ভাষাৰ ওজা পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ভাষা সাহিত্যলৈ অৱদান

Rinku Rajowar
0
" পাঠমালা লিখি        ল’ৰাৰ ডিঙিত
               পিন্ধালা বিদ্যাৰ হাৰ,
    হেমৰ কোষেৰে        অভাৱ গুচাই
               সুজিলা মাতৃৰ ধাৰ ৷"

                                     - দুৰ্গানাথ বৰুৱা

প্ৰত্যেক জাতিৰে নিজস্ব ভাষা আছে আৰু সেই ভাষাৰ মাধ্যমত জাতিৰ সাহিত্য গঢ়ি উঠে ৷ অসমৰ প্ৰধান ভাষা আৰু সাহিত্য অসমীয়া ৷ অসমীয়া জীৱনৰ অভিব্যক্তি , অসমীয়া চিন্তা ভাৱনাৰ ধাৰা , আশা আকাংক্ষা , ধৰ্ম- সমাজ, আচাৰ-নীতি , জীৱনবীক্ষা আৰু মানসিক প্ৰগতিৰ ইতিহাস অসমীয়া সাহিত্যত প্ৰতিফলিত হৈছে। অসমীয়া ভাষাৰ প্ৰগতিৰ ক্ষেত্ৰখনত বহুতো লোকৰ অৱদান থকা দেখা যায় ৷ সেইসকলৰ ভিতৰত অন্যতম হৈছে ভাষাৰ ওজা 'হেমচন্দ্ৰ বৰুৱা' ৷
    ভাষাবিদ হেমচন্দ্ৰ বৰুৱাৰ আৱিৰ্ভাৱ হৈছিল ঊনবিংশ শতিকাত । অসমীয়া ভাষাৰ যেতিয়া নাজল-নাথল অৱস্থা হৈছিল, তেনে সময়তে তেখেতে অসমীয়া ভাষাত ব্যাকৰণ আৰু অভিধান ৰচনা কৰি মাতৃভাষাৰ হৃত গৌৰৱ উদ্ধাৰ কৰিছিল। ১৮৩৫ চনৰ ১০ডিচেম্বৰ তাৰিখে তেখেতৰ জন্ম হয়। পিতৃৰ নাম আছিল ' মুক্তাৰাম বৰুৱা ' আৰু মাতৃৰ নাম আছিল ' ৰূপহী দেৱী ' ৷ তেখেত আছিল এওঁলোকৰ  জ্যেষ্ঠ সন্তান ৷ এইজনা মহান ব্যক্তিৰ ১৮৯৬ চনৰ ১৭ মে’ তাৰিখে মৃত্যু ঘটে ৷
    হেমচন্দ্ৰ বৰুৱাৰ অন্যতম অৱদান হৈছে অসমীয়া ভাষা প্ৰতিষ্ঠা ৷ তেখেতৰ জন্মকালতে অসমীয়া ভাষাই নিজৰ মৰ্যাদা হেৰুৱাইছিল ৷ ইংৰাজসকলে অসমীয়া ভাষাটো বঙলা ভাষাৰ অপভ্ৰংশ বুলি ভাবিছিল আৰু দেশ শাসনৰ সুবিধা হ’ব বুলি ভাবি অসমত অসমীয়াৰ সলনি বঙলা ভাষা প্ৰৰ্ৱতন কৰিছিল ৷ অসমীয়া ভাষাৰ পুনঃপ্ৰতিষ্ঠাৰ আন্দোলনত বৰুৱাই সক্ৰিয় ভূমিকা গ্ৰহণ কৰা নাছিল; হ’লেও তেখেতে বুজিছিল যে অসমীয়া ভাষাটোক পোনতে বিজ্ঞানসন্মত ভিত্তিত প্ৰতিষ্ঠা কৰি নল’লে ইয়াৰ বিকাশ বাধাগ্ৰস্ত হ’ব ৷ ফলস্বৰূপে তেখেতে ভাষাটোক পোনাই পাজঁৰাই লোৱা কামত মনোনিৱেশ কৰিছিল ৷ অসমীয়া ভাষাটো বঙলা ভাষাৰ অপভ্ৰংশ বুলি সেইসময়ত বহুতৰে এটা ভূল ধাৰণা আছিল আৰু ইয়াৰ বিৰোধিতা কৰি বৰুৱাই কলিকতাৰ পৰা ওলোৱা তেতিয়াৰ বঙলা কাকতত প্ৰৱন্ধ পাতি লিখিছিল বুলি জনা যায় ৷
    তেখেতে অন্তৰৰ পৰা উপলব্ধি কৰিছিল যে যিকোনো ভাষাৰ প্ৰতিষ্ঠা আৰু প্ৰগতিৰ প্ৰধান সাৰথি হ’ল ব্যাকৰণ আৰু অভিধান ৷ ঊনবিংশ শতিকাৰ আগলৈকে অসমীয়া ভাষাত ব্যাকৰণো নাছিল ; অভিধানো নাছিল ৷ তেখেতে প্ৰথম অসমীয়া ব্যাকৰণ লিখি উলিয়ায। ব্যাকৰণখনৰ নাম "অসমীয়া ভাষাৰ ব্যাকৰণ"(১৮৫৯) ৷ পুথিখন মিছনেৰীসকলে ছপা কৰি উলিয়াইছিল ৷ ১৮৭৩ চনত 'আদিপাঠ' , ১৮৮৬ চনত ' অসমীয়া ল’ৰাৰ ব্যাকৰণ' ,১৮৯২ চনত ' পঢ়াশালীয় অভিধান' আৰু ইয়াৰ দুবছৰৰ পিছত 'সংক্ষিপ্ত হেমকোষ ' ছপা হৈ ওলায় ৷ ১৮৭৩ চনত যেতিয়া অসমৰ পঢ়াশালিত অসমীয়া ভাষা আকৌ প্ৰৰ্ৱতন কৰা হয় তেতিয়া পাঠ্যপুথিৰ অভাৱ পূৰণ কৰাত হেমচন্দ্ৰ বৰুৱাই আগভাগ লৈছিল ৷
    অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথিৰ অভাৱ হোৱাত এই অভাৱ পূৰণ কৰিবলৈ বৰুৱা আগবাঢ়ি আহে আৰু চৰকাৰে পাঠ্যপুথি বিচাৰি দিয়া জাননী অনুযায়ী তেখেতে ১৮৭৫-৭৬ চনৰ ভিতৰত 'আদিপাঠ' নামৰ পাঠ্যপুথি ৰচনা কৰে ৷ আদিপাঠ প্ৰকাশ পোৱাৰ কেইবছৰ মান পিছত ১৮৮২ চনত হেমচন্দ্ৰ বৰুৱাই 'পাঠমালা' ৰচনা কৰে ৷ তেখেতৰ আন এখন পাঠ্যপুথি হ’ল ' স্বাস্থ্য ৰক্ষা' বা ' গা ভালে ৰাখিবৰ উপায়' ৷ এইখন ' ৱে টু হেলথ' নামৰ এখন ইংৰাজী পুথিৰ ভাঙনি আছিল ৷
    ভাষা শিকিবলৈ আৰু শুদ্ধভাৱে লিখিবলৈ, ছাত্ৰ-ছাত্ৰীৰ কাৰণে উপযুক্ত সাহিত্য পাঠ, ব্যাকৰণ পুথি আৰু অভিধানৰ প্ৰয়োজন ৷ শব্দৰ উপযুক্ত প্ৰয়োগ আৰু ভাষাৰ বিশুদ্ধতা ৰক্ষা কৰি সাহিত্য ৰচনা কৰিবলৈ ব্যাকৰণ আৰু অভিধানৰ একান্ত প্ৰয়োজন৷ হেমচন্দ্ৰ বৰুৱাই ছাত্ৰ ছাত্ৰীৰ এই অভাৱ দূৰ কৰি অসমীয়া সাহিত্যৰ ভৱিষ্যত ৰচনা কৰি গ’ল ৷ অসমীয়া ভাষালৈ হেমচন্দ্ৰ বৰুৱাৰ এক সোণসেৰীয়া অৱদান হ’ল অভিধান প্ৰণয়ন ৷ তেখেতৰ 'হেমকোষ' কেৱল ছাত্ৰৰে নহয় সকলো সাহিত্য সেৱীৰ কাৰণে অপৰিহাৰ্য। এই হেমকোষ এখন পূৰ্ণাংগ অভিধান ৷  ইয়াত ব্ৰন্সন চাহাবৰ অভিধানতকৈ প্ৰায় ৮০০০ শব্দ অধিক পোৱা যায় ৷ ১৯০০ চনত তেখেতৰ মৃত্যুৰ পৰৱৰ্তী সময়ত এই হেমকোষ প্ৰকাশ পায় ৷ এই হেমকোষে হেমচন্দ্ৰ বৰুৱাৰ পাণ্ডিত্য, ভাষাবিজ্ঞান, অপৰিসীম পৰিশ্ৰম , আদৰ্শ দাঙি ধৰে ৷ ই গাইগুটীয়া বা অকলশৰীয়া চেষ্টাৰ চূড়ান্ত সৌধ ৷
   হেমকোষ হেমচন্দ্ৰ বৰুৱাৰ জীৱনৰ কীৰ্তিস্তম্ভ ৷ এইখনৰ বাবে অসমীয়া জাতিয়ে তেখেতক সদায় সোঁৱৰিব ৷ পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে মন্তব্য কৰিছে -
" হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ অসমীয়া ভাষাৰ পক্ষে সঞ্জীৱনী মন্ত্ৰ, সেই মন্ত্ৰই মৃতকল্প অসমীয়া ভাষাক অমৰ কৰিছিল ৷"

   পদ্মনাথ গোহাঞিবৰুৱাই কৈছে-
"হেমৰ কোষেৰে            ওখ দৌল বান্ধি
               ভাষাক সাৰথি কৰি
নুমাবলগীয়া                 অসমীয়া নাম
              ৰাখিলে জিলিকা কৰি ৷"

ইয়াৰ উপৰিও হেমচন্দ্ৰ বৰুৱাই ' কানীয়াৰ কীৰ্তন' পুথি ৰচনা কৰিছিল ৷ সেই সময়ত কানিৰ বৰ প্ৰচলন আছিল ৷ কানিৰ অপকাৰ দেখুৱাবলৈ কিতাপখন লিখা হৈছিল ৷ পুথিখনৰ আৰম্ভণিতে লিখিছে-
" কানি,ভাং-মদ ,ফটিকা আৰু ধূৱাপাত
সকলোৰে মুখত হউক বৰ্জ্জপাত ৷"

তেখেতৰ সমাজ সমালোচনাৰ আন এখন পুথি হৈছে ' বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী' ৷ কানীয়াৰ কীৰ্তনত দিয়াৰ দৰে এই পুথিৰো আৰম্ভনিতে লিখিছে-
" বাহিৰে ৰংচং দেখিবলৈ ভাল
ভিতৰৰ ভাগ কিন্তু নৰকৰ খাল ৷"

এই পুথিখনৰ যোগেদি তেখেতৰ যুগৰ ভদ্ৰ সমাজখনৰ ধূৰ্তালি , ভণ্ডামিৰ ওপৰত তীব্ৰ আঘাত হানিছিল।
        তেখেত ভাষাবিদ, সাহিত্যিকৰ লগতে সমাজ সংস্কাৰকো আছিল ৷ তেখেতে অসমীয়া সমাজৰ পৰা কু -সংস্কাৰ, অন্ধবিশ্বাস আৰু মাদকদ্ৰব্য আতৰোঁৱাৰ বাবে যথেষ্ট দৈহিক শ্ৰমো কৰিছিল ৷ পুৰুষৰ একাধিক পত্নী গ্ৰহণৰ বিৰোধী আছিল আৰু ব্যক্তিগত আৰু সামাজিক জীৱনৰ কপটাচাৰ দূৰ্নীতি আৰু অন্ধসংস্কাৰ আক্ৰমণ কৰিছিল ৷
       বৈজ্ঞানিক পদ্ধতিত প্ৰথম অভিধান প্ৰণয়ণকাৰীৰূপে, অসমীয়া আখৰ জোঁটনিক সুস্থিৰ ৰূপ দিওঁতা হিচাপে , প্ৰথম আৰু অদ্বিতীয় ব্যঙ্গ লেখক ৰূপে আৰু আদৰ্শ গদ্য লেখক ৰূপে হেমচন্দ্ৰ বৰুৱাই বিশিষ্ট স্থান লাভ কৰি থাকিব বুলি আস্থা ৰাখিব পাৰি ৷
       অসমীয়া ভাষা সাহিত্যক আধুনিকতাৰ পৰশেৰে আগুৱাই নিবলৈ বিচৰা এইজনা কাণ্ডাৰীয়ে অসমীয়া ভাষাক স্বাধীন আৰু পূৰ্ণাংগ ৰূপ দিবলৈ দেহে-কেহে খাটিছিল ৷ তেখেত আছিল অসমীয়া ভাষা সাহিত্যৰ একনিষ্ঠ সাধক ৷ তেখেতে অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক ' ভাষাৰ ওজা ' আখ্যা দিয়া হয় ৷ এইজনা মহান ব্যক্তিৰ কৃতি সদায় চিৰস্মৰণীয় হৈ ৰ’ব ৷ শেষত সাহিত্যিক পদ্মনাথ গোহাঞিবৰুৱাৰ ভাষাৰে সামৰা হ’ল -
       " চন্দ্ৰ দিবাকৰ           বসুমতী আই
                    থাকে মানে জগতত
         অসমীয়া হেম           চন্দ্ৰৰ পোহৰ
                     জিলিকিব অসমত ৷"



✍️ দশমী শইকীয়া,গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)