শিক্ষণীয় গল্প

©Admin
0
এবাৰ এখন জাহাজ দূর্ঘটনাত পতিত হ'ল। জাহাজৰ এহাল দম্পত্তিৱে এখন লাইফবোট পালে। কিন্তু স্বামীৱে বুজি পালে যে তাত এজনৰ বেছি উঠিব নোৱাৰে। মানুহজনে তেওঁৰ স্ত্ৰীক পিছফালে ঠেলি দি নিজে লাইফবোটত উঠি পৰিলে। ডুবন্ত জাহাজৰ পৰা মহিলাগৰাকীয়ে স্বামীক উদ্দেশ্য কৰি এটাই মাত্ৰ বাক্য চিঞৰি কৈছিল। শিক্ষক জনে অকণমান ৰৈ, চাৰিওফালে লক্ষ্য কৰি ছাত্ৰ সকলৰ প্ৰতিক্ৰিয়া বুজিব বিচাৰিলে, -"তোমালোকৰ কি মনত হয়? কি কৈছিল মহিলা গৰাকীয়ে"? 

-“তুমি এটা স্বাৰ্থপৰ, মই যে কি ন' অন্ধই আছিলোঁ"!  অধিকাংশ ছাত্রই এই ধৰনৰ উত্তৰ দিলে।

শিক্ষকৰ দৃষ্টিগোচৰ হ'ল এজন ছাত্ৰই গোটেই সময় চুপচাপ আছে, তাৰ মতামত জানিব বিচৰাত সি ক'লে- "ছাৰ, মোৰ বিশ্বাস; মহিলাগৰাকীয়ে কৈছিল, আমাৰ সন্তানৰ যত্ন ল'বা আৰু ভালদৰে ৰাখিবা।" 

বিস্মিত হৈ শিক্ষক জনে সুধিলে, -"তুমি এই গল্প আগতে শুনিছা, হয় নে!" 

ল'ৰাজনে গহীন ভাৱে উত্তৰ দিলে, "মোৰ মা' ও অসুখত মৃত্যু হোৱাৰ আগমূহুৰ্তত দেউতাক একেই কথা কৈছিল!" 

শিক্ষক একমত হ'ল, তুমিই ঠিকেই কৈছা।

শিক্ষকে আকৌ ক'বলৈ ধৰিলে, -জাহাজখন ডুবি গ'ল আৰু ঘৰলৈ আহি মানুহজন একমাত্ৰ ছোৱালী জনীক যত্ন সহকাৰে ডাঙৰ দীঘল কৰিবলৈ ধৰিলে। সময়ৰ লগে লগে ছোৱালীজনীও ডাঙৰ হ'ল। 

মানুহজনৰ মৃত্যুৰ ভালে কেইটিমান বছৰ পিছত ছোৱালীজনী দেউতাৰ এখন ডায়েৰী পালে। তাত ছোৱালীজনী আৱিষ্কাৰ কৰিলে, যাত্রাৰ আগতেই মা দুৰাৰোগ্য ৰোগত পৰিছিল, চৰম মূহূর্তত দেউতাই সেইবাবে নিজে বাচিবৰ একমাত্ৰ উপায়ৰ সদব্যবহাৰ কৰিছে। ডায়েৰীত তাইৰ দেউতাই লিখিছে, -"মোৰ ও তোমাৰ লগতেই সাগৰত ডুবি যোৱাৰ ইচ্ছা হৈছিল, কিন্তু কেৱল ছোৱালীজনীৰ কথা ভাৱি তোমাক অকলে সাগৰৰ তলত চিৰদিনৰ বাবে এৰি থৈ আহিব লগা হ'ল!" 
গল্প শেষ হ'ল, ক্লাছ একদম চুপ। শিক্ষকে বুজিলে যে, ছাত্র সকলে গল্পৰ শিক্ষাটো ধৰিব পাৰিছে। 

ভাল আৰু বেয়া, পৃথিৱীৰ সব কিছুৰ আঁৰত অনেক জটিলতা থাকে বা আছে, যিবোৰ সদায় বুজিব পৰা নাযায়। 

*আমি কেতিয়াও কেৱলমাত্ৰ উপৰি উপৰি বা বাহ্যিক ভাৱে দেখিয়েই কোনো সিদ্ধান্তত উপনীত হোৱা উচিত নহয়। অইনক ভালভাবে নুবুজি, নুশুণি, অধ্যয়ন নকৰি কোনো এক সিদ্ধান্তত উপনীত হোৱাটো বুৰ্বকামিৰ বাহিৰে আন একোৱেই নহয়।

*যি সকলে খোৱাৰ বিলখন সদায় নিজে দিব বিচাৰে, তাৰ মানে এইয়া নহয় যে তেওঁৰ টকা বেছি হৈছে, ইয়াৰ কাৰণ হ'ল তেওঁ টকাত কৈ বন্ধুত্বক বৃহৎ আকাৰে দেখে। 

*যি সকলে আগ ভাগতেই কাম কৰি পেলায়, ইয়াৰ অৰ্থ এইয়া নহয় যে তেওঁলোক বুৰ্বক, আচলতে তেওঁলোকৰ  দায়িত্বজ্ঞান আছে।

*যি সকলে কাজীয়া বা বাকবিতন্ডাৰ শেষত সৰ্বপ্ৰথম ক্ষমা খোজে, সেই ভুল ইমান ডাঙৰ নাছিল, বৰঞ্চ তেওঁলোক চাৰিওফালৰ মানুহক মূল্যায়ন কৰে।

*তোমাক যিয়ে প্ৰকৃততে সাহায্য কৰিব বিচাৰে সি তোমাৰ পৰা একোৱেই আশা নকৰে, বৰং এজন প্রকৃত বন্ধু বুলি ভাৱে বা মনত কৰে। 

*কোনোবাই আপোনাক প্ৰায়েই অধ্যয়ন/পাঠ/নিৰীক্ষণ/টেক্সট কৰে, তাৰ মানে এইয়া নহয় যে তেওঁৰ কোনো কাম নাই, আচলতে তেওঁ আপোনাক হৃদয়েৰে ভালপায়। 

*এদিন আমি এজনে আন এজনৰ পৰা বিচ্ছিন্ন হৈ যাম, কিন্তু আমাৰ আচৰণ ও ভালপোৱা বোৰ মানুহৰ হৃদয়ত থাকি যাব। কোনোবাই নহয় কোনোবাই স্মৰণ কৰিব, - “ এইজন হৈছে সেই ব্যক্তি যাৰ লগত আমাৰ জীৱনৰ শ্রেষ্ঠ কিছু সময় কটাইছো।”

সংগৃহীত ও অনুবাদ
আনোৱাৰ এইচ সোনাৰ।
(সংগ্ৰহ পোষ্ট)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)