মনৰ কথা প্ৰকাশ-খণ্ড০২

Rinku Rajowar
0
মই জীৱনত বহুত সপোন দেখিছো।কিন্তু তাৰে  কিছুমান সপোন মই বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছো আৰু কিছুমান সপোন সপোন হৈয়েই আছে।
মোৰ জীৱনত আটাইতকৈ ডাঙৰ সপোন আছিল এজন ভাল সু-গায়ক বা এজন ভাল পুলিচ অফিচাৰ হোৱাৰ।সেই সপোন বোৰ আজি পৰ্যন্ত সফল কৰিব নোৱাৰিলো।মোক লৈ মোৰ দেউতাই সপোন দেখিছিলে এজন ভাল নাট্যকাৰ হোৱাৰ।দেউতাৰ সপোন মই পূৰ্ণ কৰিলো দুখন মোৰ স্বৰচিত নাটক লিখি।কিন্তু মোৰ ভাগ্য ইমানেই বেয়া যে নাটক কেইখন প্ৰৰ্দশন কৰাৰ আগতেই দেউতাই এই মায়াৰ সংসাৰৰ পৰা বিদায় মেলানি মাগিলে।মাজে মাজে কবিতা আৰু গানো লিখিবলৈ লিখো।কিন্তু লিখিলেইতো নহ'ব প্ৰকাশো কৰিব পাৰিব লাগিব।দুঃখীত মই সেইবোৰ মুঠেও প্ৰকাশ কৰিব পৰা নাই।মই এটা কথা ভাল দৰে বুজি পাওঁ যে আজি-কালি পৃথিৱীত জীয়াই থাকিবলৈ,কিবা এটা কৰিবলৈ বা কৰিম বুলি ভাবিলেও টকা পইচা নহ'লে একো কৰিব নোৱাৰি।আজি-কালি টকাৰ বলত সকলো কামেই কৰিব পাৰি।টকা থাকিলে মান-সন্মান কিনিবলৈও বা বেছিবলৈও মানুহে অলপো কুণ্ঠাবোধ নকৰে।টকা ন'হলে সকলো মিছা।

🖋️দ্বীপ দীপাংকৰ লাহন
      বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)