মোৰ অমল কৰ্ষিত শিপা

©Admin
0
(উচৰ্গা: প্ৰেম-বন্ধুত্বৰ আজন্ম প্ৰেমিক বন্ধু সকললৈ)

হৃদয়ৰ সেউজীয়া খিনিত প্ৰোথিত কৰো
মোৰ অমল কৰ্ষিত শিপা
তগবগ কৰ্দৈবুলীয়া হেপাহেৰে
ভাৱৰ ডম্বৰু বজায়
দোকমোকালিৰ পোহৰৰ সোপানে সোপানে
আজন্ম প্ৰেমৰ কাংখিত দাপোন সাৱতি
তিৰবিৰ কৰে মন
গুণগুণায় থাকো দোকোলতকা বানৰ দৰে
অপ্ৰতিৰূদ্ধ গতিৰে
নিৰবধি নদীৰ সমাহিত কল্লোলতাৰ
সুৰ-ঝংকাৰ নিবিড় হয়
কলিজাৰ দুয়োপাৰ উপচাই
মই---- অবগাহন কৰো দিন-প্ৰতিদিন
জোনাকৰ চোতাল
চিত্ৰকল্পত প্ৰতিবিম্বিত হওক
নষ্টালজিযা ছবিখনৰ অমৰত্ব
সন্ধানৰত শিপাবোৰে বিচাৰি পাওঁক
বন্ধুত্বৰ অময়া "কেনভাছ"
স্বাশ্বত: জীৱনৰ অনুপম প্ৰকাশ ৷

📝যোগল সন্দিকৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)