমি অলপ গহীন হৈ দিলো। তেওঁৰ কথা টোত হাঁহি থাকিলে বেয়া হ'ব কাৰণে। বৰ্ষা ও গহীন হৈ দিলে। 
_____প্ৰান্তিক দা কোৱা আকৌ তুমি।
মই সুধিলো।
প্ৰান্তিক______ হা,,,,,,অ' নাই মইয়ো ভবা নাই এতিয়া লৈকে।
হাঁহি উঠি গ'ল মোৰ।ইমান একটিং কৰি দেখুৱাইছে। যেনিবা তেওঁ একোৱেই নাজানে।
_________ অ' মই আকৌ তোমালোকক এনেই হে সুধিছো দেই বেয়া নাপাবা। 
আইতাই ক'লে
স্বাগত_______ নাই বেয়া কিয় পাম।
আইতা_______ মোৰ কিন্তু আমাৰ জীয়া জনীক বৰ মৰম লাগিছে দেই।একেবাৰে সৰু ছোৱালীৰ নিচিনা। আমাৰ ঘৰতে ৰাখি থলো হেঁতেন।
"অ আইতা ৰাখি থওক।ঘৰত বৰ উৎপাত কৰি থাকে" মোক তেনেকৈ কোৱা কাৰণে প্ৰান্তিক দাই বৰ ভাল পালে সেইকাৰণে পতককৈ কৈছে।
মই মুখ খন বেকা কৰি দিলো।

আগলৈ,,,,

📝পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)