মিছাৰ প্ৰচণ্ড ধুমুহা

©Admin
0
মিছাৰ প্ৰচণ্ড ধুমুহাই কপায় 
সঁচা গোলাপৰ পাহিবোৰ
উৰুৱাই লৈ যায় সুৱাস খিনি
সত্যৰ কোমল পাহিৰ সৈতে৷
অপসংস্কৃতিৰ খহনীয়াই 
চপৰা চপৰে খহাই সংস্কৃতিৰ পথাৰ
চাকনৈয়াত পৰি ককবকাই ক’ত গায়কৰ বীণ,লিখকৰ কাপ,
শিল্পীৰ তুলি,
কৃষকৰ নাঙলযুঁৱলি,শ্ৰমিকৰ হাতুৰী৷
শোষণৰ দাবানলত পুৰি এঙাৰ হ’ল ক’ত শ্ৰম জীৱিৰ হাড়,সৃষ্টি হ’ল কিমান মন্বন্তৰ কিমান চোমলিয়া!

   📝কানাইলাল দাস
      বঙাইগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)