বৰষুণৰ ৰাগী-০২

Rinku Rajowar
0
লাহে লাহে গাড়ী আগবাঢ়ে ৷ চালকৰ আসনত থকা মানুহজনে মাজতে মাত লগাই:-
🧑: ইমান দেৰীকৈ আপুনি ক’ৰ পৰা আহি আছিল ? তাতে ইমান বৰষুণ ৷
ভাৱত বিভোৰ তাই কি ক’লে ভালকৈ শুনিয়ে  নাপালে ৷
তাই শুধিলে:-
👩: কিবা কৈছিল আপুনি ?
🧑: হয়, আপুনি ক’ৰ পৰা আহি আছে ইমান  বৰষুণত ?
👩: মই  আৰ কে মালটিপ্লেক্সত কাম কৰোঁ৷ আজি আহোতে অলপ দেৰীয়ে হ’ল৷

তাইৰ কথাত মানুহজনে শলাগিলে আৰু ক’লে:-
🧑: ইমান বৰষুণত ঘৰৰ কাৰোবাক মাতি দিব লাগিছিল নিবলৈ ৷ এনেকৈ অকলে অহাতো বৰ ভাল নহয় ৷ আজিকালি পৰিস্থিতি বৰ বেয়া ৷ ক’ত কি হৈ যায় একো ঠিক নাই ৷

তাই আৰু কথা আগনবঢ়াই মনে মনে ৰ’ল ৷

মনে মনে মানুহজনক নিৰীক্ষণ কৰিলে ৷ বয়স প্ৰায় ৩৫ মান হ’ব..পিন্ধনত আকাশী ৰঙৰ ফৰ্মেল চাৰ্ট-পেণ্ট, পৰিপাটিকৈ দাড়ী চুলি কটা,মুখত কিছু গাম্ভীৰ্যতা ৷
মানুহজন কেনেকুৱা হ’ব তাই সঠিক অনুমান কৰিব নোৱাৰিলে ৷
যিমানে সময় আগবাঢ়ে তাইৰ মনটো দুৰু দুৰু কপিব ধৰিলে ৷ নিজান ৰাস্তা, ডাঙৰ বৰষুণ ; তাইৰ ক্ৰাইম চিৰিজৰ নায়িকা জনীলৈ মনত পৰি যায় ৷ ক্ৰাইম চিৰিজৰ কাহিনীৰ কথা ভাবি থাকোতে  কেতিয়ানো তাই নমা ঠাই পালেহি গমেই নাপালে ৷ মানুহজনে মাত লগালতহে তাই চালে এয়াচোন তাই নামিব লগীয়া ঠাই খিনি পালেহি ৷ তেতিয়ালৈ বৰষুণো বহুতখিনি কমিছিল ৷
মানুহজনক ধন্যবাদ জনাই লাহেকৈ দৰ্জাখন খুলি তাই নামি আহিল ৷ তাইক নমাই মানুহজন গ’লগৈ ৷ অলপ সময় গাড়ীখনৰ ফালে তাই চাই ৰ’ল ৷ কি কি যে ভাবি আহিছিল তাই ৷ তেনেকুৱা একো নহ’ল  ৰক্ষা ৷
চেহঃ মানুহজনৰ বিষয়ে একো সোধাই নহ’লচোন তাইৰ ৷ এশ এবুৰি চিন্তাৰ মাজত মানুহজনৰ নামটোও সোধা ন’হল ৷ নিজৰ ওপৰতে খং উঠিল অলপ ৷ যিয়ে নহওক মানুহজনৰ নামটোও সুধিব নাপাইনে তাই ৷ কি যে ভাবিছে ছাগে তাইৰ বিষয়ে ৷ কিনো ছোৱালী বুলিব এইজনী ৷ আকৌ বা লগ পোৱা হয়নে নহয় মানুহজনক !

🖋️দশমী শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)