এজাক বৰষুণৰ অপেক্ষাত-২২

Rinku Rajowar
0
______ ৰাতি নুশুলে নেকি মিষ্টাৰ প্ৰান্তিক শৰ্মা?
মেচেজটো দি ৰৈ আছো অলপ দেৰি। তেওঁৰ ৰিপ্লাই নাই। শুই উঠাই নাই বুলি ভাবি মই ফোনটো তাতে থৈ বাহিৰলৈ ওলাই গ'লো। মাৰ লগত ইটো সিটো কৰি আছো। 
_______ মা টাউন যাব লাগিব নহয় আজি।
চল চাই মাক টাউন যাবলৈ দিয়ে নে নাই সুধি ল'লো।
_______ টাউন আকৌ কিয় যাব লাগে? মায়ে ক'লে
______ কিয় বৰ্ষাক আনিবলৈ যাব লাগিব নহয় তাইটো চিনি নাপাই আৰু কেক আনিব নাযাম নেকি?
_______ কেক আকৌ কোনে আনিবলৈ দিলে?
________ কিয় কেক নাকাটিম নেকি? 
_____ থ' বুঢ়ী হ'লি এতিয়া কেক কাটিব নালাগে।
______ হ'ব নাযাওঁৱেই ক'তো।ঘৰতে সোমাই থাকিম।
অলপ কান্দি দিয়া নিচিনা কৰি গুচি আহিলো।
_____ হ'ব হ'ব যাবি। আনিবি কেক এটা।
অলপ পাছতে মায়ে ক'লে। ভালেই পালো মই।
 গাটো ধুই থাপনাত চাকি এগছি জ্বলাই ৰুমলৈ আহিছো তেনেকুৱাতে প্ৰান্তিক দাৰ মেচেজ আহিছে।
মই ফোন টোকে লগালোঁ।
প্ৰান্তিক_____ হেল্ল"
______ হেল্ল মিষ্টাৰ প্ৰান্তিক শৰ্মা। ৰাতি ক'ত গৈছিল?
প্ৰান্তিক_____ ক'ত মইতো বিছনাতে আছিলো।
______ হ'ব ফাঁকি নিদিব।কিয় মানে এইবোৰ কৰিব লাগে আপুনি?
প্ৰান্তিক_____ কি কৈ আছা অ' কি কৰিলো মই?
____ কি কৰিলো মানে? গেটৰ মুখত ফুল খিনি কোনে দি থৈ গৈছিল ?
প্ৰান্তিক_____ অ সেইটো। এনেই দিলো আৰু ।ৰাতিপুৱা সোনকালে উঠিলো সেইকাৰণে ভাবিলো তোমাক দি থৈ আহোগৈ। ৰাতিপুৱা ফুৰাও হব তোমাৰ কামটোও হ'ব।
তেওঁ কথাকেইটা একেবাৰে সহজ ভাৱে কৈছে।
_______ কাম নাই আৰু। কিয় দিব লাগে ।নিদিয়া হ'লেও হয়।
প্ৰান্তিক_____ হ'ব যোৱা পেলাই দিয়া গৈ। হুহ্ ইমানকৈ কৈ থাকিব নালাগে।
খং খাই আহিল।
______ আইও,,,, খঙে উঠিল নে ? হ'ব আৰু নকওঁ বাৰু বেছি।
______ কি কৰিছে এতিয়া। মেচেজ কৰা গম নাপাই নেকি?
প্ৰান্তিক______ ফুৰি আহি ইমান টোপনি ধৰিলে আকৌ শুই থাকিলো। এতিয়া সাৰ পাইছোহে।
______ তাৰ মানে আপুনি উঠাই নাই?
প্ৰান্তিক_____ উহো , কি কৰিছা এতিয়া?
_____ গা ধুই আহি আপোনাৰ লগত কথা পাতি আছো।
প্ৰান্তিক______ আউ বহুত ফাষ্ট দেখোন।
______ আপোনাৰ নিচিনা নহয় নহয় কুম্ভকৰ্ণ। 
প্ৰান্তিক_____ হ'ব।
_____ নহ'ব। টাউন কেতিয়া আহিব কওক। মই যামেই এতিয়া।
প্ৰান্তিক_____ মোৰ বেছি দেৰি নালাগে ।সোনকালে হ'ব।  ফোন কৰিম মই।
_____ ঠিক আছে হ'ব এতিয়া।মই ওলাই লওঁ।
প্ৰান্তিক______ অ'কে। আৰু শুনা?
_____ উম
প্ৰান্তিক_____ চুলি মেলি আহিবা।
মোৰ হাঁহি উঠি গ'ল অলপ কৈ।
______ বাৰু
প্ৰান্তিক_____ উম বাই।
বৰ্ষা লৈ ফোন এটা কৰি সুধি ল'লো।কিমান সময়ত আহিব তাই। ১১.৩০ মানত টাউন পামগৈ কৈছে। মই অলপ সোনকালেই যাব লাগিব।ইয়াৰ পৰা টাউন পোৱা আকৌ কেক লবলৈ আছেই।

১০ মান বাজিবৰ  হৈছে। মোৰ ওলাই হৈছে। চুলি মেলি অশান্তি পাওঁ যদিও তেওঁ কোৱাৰ বাবে চুলিখিনি মেলিয়েই লৈছোঁ। লগত গুলপীয়া কুৰ্তা এটা আৰু বগা পেণ্ট। বেছি একো লগোৱা নাই চকুত অলপ কাজল আৰু ওঁঠত পাতলকৈ অকণমান লিপষ্টিক। কাণত সৰু ফুলি এযোৰ। হৈ গ'ল।
মায়ে ভাত খাবলৈ মাতিছে। দেউতাও ৰৈ আছে। তিনিওটাই বহি ভাত খাইছো। ভাত খাই হৈ যোৱাৰ পাছত মায়ে কিবা বস্তু আনিবলৈ মোক হিচাপ দিছে। তেনেকুৱাতে প্ৰান্তিক দাই মেচেজ কৰিছে।
_____ হ'ল নাই মই পালোগৈ।
______ হৈছে গৈছো।
আন দিনাৰ দৰে আজিও লাজ লাজ কৈ গাড়ীত বহিছো। 
প্ৰান্তিক______ ধুনীয়া লাগিছে।
প্ৰথমতেই তেওঁ কৈ পেলালে।
_____ উম
তললৈ চাই হাঁহি দিলো। তেৱোঁ হাঁহি দিলে।
গৈ আছো।
বৰ্ষাক লগ পোৱাৰ আগত ক'ত ক'ত কি কি বস্তু লম তেওঁক কৈ গ'লো। তেওঁ শুনি আছে, কিন্তু মুখেৰে একো নাই মতা। 
টাউন পাবগৈ হৈছো। তেনেকুৱাতে তেওঁ মেইন টাউনৰ সেইটো ৰাস্তাৰে নগৈ বেলেগ এটা ৰাস্তাৰে যাব লৈছে।
মই আচৰিত হৈ গ'লো।
_____ কোন ফালে যায় আকৌ?
একো নাই কোৱা মুখেৰে।
_____ কি হ'ল মই কিবা এটা সুধি আছো। একো কোৱা নাই যে আপুনি?
প্ৰান্তিক______ কিডনেপ্ কৰিম তোমাক আজি।
_______ বেছি নকৰিব। ক'ত যায় কওক। ইফালে সিফালে চাইছো।
ৰাস্তাটো অলপ চিনাকি চিনাকি লাগিছে। অলপ পাছত গম পালো এদিন এই ফালে আমি চাৰিটা আহিছিলো। প্ৰান্তিক দাই বেলেগ এটা ৰাস্তাই দি আনিলে কাৰণে অলপ খেলি মেলি লাগি গ'ল।  আমি ফুৰিবলৈ অহা ঠাইখিনি পোৱাত তেওঁ গাড়ী খন ৰখাই নিজে আগত নামি দিলে। মই গাড়ীৰ ভিতৰতে। তেওঁ ঘূৰি আহি মই বহি থকা গাড়ীৰ দৰ্জাখনৰ ওচৰতে হাতখন ভেজা দি ৰ'লহি।
প্ৰান্তিক______ মিছ জীয়া বৰুৱা ভয় খালা? মুখৰ ৰং উৰি গ'ল একেবাৰে। হাঁহি হাঁহি কথাবোৰ কৈ আছে। মই নাই মতা একো আগলৈ চাই গাড়ীৰ ভিতৰতে বহি আছো।
প্ৰান্তিক______ আউ। হ'ল আৰু এতিয়া।কোনোবাই মোক ভালকৈ বেয়া পালে যেন পাওঁ। নামাতেই একেবাৰে। ইমান কিয় ছিৰিয়াছ হ'লা। মই বাৰু তোমাক ক'লৈ লৈ যাম অ'।মোৰ ওপৰত সেইকণো বিশ্বাস নাই নে?
শুনি আছো নাই মতা।
প্ৰান্তিক_____ হব ছ'ৰি এইয়া চোৱা কাণত ধৰিছো। আজিৰ পৰা এনেকুৱা নকৰোঁ বাৰু। প্ৰমিছ।
তেঁও লৈ ঘূৰি চালো।
______ ভয় খোৱা কথা নহয়। নোকোৱাকৈ লৈ আনিছে। ক'বটো পাৰে। বহুত খং উঠিছে মোৰ।
প্ৰান্তিক_____ ক'ত খং উঠিছে? নাকত নে? উম হয় নাকতে উঠিছে মই গম পাইছো। সেইকাৰণে নাকটো ফুলি গৈছে।
______ আপুনি মানে কৈছোঁ নহয়.....?
প্ৰান্তিক______ চাওঁ নাকটো চুই চাওঁ খংটো কমিল নে? 
কথাটো কৈয়ে কেনেকৈ নো নাকটো চুই দিলে ধৰিবই নোৱাৰিলো।
প্ৰান্তিক______ উম অলপ অলপ কমিছে দেই।
হাঁহি হাঁহি একেবাৰে ক'ব নোৱাৰা হৈ গৈছে।
_______ উফ্ কিনো কৰি আছে বাৰু। 
খঙো উঠিছে, হাঁহিও উঠিছে।
প্ৰান্তিক_____ হ'ব এতিয়া বকিয়ে থাকিবা নে? গাড়ীৰ পৰা নামিবা মহাৰাণী?
_____ নামিছো।হুহ্
প্ৰান্তিক____ৰবা মহাৰাণী মইয়ে খুলি দিছো দৰ্জাখন। 
_____ নালাগে মই পাৰিম।

আগলৈ,,

🖋️পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)