এজাক বৰষুণৰ অপেক্ষাত-২৪

Rinku Rajowar
0
বৰ্ষাক লগ পালো।
বৰ্ষা________ ক"ত আছিলি ইমান দেৰি?ঘৰ  চিনি পোৱা হলে মই তোৰলৈ ৰৈয়ে নাথাকিলো হেঁতেন।অকলে গুচি গ'লো হেঁতেন।
তাইৰ খং উঠিছে। বহুত দেৰি ৰৈ থাকিব লগীয়া হল কাৰণে।
_______ হব দে তোক পাছত কম সব। ব"ল এতিয়া বস্তু দুটা মান লবলৈ আছে।তাৰ পাছত ঘৰলৈ যাম্।খং কৰি থাকিব নালাগে এতিয়া।
দুই জনীয়ে সৰু সুৰা বস্তু কেইটামান ল"লো। প্ৰান্তিক দাই দিয়া কেক টোৰ আধা আছিলেই তাৰ পাছতো আকৌ কেক এটা ল"লো।মাক আনিম বুলি কৈ থৈছিলো কাৰণে। প্ৰান্তিক দাই  দিয়া টো কাটি থোৱা আছে কাৰণে মায়ে গম পাই যাবও পাৰে। বজাৰ কৰি ঘৰলৈ যাব লৈছো। 
প্ৰায় ৩০ মিনিট মানৰ পাছত ঘৰ পালো গৈ। ঘৰ সোমাইছো হে মায়ে বৰ্ষাৰ লগত কথা পাতিবলৈ লাগি গ"ল। তাইও কাপোৰজোৰ সলায়েই মাৰ কামত সহায় কৰি দিবলৈ লাগি গ"ল। মুঠতে মাৰ লাচনি- পাচনি।মইও হাত মুখ কেইটা ধুই মাৰ হঁতৰ ওচৰলৈকে গ"লো।দুই জনী পোৰা কামত ব্যস্ত।
_______ আজি মানে মই ক"ৰবাতে থাকিলো । মায়ে বৰ্ষাক পাই মোক পাহৰিয়েই গ'ল। আৰু বৰ্ষা তই ঘৰত কিমান কৰিছ" ইয়াত আহি যে কাম কৰিবলৈ লাহি গ"লি।
বৰ্ষা______ এ হব চোন দে মাক অলপ সহায় কৰি দিছোঁ।তাতে নো কি ডাঙৰ কথা টো হ"ল।সদাই কৰিব নাপাওঁ নহয় ন" মা।
মায়ে মিচিক মাচাককৈ হাঁহি আছে তাইৰ কথা শুনি। মইও একো নক"লো।
বৰ্ষাই মোৰ  মাক মা বুলি মাতিছে । ভালো লাগিছে।দুই জনীয়ে যিটি কথা পাতি আছে। বৰ্ষাও কম ৰচকি নহয়।মাৰ কথাত কথা শলাগী শলাগী মুখ খন বন্ধই হোৱা নাই। মই ৰূমলৈ আহি তাইৰ বেগৰ পৰা কাপোৰ বোৰ উলিয়াই দিছোঁ। কলেজ খোলা লৈকে তাই আমাৰ ঘৰতে থাকিব। সেইকাৰণে কাপোৰ টোপোলা বান্ধি আনিছে পাগলী জনীয়ে। প্ৰান্তিক দাই দিয়া কেক খিনি লুকুৱাই থৈছোঁ।ৰাতি খাই শেষ কৰিব লাগিব নহলে মায়ে দেখিলে মৰিলো আৰু। 
সন্ধিয়া ৬ মান বজিছে। ওচৰৰ লগৰ কেইটামান আহি পাইছেহি। বৰ্ষাই আগেভাগে কেক আনি টেবুলত সজাই থৈছে হি। মানুহ বোৰ অহা দেখি তাই মা দেউতাক মাতি আনিছে।তেনেতে তাইক লগৰ খিনিৰ লগত চিনাকি কৰাই দিছো। এদিনতে সবৰে লগত তাই যেনেকৈ কথা পাতি ছে যেনিবা তাই আগতেও লগ পাইছে। মই ভাবিয়ে পোৱা নাই কেনেকৈ ইমান সোনকালে তাই সকলোৰে লগত ইমান সহজ সৰল হৈ যায়। কেক কাটিলো।প্ৰথমতে মা দেউতাক কেক খোৱালো। ইফালে বৰ্ষা ফটো তোলাত মগ্ন। মা দেউতাৰ পাছতে তাইক কেক খুৱালো। তাইৰ চকু কেইটা চল চলিয়া হৈ গ"ল। তথাপিও তাই আমাক দেখুৱাই হাঁহিটো মুখত উলিয়াই ৰাখিছে। কিমান দিন যে তাই এনেকুৱা এটা পৰিবেশ,,,এনেকুৱা অলপ মৰমৰ পৰা বঞ্চিত হৈ আছিল।আজি সেইকাৰণে চকুপানী ওলাইছে তাইৰ। মায়ে সকলোকে খাবলৈ দিব লৈছে। আমি সব বহিলো। কিন্তু বৰ্ষা মাৰ পাছে পাছে।
________ অই তই যে আজি আহিয়েই ইমান উৰি ফুৰিছ" মোৰ birthday নহয় যেনিবা বিয়া হে পাতিছো। বেছি কাম কৰি দেখুৱাব নালাগে আহ খাবলৈ বহহি।
তাইক দম এটা দিলো। দম নিদিলে নহলে এইজনি এনেকৈয়ে থাকিব।
বৰ্ষা______ ৰ" চোন মায়ে নো অকলে সকলো কাম কেনেকৈ কৰিব। আৰু তোৰ বিয়া পাতিলে মইতো একমাহৰ আগতে আহিম।
তাইৰ কথাত সবে হাঁহি দিলে মোৰো হাঁহি উঠি গ"ল।
________ দেখিছ" জীউ তই মাক কাম এটাও কৰি নিদিৱ আৰু তাই আজি আহিয়েই কেনেকৈ ঘৰৰ নিচিনাকৈ কাম কৰিছে।
দেউতাই ক"লে।
________ অ এতিয়া হৈ গল আৰু বৰ্ষাৰ কথা কৈ কৈ মোক গালি দি থাকিবলৈ। বৰ্ষা তই ইয়াত একেবাৰে থাকি ল" তোক তেতিয়া সবে মৰম কৰিব। Huh।
বৰ্ষা_____ অ হব তই এতিয়া কাজিয়া কৰি থাকিব নালাগে ।
সকলোকে দিয়া পাছত তাইয়ো মোৰ ওচৰতে বহি ললেহি। আটাইকেইটাই খাবলৈ ধৰিলো।
"দেউতা মাংস টো কেনেকুৱা হৈছে" খাই থকাৰ মাজতে বৰ্ষাই ক"লে।
______ ভাল ভাল তুমি বনাইছা নেকি?
দেউতাই একেবাৰে শলাগীয়েই পেলালে।
বৰ্ষা____ অ মই বনাইছো।
______ aw আহিয়েই মাংস বনালা। বৰ ধুনীয়া বনাইছা দেই।
বৰ্ষা ফুৰ্টিত কব নোৱাৰা হৈ গৈছে।
_______ বহুত বেয়া হৈছে।
তাইক খং উঠবলৈ মই মনে মনে ক"লো।
বৰ্ষা_____ huh।।। তাই ধেমালি কৰিছো বুলি জানিলে।
 খাই হৈ গল।সকলো ঘৰা-ঘৰি গৈছে। বৰ্ষা মই ৰুমলৈ আহিলো। ফোন টো চাইছো প্ৰান্তিক দাৰ কেইবাটাও মেচেজ। দিনত লগ পোৱাৰ পাছত আৰু তেওঁৰ লগত কথা পতাই হোৱা নাই। মেচেজ কেইটাৰ reply দি ল"লো। বহুত দেৰি হল reply কৰা নাই।কিবা কৰি আছে ভাবি ফোন টো ওচৰতে থৈ দিছোঁ। বৰ্ষা ফোন চাই চাই শুই আছে।
_______ অই তোক কথা এটা কোৱাই নাই নহয়।
বৰ্ষা______ কি কথা ক"
প্ৰান্তিক দাক লগ কৰা কথা বোৰ তাইক ক'লো। তাই কথা বোৰ শুনি শুনি পাছত ক"লে
"মই জানো নহয় তই লগ কৰিলি বুলি" আৰু ঘৰলৈ নামাতিলি নেকি?
______ কেনেকৈ গম পালি তই?
______ ঘৰলৈ মাতিছিলো প্ৰান্তিক দা আহিব নোৱাৰো বুলি ক"লে আৰু প্ৰান্তিক দা নাহিলে স্বাগত দা নাহে তই জানই।
বৰ্ষা______ ওম।
______ ক" লগ কৰিলো বুলি কেনেকৈ গম পালি।
বৰ্ষা______ তোৰ চুলিত কেক লাগি আছিল আহোঁতে মই দেখিয়ে গম পালো।আৰু যি হে দেৰি কৰিলি তই মই আৰু জানিব বাকী নাই তই কত আছিলি।
_______ অ মোৰ জান জনী। ইমান মোৰ কথা জান" তই। স্বাগত দা নহা  কাৰণে বেয়া লাগিছে নেকি?
তাইক জুকালো অলপ।
বৰ্ষা______ পাগল নেকি মোৰ আকৌ কিয় বেয়া লাগিব।
খং উঠি গল তাইৰ।তেনেকৈ তাইক জোকাই থাকিলো । পতককৈ কেক টোলৈ মনত পৰি গ"ল। বেয়া হৈ যাব। প্ৰান্তিক দাই ইমান মৰমত দিছে পেলাবও মন যোৱা নাই। এফালে মায়ে দেখিব বুলিও ভয়।সেইকাৰণে এতিয়াই যেনে তেনে খাই শেষ কৰি দিও ভাবি বৰ্ষাক ক'লো।
_______ অই কেক অলপ আছে খাই দিও আহ।
তাই একেজাপে উঠিছে। 
বৰ্ষা______ পাগল হ'লি নেকি ?এতিয়া কেক খাবলৈ আহিছ" তাকো ভাত খোৱা পাছত। মই নোৱাৰো দেই। তই খাই থাক।
______ একো নহয় আহ না খাই দিওঁ।কেনেকৈ  নো পেলাওঁ তাইয়ে ক' চোন। আৰু মই মানে ভাত অলপ সেইকাৰণে কম কৈ খাইছিলো।
বৰ্ষা______ অ নিজে ভাত কম কৈ খাই এতিয়া কেক খাব পাৰিবি আৰু মোক ভাত খুৱাই এতিয়া কেক খাবলৈ দি মাৰিবলৈ বিচাৰিছ"। নাখাওঁ মই।
তাইক বহুত জোৰ কৰিলো। শেষত যেনিবা তাই কেক খাবলৈ মান্তি হ"ল।তিনি পিচ মান খাই এই জনী এতিয়া কব নোৱাৰা হৈ আছে। বহুত হাঁহি উঠিছে তাইৰ ৰূপ টো দেখি।  শুই দিলে আৰু খাব নোৱাৰো কৈ। মইও বেছি খাব নোৱাৰিলো। তেনেকুৱা তে প্ৰান্তিক দাই মেচেজ কৰিলে।

আগলৈ••••

🖋️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)