সাধাৰণ জ্ঞান

Rinku Rajowar
0
 ১।ধুতী সচৰাচৰ দুহাত বহল। সেয়ে হিন্দীত ইয়াক কোৱা হয় দোহাতী। ইয়াৰ পৰা ধুতী হৈছে। চুৰীয়া শব্দটো আহিছে সংস্কৃত "চুৰ" শব্দৰ পৰা, যাৰ অৰ্থ হৈছে লুকুৱাই ৰখা। যি অধোবস্ত্ৰই পুৰুষৰ গুপ্তাংগ লুকুৱাই ৰাখে, সিয়েই চুৰীয়া। 

২। মানুহৰ হাঁচি ঘন্টাত ১০০ কিল'মিটাৰ বেগেৰে আৰু কাঁহ ৬০ কিল'মিটাৰ বেগেৰে আহে। 

৩। আমি দেখা সপোনৰ ৯০ শতাংশই পাহৰি যাওঁ। গড় হিচাপত এজন মানুহে বছৰি ১৪৬০ টা সপোন দেখে। 

৪। আমি দেখা নীলা আকাশ খন আৰু তৰা বা নক্ষত্ৰৰ মাজৰ গড় দূৰত্ব হ'ল প্ৰায় ৩ কোটি কিল'মিটাৰ। 

৫। কপৌ আৰু পাৰ চৰাইক আমি শান্তিৰ দূত বুলি অভিহিত কৰো। কিন্তু আপোনি জানেনে কপৌ চৰাই আৰু পাৰ চৰাইয়ে নিজৰ শত্রুক খুটিয়াই খুটিয়াই হত্যা কৰে। 

৬। গজ, কৰী,গজৰাজ,ঐৰাৱত, হস্তী আদি হ'ল হাতীৰ একো একোটা নাম। পৃথিবীৰ জন্তবিলাকৰ ভিতৰত একমাত্র প্ৰাণী যি জঁপিয়াব নোৱাৰে। 

৭। ভূপেন হাজৰিকাই সকলো সময়তে হেঁপাহেৰপৰিধান কৰা টুপীটো "ভূপেনদা গোৰ্খা টুপী" নামেৰে নামকৰণ সদৌ অসম  গোৰ্খা ছাত্র সন্থাৰ দ্বাৰা হয়। 

৮। চীনত কোৱা হয় লিট্ল মাউছ, জাৰ্মানীত কোৱা হয় স্পাইডাৰ মাংকী আৰু ইটালীত কোৱা হয় স্নেইল।কি বস্তু জানেনে? ই-মেইলত পোৱা '@' 
( উচ্চাৰণ এট্ ) চিহ্নটোৰ নাম।

 সংগ্রহ: সুৰজিৎ শইকীয়া।      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)