যোৱা সংখ্যাৰ পিছৰ পৰা..
এই দৰেই বগেজাৰী গীতৰ সৃষ্টি হয় |
স্বভাৱতে ৰাভা মানুহ অল্পভাষী , মৃদু স্বভাৱৰ | মদ তেওঁলোকৰ প্রিয় পানীয় | কোনো পৰব আদিত নাইবা সাধাৰণ অৱস্থাত যেতিয়া তেওঁলোকে মদ পান কৰে , তেতিয়া তেওঁলোকৰ তামচা স্ফুৰ্তি বাঢ়ে | গীত গায় , নাচে | তেতিয়া তেওঁলোকৰ মুখেৰে ভিন্ ভিন্ ভাৱৰ ভিন্ ভিন্ ঠাচৰ বগেজাৰী গীত লানি নিচিগাকৈ আহি থাকে |
পাতি ৰাভা সকলৰ মাজত বৰ্ত্তমানে ৰাভা ভাষা নাই | অসমীয়া ভাষাকে সকলো ক্ষেত্ৰতে ব্যৱহাৰ কৰে | নিজৰ সুবিধা অনুসৰি পোনপটীয়া ভাৱে ব্যৱহাৰ কৰাৰ ফলত শব্দৰ ৰূপগত সালসলনি হয় খাওঁ--খাং , নাযাওঁ-- নাযাং , দিলো-- দিলুং , বুলিলো-- বুলিলুং , নকৰো-- নকৰং , থৈছো-- থৈচুং , প্রভৃতি শব্দ ব্যৱহাৰ কৰে | বগেজাৰী গীতৰ ভাষাও অসমীয়া |
বগেজাৰী গীত বিভিন্ন প্রকাৰৰ | সাধাৰণ মতা তিৰোতাৰ হাঁহি -- খিকিন্দালি, যৌৱনৰ উন্মাদনাত মদমত্ত যুৱক--যুৱতীৰ উশৃংল জীৱন কাহিনী , প্রেমিক প্রেমিকাৰ গোপন --অভিষাৰ আৰু মাক-বাপেক আদি অভিভাৱকৰ অবাধ্যকতা , অসহায় , নিঠৰুৱা জীৱনৰ দুৰ্যোগ , আবেগ , অনুভুতি আদিৰ নিখুঁত বৰ্ণনা এইগীতবোৰত বিৰাজমান | সকলো গীততে ব্যক্তিগত , সমাজ জীৱনৰ অভিজ্ঞতা আৰু স্বীকাৰ উক্তি পোনপটীয়া ভাৱে সহজ-- সৰল ভাষাত প্রকাশ হোৱা দেখা যায় |
গীতসমূহ পৰিবেশ সাপেক্ষে অৰ্থপূৰ্ণ | ইতিকং কৰা বা খিচাগীত , দৰদী গীতৰ ঠাঁচ বেলেগ | দৰা কইনাক গা ধুৱাবৰ কাৰণে পানী তোলোঁতেও এই গীত গোৱা হয় | সাধাৰণতে বগেজাৰী নৃত্য-গীত তিৰোতাৰহে | তিৰোতাই ভিন্ ভিন্ পৰিবেশত এই গীত গাই নাচে | আজিকালি হানাঘোঁৰা নচুওৱাৰ সময়ত আৰু অন্য পৰিবেশতো পুৰুষসকলেও বগেজাৰী গীত গাই নাচে |
ধনৰ দুখীয়া লোকে নিঠৰুৱা অৱস্থাত পৰিলে গাই....
ৰুচিয়া কঠাল মুচিয়া
ওলাল চকু পানী
আমি দুখীয়া |
আগলৈ
📝হেমেন হাজৰিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ