সৰল অনুভৱ নিৰ্ভীক বাণীঃ

©Admin
0
জীৱনত আশংকা থাকেই ,,,তাৰ মাজতেই জীৱনৰ জয় যাত্ৰা অব্যাহত ৰখাই ডাঙৰ চেলেঞ্জ ,,,,, শুভ হওঁক ,,,

চেষ্টা কৰি যোৱা ভাল মানুহ হোৱাৰ যোখাৰে ।মহান আদৰ্শক শিৰোগত কৰি আগবঢ়া 
জীৱন পথ সহজ হৈ পৰিব ,,, সমস্যাৰ সতে সংগ্ৰাম কৰিবলৈ সামৰ্থ মিলিব…।

সময় যে সকলোৰে বাবে সমানকৈ নিৰন্তৰ গতি কৰিয়ে আছে মাথোঁ আমাৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে কি কৰ্ম কৰি জীৱনত পোৱা সময় কণ অতিবাহিত কৰিছো,,,,… সময়েও তোমাক সেইখিনি ওভতাই দিয়ে যিখিনি সময়ৰ সতে চলি আপুনি,মই সঞ্চয় কৰিছোঁ………ইয়াত সময়ৰ কি দোষ,।সময়তো নিৰৱধি ধাৰা ,,,,…

যদি তোমাক লাগে তেন্তে তুমি বিচাৰি চোৱা।দিয়া নিদিয়া সন্মুখৰ জনৰ কথা মাথোঁ বিচাৰি যাওঁতে মন কৰিবা তেওঁ দিলেওঁ তুমি যাতে সময় মতেহে ওভতাই দিব পাৰা ।

মানুহে মুখৰ কথা নষ্ট কৰে কাৰণে মিছলীয়া, বিশ্বাসঘাতক তথা আনৰ অপ্ৰিয় হয়।কথাতে কটা যায় কথাতে বটা পায় কথাষাৰ মনত ৰখাই নহয় বঁটা পাবলৈ সক্ষম হোৱা কথাকে যাতে কোৱা তাৰ বাবে নিৰন্তৰ অভ্যাস বা চৰ্চা কৰা উচিত।

আজি তুমি কাৰোবাক ঠগিলে সময়তযে সিওঁ তোমাক ঠগিব সেয়া নিশ্চিত যিহেতু অৱজ্ঞাত কোনোৱে সন্তুষ্ট নহয়।

জীৱনত ধন-সম্পদ-সম্পত্তি অৰ্জন কৰাটো ডাঙৰ কথা নহয় ।এই বোৰতো যিকোনো উপায়ে উপাৰ্জন কৰিব পাৰি কিন্তু ইয়াৰ সদ্ব্যৱহাৰহে আচল কথা।

📝যতীন্দ্ৰ নাথ কৃষ্ণদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)