মহাভাৰতৰ পৰা (অনুভৱ)

Rinku Rajowar
0
সদায় মহাভাৰতৰ অৰ্জুন আৰু কৰ্ণ এই দুয়োটা চৰিত্ৰৰ মাজত মতবিৰোধ হৈ আছে ৷ কোনো কোনো মতে অৰ্জুন শ্ৰেষ্ঠ, কোনো কোনোৰ  মতে কৰ্ণ শ্ৰেষ্ঠ-
     কৰ্ণ আৰু অৰ্জুন দুয়ো মহাৰথী আছিল ৷ দুয়োগৰাকী যুদ্ধা আছিল ৷ 
     অৰ্জুনে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্নুধ্বৰ হম বুলি অস্ত্ৰশিক্ষা লোৱা নাছিল ৷ যদিওবা গুৰু দোৰ্ণাচায্যই অৰ্জুনকে শ্ৰেষ্ঠ ধ্বৰ্নুধ্বৰ সজাম বুলি প্ৰতিজ্ঞা কৰিছিল তথাপিও অৰ্জুনে গুৰুৰ সেই আশাকে ধীয়াই লৈ অস্ত্ৰশিক্ষাৰ বাবে চেষ্টা নকৰাকৈ থকা নাছিল ৷ অৰ্জুনে কেৱল ধৰ্ম ৰক্ষাৰ,ৰাজ্য ৰক্ষাৰ  বাবেই কুৰুশিশুৰ লগত অস্ত্ৰশিক্ষা গ্ৰহণ কৰিছিল ৷
     গুৰু দোৰ্ণই সূতপুত্ৰ বাবে কৰ্ণক অস্ত্ৰজ্ঞান নকৰাটোকেই কৰ্ণই নিজৰ প্ৰথম উদ্দেশ্য হিচাপে ৰাখিছিল ৷ কৰ্ণইও জানিছিল যে গুৰু দোৰ্ণই অৰ্জুনক শ্ৰেষ্ঠ ধৰ্নুধ্বৰ বনাবলৈ এয়া চল কৰিছে ৷ গতিকে কৰ্ণই যিকোনো প্ৰতিদানত সূত্ৰপুত্ৰই অস্ত্ৰজ্ঞান লৱ পাৰে আৰু শ্ৰেষ্ঠধৰ্নুধ্বৰ হ'ব পাৰে তাক প্ৰমাণ কৰাত ব্যস্ত হৈ পৰিছিল ৷
     কৰ্ণই আজীৱন দুৰ্যোধন অধৰ্মী বুলি জানিও অধৰ্মৰ কাষত থিয় দি হাতৰ পুতলা হিচাপে নিজৰ শিক্ষা ব্যৱহাৰ কৰিলে ৷ কৰ্ণই প্ৰকৃততে না আত্মৰক্ষাৰ বাবে,কুৰু ৰাজ্য ৰক্ষাৰ বাবে যুদ্ধ কৰিছিল, কৰ্ণই পাৰ্থহত্যাৰ বাবে যুদ্ধ কৰিছিল ৷
     কৰ্ণ মহাদানী,প্ৰতাপী,মহাযুদ্ধা নিশ্চিতৰূপে, কিন্তু কোনোদিনে শ্ৰেষ্ঠ ধৰ্নুধ্বৰ নহয় ৷ যি সদায় আনৰ পচন্দৰ মতেই নিজ শিক্ষাক ব্যৱহাৰ কৰিলে সেইজন শ্ৰেষ্ঠ হ'ব নোৱাৰে ৷  অন্যহাতে অৰ্জুন যদিও মহাশক্তিধৰ আছিল, তথাপিও নিজ গুৰুৰ প্ৰৰোচনাৰে আৰ্জিত এক শ্ৰেষ্ঠ ধৰ্নুধ্বাৰী নামৰ হে গৰাকী হৈছিল ( লাগিলে তাত অৰ্জুনৰ ভুল থাককেই বা নাথাকক)  ৷ প্ৰৰোচনাৰে আৰ্জিত উপাধি কেতিয়াও সফল হ'ব নোৱাৰে ৷
      অন্তিমতে আহিল এই প্ৰৰোচনা ৷ এই প্ৰৰোচনাই আছিল নিষাদতনয় একলৱ্য ৷ মহাৰথী কৰ্ণই গুৰু পৰশুৰাম,  মহাৰথী ধনঞ্জয়ে গুৰু দোৰ্ণৰ পৰা প্ৰত্যক্ষভাৱে উপস্থিত থাকিহে অস্ত্ৰজ্ঞান লৈছিল ৷ কিন্তু মনত ৰখা উচিত যে একলব্যই গুৰুৰ প্ৰতিমূৰ্ত্তি সাজি হে পৰোক্ষভাৱে অস্ত্ৰজ্ঞান লৈছিল ৷ গুৰু দোৰ্ণই জানিছিল তেতিয়াই যে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্নুধ্বৰ না কৰ্ণ হ'ব না অৰ্জুন হ'ব,  শ্ৰেষ্ঠ ধৰ্নুধ্বৰ এই একলৱ্য হ'ব ৷ সেইবাবেই গুৰু দোৰ্ণই প্ৰৰোচনা কৰি সোঁ হস্তৰ বুঢ়া আঙুলিক গুৰু দক্ষিণা হিচাপে বিচাৰিল ৷ তৎসত্বেও একলব্যই বুঢ়া আঙুলিহীন ভাৱে কুৰুক্ষেত্ৰ মহাসমৰত হাতে ধনুধৰি পাণ্ডৱৰ বিৰুদ্ধে অস্ত্ৰ ধৰিছিল ৷
     ওপৰত উল্লেখিত সকলোবোৰ কেৱল মাত্ৰ মোৰ  ব্যক্তিগত মতহে ৷ মোৰ শব্দবোৰৰ জড়িয়তে তিলমাত্ৰও কাৰোবাৰ সত্বাক অপমান কৰাৰ উদ্দেশ্য নাই ৷

🖋️দিব্যজ্যোতি ৰাজখোৱা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)