এই গছৰ ফুলৰ ৰং বগা আৰু সুগন্ধি ৷ কবলৈ গ’লে একপ্ৰকাৰে পাৰিজাত ফুল অন্য ফুলতকৈ বেলেগ ৷ এই ফুল সাধাৰণতে ৰাতি ফুলে আৰু ৰাতিপুৱা নিজে নিজে গছৰ পৰা মাটিত সৰি পৰে ৷
পূজা কৰিবলৈ পাৰিজাতৰ সৰা ফুলকেহে ব্যৱহাৰ কৰা হয় ৷
হিন্দু ধৰ্মৰ অনুযায়ী পাৰিজাত ফুলেৰে কৃষ্ণৰ শৃংগাৰ কৰা হয় ৷ দ্বাপৰ যুগত পত্নী সত্যভামাৰ বাবে এই ফুল কৃষ্ণই পৃথিৱীত আনিছিল বুলিও মান্যতা আছে ৷ পাৰিজাত সমুদ্ৰ মন্থনত উৎপন্ন হোৱা চৈধ্য ৰত্নৰ ভিতৰত এটা ৷
পাৰিজাত হিমালয় অঞ্চলত পোৱা যায় ৷ এই গছৰ উচ্চতা দহৰ পৰা পোন্ধৰ ফুট
ওখ ৷ পাৰিজাতৰ দৈৱিক গুণৰ লগতে ঔষধি গুণো যথেষ্ট আছে ৷ আপুনি যদি আপোনাৰ প্ৰাংগনত এই গছ ৰোপণ কৰে তেন্তে আপোনাৰ ঘৰৰ পৰিৱেশটো পৱিত্ৰ আৰু শান্তিময় হয় আৰু বহুতো বেয়া বতাহ ঘৰৰ আশেপাশে নাহে ৷ পাৰিজাত ফুলৰ যি অমূল্য ঔষধি গুণ আছে সেই বিষয়ে দ্বিতীয় খণ্ডত আমি আলোচনা কৰিম ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ