বৰষুণৰ ৰাগী-০৫

Rinku Rajowar
0

হস্পিতালৰ পৰা আহি নিজৰ ৰুমত সোমাই পৰে  তাই ৷ সেই দিনটোৰ স্মৃতিয়ে আমনি কৰিব ধৰে তাইক ৷ বিচনাত বহি বহি তাৰ নামটো মনতে আওৰাই 'অভিষেক’ ৷ খন্তেকতে সেই অচিনাকি মানুহজন  তাইৰ  বহুদিনৰ চিনাকি যেন লাগিল ৷ ক্লিন চেভ ,গম্ভীৰ মূখখন..তাইলৈ চোৱা চকুজুৰি বহুত আপোন যেন লাগিল তাইৰ ৷ আস; কি মাদকতা..সেই চকুজুৰিত যেন তাই ডুবি যাব ৷ কি হৈছে বাৰু তাইৰ ৷ ইমান আকৰ্ষণ কিয় অনুভৱ কৰিছে তাই ৷ তাক লগ পোৱাৰ আশা ইমানদিনে মনত পুহি ৰাখিছিল ৷ আজি তাক হস্পিতালৰ বিচনাত দেখি সেই আশা আকৌ মৰহি গৈছে ৷ অভিষেকৰ প্ৰতি তাইৰ মনত সৃষ্টি হোৱা অনুৰাগ আধৰুৱা হৈয়ে ৰ’ব নেকি বাৰু; নিজকে প্ৰশ্ন কৰে তাই ৷ কথাবোৰ ভাবোতে ভাবোতে লাহে লাহে অনামী দুখ এটা উজাই আহিল ৷
তাইৰ দুখবোৰ অনুভৱ কৰি যেন পৃথিৱীৰ কোলালৈ  বৰষুণজাকো নামি আহিব বিচাৰিছে ৷ বিজুলী মাৰিছে, বতাহ বলিছে ৷ লাহে লাহে তাই বিচনাৰ পৰা উঠি  বাহিৰলৈ ওলাই আহিল ৷ বৰষুণজাকে যেন তাইৰ অনুৰাগবোৰ জীপাল কৰিব আহিছে ৷ ধৰালৈ নামি আহিছে  বৰষুণৰ অজস্ৰ  টোপাল ৷ তায়ো আগবাঢ়ি যায় ৷ বৰষুণৰ টোপালে তাইৰ গা স্পৰ্শ কৰিলেহি ৷ অভিষেকক আৰু যদি কোনোদিন লগ নাপাইয়ো তেতিয়াও  তাই এই অনুৰাগ জীয়াই  ৰাখিব ৷ বৰষুণৰ স্পৰ্শই জীপাল কৰিব তাইক ৷ তাহাতৰ সেই আধৰুৱা চিনাকিৰ কথা প্ৰকৃতিয়েও  সোৱৰাব তাইক ৷ দুহাত মেলি তাই বৰষুণৰ স্পৰ্শ অনুভৱ কৰিব ল’লে ৷ বৰষুণৰ ৰাগীত তাই মতলীয়া হ’ব ধৰিলে ৷

                    ( সমাপ্ত )


✍️ দশমী শইকীয়া
গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)