আজি যেন একোটি নতুন সূৰ্য
স্বামী বিবেকানন্দই কোৱাৰ দৰে
প্ৰতিটো আত্মা, আত্মাই কাৰ্যত স্বগীয়
এই যেন ন সুৰুযৰ মূলমন্ত্ৰ
উপনিষদৰ কোৱাৰ কথা
ভাৰত মাতা ভাৰত মাতা সাৰথি কৰি
অগ্ৰসৰ হোৱা থমকি নৰ'বা
এইয়া তোমাৰ নীতি
তোমাৰ জয়েই ভাৰতৰ জয়
তোমাৰ পৰাজয়েই ভাৰতৰ পৰাজয়
মাতৃপূজাত আত্মনিয়োগ কৰা
জননী জন্মভূমি স্বৰ্গাদপিগৰিয়সী
তাক আমৃত্যু স্মৰন কৰা
তোমালোক অমৰ আত্মা
মুক্ত আত্মা তোমালোকেই
বীৰ চিলাৰায় লাচিতে
যে দেখালে কাম
গড় নিমাণ কৰি
একেৰাতি কৰিলে যে দেশৰ কাম
যতেই নহওক কিয়
ভাৰত সন্তানো যে অগ্ৰণী
তাক প্ৰতিপন্ন কৰা
সংগ্ৰামী সওাৰে অগ্ৰসৰ হৈ
পৰমুখা পেক্ষিতাক বিসৰ্জন দিয়া
জীৱন অসফল নহয়।
✍️মাৰলীন মুণ্ডা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ