অনাকাংশিত বেদনা (অণুগল্প)

©Admin
0
জপনাখন খুলিবলৈ উষাৰ মন আৰু দেহৰ শক্তি
দুয়োটাই যেন আজি হেৰাই গৈছে।তাই খালি মোনাখন
গিৰিয়েকৰ হাতৰ পৰা লৈ কাকো মাত নিদিয়াকৈ
ভিতৰলৈ সোমাই গ'ল।আজি তাই ক্লান্ত পথিক।স্বামীৰ কাষত আজি যেন তাইহে অপৰাধী এনে লাগিল। অটোচালকক পইচা কেইটা দি উষাৰ স্বামী পোনচাটেই উষাৰ কাষ পালেগৈ।শান্তনা দিবলৈ একো ভাষা বিচাৰি নাপালে।কাণত কেৱল বাজি থাকিল দুৱাৰ খিৰিকীত কোনোবাই খুন্দিওৱাৰ লগতে উচ্চ স্বৰত হুলস্থূলৰ শব্দ ।চকুত ভাহি থাকিল হস্পিতালৰ চৌহদত মিডিয়াৰ মানুহ আৰু মানুহৰ কথোকথন ডাক্তৰৰ গাত দোষ। 

🖍️কানন বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)