মা- চুটিগল্প

Rinku Rajowar
0
...............বৰ খৰখেদাকৈ ৰাহুল আৰু মিতালীৰ বিয়াখন হৈ গৈছিল, দেউতাকৰ অসুখ , সেয়ে ৰাহুলে দেউতাকক অলপ সুখ দিবৰ বাবেই এই সিদ্ধান্ত লৈছিল, কিন্ত বিয়াৰ এমাহ নহওঁতেই ৰাহুলৰ দেউতাকৰ মৃত্য হৈছিল, ঘটনাটোৰ বাবে মিতালীয়ে বৰ ভয় খাইছিল, কিজানি চুবুৰীয়াই তাইক জগৰীয়া কৰে ! অমংগলীয়া বুলি ভাবে ! অৱশ্যে তাই ভবা মতেই কথাবোৰ হৈছিল , কথাবোৰ কানবাগৰী মিতালীৰ কাণত পৰিছিল , .... ছোৱালীজনী বৰ ভাল নহয় নেকি ! ইমানদিন ৰাহুলৰ দেউতাক বিচনাতে পৰি থাকিল একো এটা নহল কিন্ত বিয়াখন হোৱা দহদিন পাছতেই ৰাহুলৰ দেউতাক সিফলীয়া হল ........., কথাবোৰ ৰাহুলৰ সমন্ধীয় পেহীয়েক এগৰাকীয়ে মিতালীক কৈছিল, কথাবোৰ শুনি মিতালীৰ হাঁহি উঠিছিল .... মানুহবোৰ শিক্ষিত হৈছে ঠিকেই কিন্তু মানুহৰ মানসিকতা আৰু চিন্তাধাৰা অলপো পৰিৱৰ্তন হোৱা নাই.... হাঁহি হাঁহি কোঠাৰ পৰা ওলাই গৈছিল মিতালী .... দেউতাকৰ মৃত্যুৰ পাছত ঘৰখন বৰ উৰুঙা হৈ পৰিছিল, চাওঁতে চাওঁতে চকুৰ পচাৰতে দিনবোৰ পাৰ হৈ গৈছিল , সকলো মাকে বিচৰাৰ দৰে ৰাহুলৰ মাকেও বিচাৰিছিল মিতালীৰ এটি সন্তান, মিতালীয়ে পঢ়াত অসুবিধা হব বুলিয়ে ইমান সোনকালে সন্তান বিচৰা নাছিল , তাই ভাবিছিল প্ৰথমতে পি. এইচ. ডি. তাৰ পাছত পৰিয়াল , কথাবোৰ ৰাহুলেও বুজি পাইছিল কিন্তু ৰাহুলৰ মাকক লৈয়ে সমস্যাৰ সৃষ্টি হৈছিল , সুবিধা পালেই মিতালীক ঠাট্টা কৰিছিল কিন্ত তাইৰ মনটোক বুজিবলৈ এবাৰো যত্ন কৰা নাছিল, অৱশেষত মিতালী বাধ্য হৈছিল মাক হবলৈ , মানসিক ভাৱে তাই ভাগি পৰিছিল কিন্তু মাকৰ সপোনটোক বাস্তৱায়িত কৰাৰ বাবেই নিজৰ সপোনটোক জলাঞ্জলী দি মাক হব ওলাইছিল, ৰাহুলক কথাবোৰ মিতালীয়ে নিজেই কৈছিল

: শুনিচানে ! মই কথা এটা ভাবিছোঁ ! 

: কি কথা ভাবিচা ? নিশ্চয় কৰবাত filled work কৰিব যাবা , 

: হাঃ....... হাঃ....., Filled Work নহয় , family work... ! 

: কি যে ধেমালিবোৰ কৰা নহয় তুমি !

: ধেমালি নহয় ৰাহুল মই সঁচাকৈয়ে কৈছোঁ ! মই মাক হব বিচাৰোঁ , সকলো নাৰীৰ দৰে মোৰো সপোন আছে , মাতৃত্বৰ সোৱাদ ময়ো বিচাৰো ,

: কিন্ত......! 

: কোনো কিন্তু নাই , ৰাহুল মই মাক হব বিচাৰোঁ , মই ইমান স্বাৰ্থপৰ হব নোৱাৰো ,  মোৰ সপোন এটাক বাস্তৱায়িত কৰিবৰ বাবে তোমাৰ সপোন এটাক ধ্বংসৰ মুখলৈ ঠেলি দিব নোৱাৰোঁ , 

: তুমি এইবোৰ কি কৈচা মই ঠিক ধৰিব পৰা নাই ,

:  বিয়াৰ পাছত সকলো আইটাকেই এটি নাতিনী বিচাৰে , দেউতাইটো নাতিৰ মুখ নেদেখাকৈয়ে গুচি গল , মা দিনক দিনক বুঢ়ী হৈ আহিছে , মায়েও যদি নাতিৰ মুখ নেদেখাকৈয়ে কিবা এটা হৈ যায় তেতিয়া মই নিজকে মাফ কৰিব নোৱাৰিম , 

: এই বিষয়ে মায়ে তোমাক কিবা কৈছে নেকি ?

: নাই ৰাহুল , মায়ে এই বিষয়ে একো কোৱা নাই, মইহে ভাবিচো, মোৰ সপোনটোৰ কথা মায়ে বুজিব কিন্তু চুবুৰীয়াই মোকেই জগৰীয়া কৰিব ! 

: তুমি কথাটো এবাৰ ভালকৈ ভাবি চাবা ! যিকোনো সিদ্ধান্ত আৱেগেৰে নহয় বিবেকেৰে লবা , 

: এই সিদ্ধান্ত মই আৱেগেৰে লোৱা নাই ৰাহুল বিবেকেৰেই লৈছোঁ , বহু ভাবি চিন্তিয়ে লৈছোঁ , তুমি মাথো মোক support আৰু সাহস দিলেই হল , 

: মোৰ সাহস আৰু support তুমি সদায় পাবা , কিন্তু কথাবোৰ তুমি আকৌ এবাৰ ভাবি চাবা নেকি ! 

: ঠিক আছে বাৰু এতিয়া শুই থাকা , কথাটো তুমিও এবাৰ ভাবি চাবা , 

        কথাটো ৰাহুলে বহুবাৰ ভাবিলে সময়ৰ কামবোৰ সময়ত কৰাটো ভাল , মিতালীয়ে সঠিক সিদ্ধান্তই লৈছে , কথাবোৰ ভাবি ভাবি কেতিয়া যে ৰাতিপুৱাল ৰাহুলে গমেই নাপালে, পুৱাৰ চেঁচা বতাহজাকে আহি ৰাহুলক কোবাইচিল , মিতালীয়েও গোসাঁইঘৰৰ পৰা ওলাই ধূপডাল দেউতাকৰ ফটোখনৰ সমুখত গুজি দিলে, 

: ৰাহুল......!.. ৰাহুল.... নুঠা নেকি ! .... মিতালীৰ মাতষাৰ শুনি হাতখন আজুৰি ৰাহুলে তাইক বুকুৰ মাজত সুমুৱাই ললে আৰু কপালত এটি মিঠা চুমা যাচিলে ....... তুমি সঠিক সিদ্ধান্তই লৈছা , কথাটো গোটেই ৰাতি ভাবিলোঁ , তোমাৰ দৰে ময়ো দেউতাক হব বিচাৰোঁ , 

: চাওঁ...... এৰি দিয়া হে , ৰাতিপুৱাই ৰাতিপুৱাই কিহৰ ধেমালি, উঠা মই চাহ কৰোঁগৈ ,

       ভৱামতেই সকলো হৈছিল , ঘৰখন হাঁহিৰে ভৰি পৰিছিল , সঁচাকৈয়ে সপোন সপোনেই , তাক বাস্তৱ ৰূপ দিয়াটো বৰ কঠিন , মিতালী অন্তঃসত্বা হৈছিল আৰু পৰীক্ষা কৰিবৰ বাবে ৰাহুলৰ লগত চিকিৎসালয়লৈ গৈছিল , এইখিনিলৈকে সকলো ঠিকেই আছিল কিন্ত ঘৰলৈ উভতি আহোঁতে তীব্ৰবেগী গাড়ী এখনে ৰাহুলহঁতৰ গাড়ীখন খুন্দিয়াই দিলে , নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন ৰাস্তাৰ পৰা কাষৰ পথাৰত বাগৰি পৰিল , মিতালী বহু সময় অচেতন হৈ পৰি থাকিল , ৰাহুলেও বৰ বেয়াকৈ দুখ পালে , ৰাহুল আৰু মিতালীৰ সপোন নিমিষতে ভাগি যাব ধৰিলে , চিকিৎসকে বহু কষ্ট কৰি মিতালীক বচালে কিন্ত সন্তানটোক বচাব নোৱাৰিলে , এই সকলোবোৰ দুখ পাহৰিব বাবে মিতালীয়ে পুনৰ পি.এইচ. ডি. কামত মন দিলে, এইবাৰো চুবুৰীয়াই মিতালীকেই জগৰীয়া কৰিলে , মিতালীয়ে কিন্ত সেইবোৰ কথাত গুৰুত্ব দিয়া নাছিল , নিজৰ আধৰুৱা সপোনটো পূৰণৰ বাবে উঠি পৰি লাগিছিল , এইক্ষেত্ৰত তাইক ৰাহুলেও যথেষ্ঠ সহায় কৰিছিল , ব্যস্ততাৰ মাজতেই তিনি চাৰি বছৰ পাৰ হৈ গৈছিল , লাহে লাহে মিতালীৰ সপোনটোৱে বাস্তৱ ৰূপ পাইছিল , খবৰটো শুনি শাহুৱেকো আনন্দিত হৈছিল , গৌৰৱেৰে খবৰটো গাঁওখনত বিয়পাই দিছিল , মনৰ আনন্দত মিতালীয়ে আকৌ মাক হোৱাৰ সপোন দেখিছিল , তাই আকৌ ৰাহুলক জোৰ কৰিছিল , মিতালী আকৌ অন্তঃসত্বা হৈছিল , এইবাৰ ৰাহুলে তাইৰ বৰ যত্ন লৈছিল চিকিৎসালয়ৰ পৰিৱৰ্তে ঘৰলৈকে ডাক্তৰ অনা ব্যৱস্থা কৰিছিল , কিন্ত মাজে মাজে দুই এটা পৰীক্ষাৰ বাবে চহৰলৈ নিছিল , সকলো ঠিকমতেই হৈছিল কিন্ত ডাক্তৰে  হঠাৎ পৰীক্ষা কৰি ব্যক্ত কৰিলে ...... মি. ৰাহুল আপোনালোকে এটা সিদ্ধান্ত লব লাগে , আমি কোনোবা এজনকহে বচাব পাৰিম , কেচটো অলপ কৃতিকেল,

: ছাৰ , সন্তানটো নষ্ট হলে আকৌ এবাৰ.......

: ছাৰ এওঁৰ কথা নুশুনিব , আপুনি মোৰ সন্তানটোক বচাওক , তাৰ গাত কোনো দোষ  
নাই ...... শেহাই শেহাই মিতালীয়ে কলে,

         ডাক্তৰজনে প্ৰথমতে মিতালীৰ কথাটো মানি লোৱা নাছিল কিন্ত বহু অনুৰোধ কৰাৰ পাছত ডাক্টৰজনে সন্তানটোক বচালে , কিন্ত বহু চেষ্টা কৰিও মিতালীক বচাব নোৱাৰিলে , মিতালীৰ মহানুভৱতা দেখি চিকিৎসকজনৰ দুচকুৰে চকুলো নিগৰি আহিল , মিতালীয়ে প্ৰমাণ কৰি দিলে ..... 
" আইৰ সমান হব কোন নৈৰ সমান বব কোন..... "

🖊️তীৰ্থ পিন্টু বড়া        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)