সেইয়াই নহয় পাৰিজাত ফুলক ধৰ্মীয় অনুষ্ঠানতো ব্যৱহাৰ কৰা দেখা যায় ৷
আগতে কোৱা হৈছে যে পাৰিজাত ফুল বগা ৰঙৰ আৰু সৰু সৰু পাহি থকা ৷ ফুলৰ মাজ অংশত অৰ্থাৎ কেন্দ্ৰত কমলা ৰঙৰ ৷
পাৰিজাত গছৰ আয়ুস ১ হাজাৰৰ পৰা ১৫ হাজাৰ , সেইকাৰণে এইবিধ গছক বিজ্ঞানে adosonia বৰ্গত ৰাখিছে ৷ পাৰিজাত ফুল আৰু পাত উভয়ৰে ঔষধি গুণ আছে ৷
বিশেষকৈ আমাৰ দৃষ্টি শক্তি বঢ়োৱা আৰু চকুযুৰি সুস্থ কৰি ৰাখিবলৈ পাৰিজাত উপযোগী ৷ পাৰিজাত ভোক বঢ়োৱাৰ লগতে পাচনতন্ত্ৰও সুস্থ কৰি ৰখাত আৰু পেটৰ অন্তৰালৰ সকলো বিকাৰৰো উপশম ঘটােৱাত সহায় কৰে ৷ পাৰিজাতে কাঁহ , চৰ্দি আদিতো ঔষধ হিচাপে কাম কৰে ৷
যদি আপোনাৰ কাহ হৈছে তেতিয়া পাৰিজাত গছৰ ছালৰ ৫০০ গ্ৰামৰ বড়ী বনাই ৰাতিপুৱা সন্ধিয়া গাখীৰৰ লগত সেৱন কৰিলে আপুনি কাঁহৰ পৰা ৰক্ষা পাব এসপ্তাহৰ ভিতৰতে ৷
যিসকলে লোকৰ নাকৰপৰা তেজ ওলাই থাকে তেওঁলোকে পাৰিজাতৰ শিপা মুখত ভৰাই চোবাই থাকিলে নাকৰ তেজ ওলোৱা অতি শীঘ্ৰে বন্ধ হয় ৷ কেচুমূৰীয়া আৰু পিত্ত ৰোগত আক্ৰান্ত ল'ৰা আৰু বয়স্কসকলে পাৰিজাতৰ পাতৰ ৰস উলিয়াই চেনিৰ সৈতে মিহলি কৰি পুৱা একো নোখোৱাৰ আগতে ৫ মিলিগ্ৰামকৈ খালে এই দুৰ্দান্ত ৰোগৰ পৰা হাত সাৰিব পৰা যায় ৷আন কিছু সংখ্যক লোক য়ুৰীণ বা বাৰে বাৰে প্ৰসাৱ হোৱা ৰোগত গ্ৰস্থ হোৱা দেখা যায় এই ৰোগত আক্ৰান্ত ৰোগীয়ে পাৰিজাত ফুল , পাত , শিপা আদিৰ ৰস উলিয়াই ১০- ১৫ গ্ৰামকৈ নিতৌ সেৱন কৰিলে এনেধৰণৰ আমনিদায়ক ৰোগৰপৰা মুক্তি লাভ কৰিব পৰা যায় ৷
আমাৰ শৰীৰত বিভিন্ন ধৰণৰ কটা ছিঙা , ঘা আদি হোৱাতো সামান্য কথা ৷ যদিহে কোনোবাই মাৰাত্মক ঘা , ফোহা আদিত ভোগী আছে তেন্তে সেইসকল লোকে পাৰিজাত বীজক সিজাই পিহি প্ৰলেপ বনাই ঘা , ফোহা আদিত লগালে সোনকালে উপশম হয় ৷ আৰু ডায়েবেটিছ ৰোগীসকলে নিতৌ পাৰিজাত পাতৰ ৰস উলিয়াই ১০- ৩০ মিলিগ্ৰামকৈ সেৱন কৰিলে ডায়েবেটিছ নৰ্মেল হয় ৷
গতিকে পাৰিজাত গছৰ আৰু বহুতো ঔষধি গুণ আছে ৷ পাৰিজাত গছ পৰাপক্ষত আমাৰ ঘৰ চোতালত ৰোপণ কৰিব লাগে কাৰণ পাৰিজাত এবিধ পৱিত্ৰ আৰু ঔষধি গুণ থকা এক দুৰ্লভ গছ ৷
🖋️দুুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ