গান্ধী দৰ্শন

১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ  পোৰবন্দৰত জন্ম লাভ কৰা মহামানৱ মহাত্মা গান্ধীৰ মূল মন্ত্ৰ আছিল সত্য,অহিংসা।তেওঁৰ দৰ্শন ৰ মূল মন্ত্ৰ আছিল কৰ্মই ধৰ্ম।কৰ্ম ধৰ্মত বিশ্বাসী গান্ধীজীৰ স্বাধীনতা আন্দোলনৰ মূল মন্ত্ৰ আছিল এক ভাৰতীয়ৰ মনোভাৱ।ভাৰতৰ গাঁও,নগৰ-চহৰত তেওঁ এই মানৱতাৰ ভাৱ জগাই তুলি সকলোৰে মনত ঠাই লৈছিল।অধিবক্তা তথা ৰাজনীতিবিদ হিচাপে মহাত্মা গান্ধীৰ  পৰিচয় কোনো ভাৰতীয়ৰ মাজত নাছিল তেওঁৰ পৰিচয় আছিল এজন মানৱদৰদী সাধাৰণ লোক।সহজ-সৰল মনৰ গান্ধীজীৰ মানৱতাবাদৰ অহিংসাৰ নীতিৰে ভাৰতীয়ৰ মন-প্ৰাণ  মোহিত কৰিছিল।প্ৰেমৰ বাণীৰে সকলো ভাৰতীয়ৰ মনত স্বৰাজৰ মনোভাৱ জগাই তুলিছিল।তেওঁৰ আহ্বানত সকলো ভাৰতীয় এক হৈ স্বাধীনতা আন্দোলনত অংশ লবলৈ আগবাঢ়ি আহিছিল।
         গান্ধীজীয়ে ব্ৰিটিছক ঘৃণা কৰা নাছিল,ঘৃণা কৰিছিল ব্ৰিটিছৰ ভাৰত বিৰোধী কাৰ্যক।তেওঁ ব্ৰিটিছক হিংসাৰে নহয় প্ৰেমভাৱেৰে সকলো বুজাইছিল।তেওঁৰ যুদ্ধৰ মূল অস্ত্ৰ আছিল প্ৰেম,সত্য আৰু অহিংসা।প্ৰেম, সত্য আৰু অহিংসাৰ মাজেৰে তেওঁ ব্ৰিটিছক এনেদৰে আঘাত কৰিছিল যে ব্ৰিটিছৰ গুলী-বাৰুদৰ আঘাত তাতকৈ বহুত কম।গান্ধীজীৰ অহিংসাৰ অস্ত্ৰ পাতৰ প্ৰেমৰ ঢালৰ আগত ব্ৰিটিছৰ কূটনৈতিক অস্ত্ৰবোৰ অসহায় হৈ পৰিছিল আৰু হাৰ মানি স্বাধীনতা প্ৰদান কৰিবলৈ বাধ্য হৈছিল।
          গান্ধীজীৰ সপোনৰ ভাৰতবৰ্ষৰ বাস্তৱ ৰূপ দেখিবলৈ নাপাওঁতেই ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে গুলিয়াই হত্যা কৰে ।
        এইজনা মহান মনীষীৰ লগতে আন বহুজন শ্বাহীদৰ কেঁচা তেজৰ বলিদানৰ বিনিময়ত আজিৰ ভাৰতীয়ই ৭৪ তম স্বাধীনতা দিৱস পালন কৰিবলৈ সক্ষম হৈছে।এনে এটা মহান দিৱসত প্ৰতিজন স্বাধীনতা সংগ্ৰামী বীৰ যোদ্ধালৈ মোৰ সহস্ৰ প্রণাম তথা শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি যাছিলোঁ।


📝প্ৰিয়ংকা গায়ন
ছাত্ৰী,জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়
সমাজতত্ব বিভাগ
শিৱসাগৰ। 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send