সময়হীন জীৱন

Rinku Rajowar
0

সোণামুৱা তই আলসুৱা পোণা
      Ran Riyan তোৰ নাম,
জীৱীকাৰ দুহাই দেশান্তৰ হলি
        উভতাৰ নললি নাম।
লণ্ডণ আমেৰিকা জাপান পেৰিচ
      ক'তে বা কি ক'ৰ কাম,
মা-দেউতাৰ অনন্তকাল নামিছে
      ঘনাই লয় তোৰ নাম।
আতুৰ অনামিকাৰ বেলি লহিয়ালে
       অটল অবুজন বেথা,
টিলিঙা মন্দিৰত গৈ দুয়ো এ
     দুয়োকে দি থৈছে হিয়া।
আজিও সোৱৰো ৰাসৰ বতৰত
       ভীমৰ দিছিলি ভাওঁ,
দুশাসনৰ তই ৰক্তপ্ৰাণ কৰ
     অপাৰ আনন্দ পাওঁ।
জনকৰ জীয়ৰী জানকিৰ দৰে
      উপজাৰ ইতিহাস নাই,
ধৰালৈ তোৰ আগমণ ঘটিল
       মা' ৰাৰ বিলৈ নাই।
মা'ৰাই নিজানত নিৰৱে উচুপে
    পোণা মোৰ আহিব ঘূৰি,
দেউতাৰ কথা ক'বই নালাগে
     কি বা থাকে ভাবি গুনি।
বৰ মানুহ হোৱাৰ বলীয়া বাসনা
        আকাশ চুবৰ মণ,
মা-দেউতাৰ আশিস অবিহনে
       অশাৰ হয় সকলো প্ৰণ।

ৰণ জ্যোতি নাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)