অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ:এক চমু আলোচনা-০১

Rinku Rajowar
0
অসমীয়া ভাষাত নাসিক্য বা অনুনাসিক উচ্চাৰণ বুজাবলৈ যিবিলাক বৰ্ণৰ নাসিক্য উচ্চাৰণ হয় সেইবিলাক বৰ্ণৰ ওপৰত 'চন্দ্ৰবিন্দু' ( ঁ ) ব্যৱহাৰ কৰা হয় ।

 যিবিলাক বৰ্ণ স্বাভাৱিকতেই নাসিক্য ,সেইবিলাকত কিন্তু চন্দ্ৰবিন্দু  ব্যৱহাৰ কৰিলে বানানটো ভুল বুলি গণ্য কৰা হয় ।
অসমীয়া বৰ্ণমালাৰ প্ৰথম পাঁচটা বৰ্গৰ শেষৰ বৰ্ণকেইটা অনুনাসিক বা নাসিক্য বৰ্ণ ;সেইকেইটা হ'ল -----

১) ক বৰ্গৰ  ঙ
২)চ বৰ্গৰ    ঞ
৩)ট বৰ্গৰ     ণ
৪)ত বৰ্গৰ    ন ,আৰু
৫)প বৰ্গৰ    ম 
অৰ্থাৎ, ঙ ,ঞ ,ণ,ন আৰু ম স্বাভাৱিকতেই নাসিক্য ,গতিকে এইকেইটাৰ ওপৰত চন্দ্ৰবিন্দু (ঁ)কেতিয়াও বহুৱাব নালাগে ।
যেনে ---- মই জানোঁ লিখিলে ভুল হ'ব , মই জানোটোহে শুদ্ধ ।

আকৌ , অনুজ্ঞাবাচক ক্ৰিয়াৰ ওপৰত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিব নালাগে ----যেনে--

আপুনি যাওক  ।
ধৰা হওক 
তেৱেঁই যাওক 
এনেকুৱা ---হওক ,যাওক খাওক,লওক আদি ক্ৰিয়া পদবিলাকৰ ও আখৰটোৰ ওপৰত কেতিয়াও চন্দ্ৰবিন্দু বহুৱাব নালাগে ; কিন্তু বহুত মানুহেই 'ও' আখৰটো দেখিলেই তাৰ ওপৰত চন্দ্ৰবিন্দু বহুওৱাৰ এটা অভ্যাস আছে ----এই অভ্যাস এৰিব লাগে ।
বহুতে আনকি ইংৰাজী Also সূচোৱা 'ও' টোৰ ওপৰতো অভ্যাসবশতঃ চন্দ্ৰবিন্দু বহুওৱা দেখা যায় -----যেনে ;
 ৰামেওঁ দেখিছিল ; তুমিওঁ আহিবা , তোমালোকৰ ঘৰলৈওঁ যাম ,ইত্যাদি ।এইবোৰ ভুল ;ইয়াত 'ও'ৰ ওপৰত চন্দ্ৰবিন্দু নবহে ;যেনেকৈ ---যাওক; ধৰা হওক , লওক খাওক আদি শব্দৰ 'ও'ৰ ওপৰত চন্দ্ৰবিন্দু বহা নাই ।

 এতিয়লৈকে আমি ক'ত চন্দ্ৰবিন্দু নবহে ,সেইটোহে উল্লেখ কৰিছোঁ --- ইয়াৰ কাৰণ হ'ল চন্দ্ৰবিন্দু বহুওৱাৰ ফলত যিমান ভুল হোৱা দেখা যায় নবহুওৱাৰ ফলত তাতকৈ কম ভুল হোৱা চকুত পৰে ----সেই বাবে "চন্দ্ৰবিন্দু বৰ্জন" --এই বিষয়টো প্ৰথমে উল্লেখ কৰিলোঁ ।
আজি চন্দ্ৰবিন্দু ক'ত আৰু কিয় ব্যৱহাৰ কৰিব নালাগে তাকে উনুকিয়াই সামৰণি মাৰিছোঁ ;ইয়াৰ পিছৰ লিখাত চন্দ্ৰবিন্দুৰ প্ৰয়োগ সম্পৰ্কে কিছু আলোচনা কৰিম ।
সুপ্ৰভাত !
(আগলৈ)- - - -

সংগ্ৰহ ফেচবুকৰ পৰা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)