কবিতা

©Admin
0


কিয় বাৰে বাৰে শুধি থাকা
মই প্ৰেমত পৰা নাই বুলি
হেঁপাহৰ চাকনৈয়াত গৈ থাকিম তোমাৰ অচিনাকী হৈ।

হৃদয়ৰ মৌনতাত বিৰাজ 
জোনাক মোৰ প্ৰিয়
পাৰা যদি ধুই দিয়া শেঁতা ৰংবোৰ
তাতে গুজি দিয়া অলপ সেউজীয়া।

দোকমোকালিৰ প্ৰতিটো বালিকণাই নিঁভাজ
আকাশৰ বুকুৰ পৰা মুষলধাৰে 
বৈ অহা এজাক অনুভূতি।

এন্ধাৰ সাগৰত ৰ'দালি হ'ব পাৰিবা
দিব পাৰিবা নাৰীৰ সেই মৰ্যাদা?
যিদিনাই বুজিবা বব প্ৰেমৰ ফল্গুধাৰা।

সৃষ্টিৰ বতাহেও কঁপাব নোৱাৰাকৈ
এইয়া বুকুত এজাৰ ফুলিছে।
                                     
🖌️পংখী মৰাণ
তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)