তুমি বেয়া নাপাবা দেই

©Admin
0
তুমি মোলৈ নদীৰ পাৰত বহি
পানীৰ ঢৌবোৰ গণি গণি
মোৰলৈ নকৰিবা অপেক্ষা ।

পানীত উঠা ঢৌবোৰে তোমাক 
দি যায় মোৰ শুভ সংবাদ ।

তুমি বহু দেৰিলৈকে
ঢৌবোৰ চাই চাই
আপোন পাহৰা হৈ
কি ভাবি থাকা ? 

নদীৰ পাৰৰ বতাহ জাকিয়ে
তোমাৰ মেঘালী চুলিকোচা
কৰিছে আউলি - বাউলি ।

তোমাৰ হাতৰ বুলনিয়ে মেঘালী চুলিকোচা
সৌন্দৰ্যময়ী কৰি তুলিছে ।

এই বাৰ বিহুত মই 
তোমাৰ কাষলৈ যাব নোৱাৰিম 
মই যে আইৰ সেৱাত আছোঁ
তুমি বেয়া নাপাবা দেই !
সেইয়া মোৰ কাতৰ অনুৰোধ ।

ৰমেন চাংমাই  ( চাচনী )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)