১৯ আগষ্ট হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩১তম দিন। বছৰ শেষ হ'বলৈ ১৩৪ দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হৈছে ~
🔹আজি বিশ্ব ফটোগ্ৰাফী দিৱস ।
🔹১৯৪৬ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিন্টনৰ জন্ম হৈছিল ।
🔹১৯৩০ চনৰ আজিৰ দিনটোতে জগন্নাথ বৰুৱা মহাবিদ্যালয় (JB COLLEGE ) স্থাপন কৰা হৈছিল। সেই সময়ত এই মহাবিদ্যালয়খনৰ নাম আছিল উজনি অসম মহাবিদ্যালয় (Upper Assam College)। এইখনেই উজনি অসমৰ প্ৰথমখন মহাবিদ্যালয়।
🔹১৮৮০ চনৰ এই দিনটোতে নগাঁৱৰ ফৌজদাৰীপট্টীত অসমৰ এজন প্ৰসিদ্ধ লেখক, শিক্ষাবিদ আৰু অভিনেতা জ্ঞানদাভিৰাম বৰুৱাৰ জন্ম হৈছিল।
🔹১৯০৪ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক, কবি, গীতকাৰ তথা নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ শিৱসাগৰ জিলাত জন্ম হৈছিল। তেওঁ একাধাৰে কবি, গীতকাৰ তথা নাট্যকাৰ আছিল।
🔹১৯২৬ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী কবি-সাহিত্যিক আৰু অনুবাদক অজিৎ বৰুৱাৰ জন্ম হৈছিল। "ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য" কবিতা পুথিৰ বাবে তেখেতক "১৯৮৯" চনত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।
🔹১৯২৮ চনৰ আজিৰ দিনটোতে অসমৰ চলচ্চিত্ৰ আৰু মঞ্চজগতৰ এগৰাকী গুৰিধৰোঁতা অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ শিৱসাগৰৰ আমোলাপট্টিত জন্ম হৈছিল। তেখেত অসমৰ “মীনা কুমাৰী” হিচাপে খ্যাত।
🔹১৯৮৫ চনৰ আজিৰ দিনটোতেই ভাৰতৰ এজন প্ৰসিদ্ধ শ্বুটাৰ বিজয় কুমাৰৰ জন্ম হৈছিল। ২০১২ চনৰ লণ্ডন অলিম্পিকৰ পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাৰ তেওঁ ৰূপৰ পদক জয় কৰিছিল।
সংগৃহীত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ