আমাৰ পদূলিৰ আঁহতজোপাৰ শোক

©Admin
0


দুশ বছৰ ধৰি 


পদূলিমুখত আছিল সুশোভিত

আমাৰ ঘৰখনক 

গ্ৰীষ্মৰ গৰম, ধুমুহা আদিৰপৰা

কৰি ৰাখিছিল সুৰক্ষিত ৷


অহাযোৱা ভাগৰুৱা বাটৰুৱাই

জিৰাইছিল তোমাৰ ছাঁত 

কোনো ভেদাভেদ নাৰাখি 

বিলাইছিলা শীতল বতাহ 

পাই তোমাৰ শীতল বতাহৰ স্পৰ্শ

সতেজ হৈ মনপ্ৰাণ

আনন্দ মুখে পুনৰ কৰিছিল যাত্ৰা

নিজ দিশে ৷


সৰুকালত গ্ৰীষ্ম বন্ধত 

তোমাৰ ছাঁত বহি 

বুঢ়া মেথা লগৰীয়া সৈতে

ক’ত ৰসাল কথা কাহিনী ৷


কিন্তু দুখৰ হে আঁহত 

এজাক ধুমুহাই

 উভালি পেলালে তোমাক

এতিয়া গৰম দিনত

 দিব নোৱাৰা ছাঁ , শীতল বতাহ

কাৰণ তুমি আজি খণ্ড বিখণ্ড ৷


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)