এজাক বৰষুণৰ অপেক্ষাত -১৫

Rinku Rajowar
0
গাটো ধুই ওলাব লৈছো। ভাত খাই থাকোতে  মায়ে সোনকালে আহিবলৈ বাৰে বাৰে কৈ আছে।অচিনাকি ঠাই।কেতিয়াও গৈ নোপোৱা। মাক সোনকালে ঘূৰি আহিম কৈ ওলাই আহিব লওঁতেই  প্ৰান্তিক দাই মেচেজ কৰিছে। আহি পালেহি মানে। মেচেজ টোৰ reply নকৰিলোঁ। দেখিছোঁ সেইদিনা ৰৈ থকা সেইখিনি তে তেওঁ ৰৈ আছে। আজি খোজটো খৰ কৈ দিছোঁ নহলে আজিও পৰুৱাৰ লগত তুলনা কৰিব l
______ বৰুৱানী আহি পালোহি। মই আকৌ নাহে বুলি হে,,,,,,
গাড়ী খনৰ ওচৰ পাওঁতে তেওঁ কৈ দিলে।
_______ huh। আহিলো এতিয়া ব'লক। আৰু মই আজি আগত বহিম ,পাছত নবহো।
প্ৰান্তিক______ তোমাক নো কোনে পাছত বহিবলৈ কৈছে। বহা মহাৰাণী আগতে বহা।
কেনেকৈ কথা বোৰ কৈ আছে হাঁহি উঠি গৈছে মোৰ।

গৈ আছো। মাজে মাজে  গম নোপোৱা কৈ তেওঁলৈ চাওঁ হাঁহি ও উঠে কিন্তু চাই থকা গম পাই যাব বুলি আকৌ মুখ খন ঘূৰাই দিওঁ।
প্ৰান্তিক_______ মিছ বৰুৱা কি হল হাঁহি আছা যে।
কেনেকৈ গম পালে অ। গাড়ী চলাই গৈছে নে মোৰ লৈ চাই গৈছে।
_______ কত মই হাঁহিলো । পগলা নহয় নহয় মই হাঁহি থাকিবলৈ।
প্ৰান্তিক______ মই যেনিবা দেখা হে নাই। আচলতে কি জানা?
_______ কি??
প্ৰান্তিক_______ দুই ধৰণৰ মানুহে হাঁহে। এক মানুহ পগলা হলে হাঁহে ,দুই মানুহ প্ৰেমত পৰিলে হাঁহে।এতিয়া তুমিটো পগলা হোৱা নাই তেতিয়া হলে........???
কথাটো কৈ ৰৈ গল
_________ তেতিয়া হলে কি? কওঁক আকৌ।
প্ৰান্তিক________ তেতিয়া হলে তুমি প্ৰেমত পৰিছা।সেইকাৰণে হাঁহি আছা।
কেনেকৈ গম পাইছে মানে কথা বোৰ।কম বস্তু নহয় কিন্তু দেই।
(মনতে)
_______ নাই পৰা মই কাৰো প্ৰেমত huh
প্ৰান্তিক______সঁচা নে?
_______ অ আৰু কি?
নাই বেছি কৈ এইটো কথা পাতি থাকিলে তেওঁ বেছি কৈ সুধি থাকিব আৰু মোৰ লাজ লাগিব।কথাটো সলাই দিওঁ বুলি ভাবি বৰ্ষাৰ কথা কলো।
_______ বৰ্ষা আৰু স্বাগত দা কত থাকিব কৈছিল নেকি?
প্ৰান্তিক_______ কথা সলাইছা ন" পোৱালি ? মই জানো।
ইমান কেনেকৈ বুজি পাই মানে কথা বোৰ???হাঁহি উঠিছিল যদিও টিপি ৰাখিলোঁ হাঁহি টো।
প্ৰান্তিক_______ বৰ্ষা তাইৰ গাড়ীৰ ষ্টেণ্ডৰ ওচৰত থাকিব , স্বাগতো তাতে থাকিব নেকি?
_______ ওম
টাউন পাবলৈ হৈছে আৰু ।বৰ্ষা লৈ মই ফোন এটা লগালোঁ
_______ অই কত আছ" আমি পাম গৈ এতিয়া?
বৰ্ষা______ মই গাড়ীৰ ওচৰত আছো। 
_______ ওম আৰু স্বাগত দা আছে নেকি সেইখিনিত ?
বৰ্ষা________ uhu। নাই কিয়।
_______ নাই এনেই তাত থাকিবও পাৰে মানে সেইকাৰণে সুধিলো।
বৰ্ষা_______ ওম এতিয়া লৈকে অহা নাই। অ দেখিলো দেখিলো আহি পাইছে হে এতিয়া।
_______ ওম ঠিক আছে তহঁত তাতে ৰৈ থাক তেতিয়া।
ফোন টো কাটি দিলো।
প্ৰান্তিক________ কি কলে তাই?
______ ৰৈ আছে তাই।স্বাগত দা ও তাতে আছে।
প্ৰান্তিক______ ওম
_______ শুনক না মোৰ যে ভয় হে হৈছে। বৰ্ষা ক তাৰলৈ পঠাই দিয়া বুলি যদি আমাক মাকে কিবা কয় ?
প্ৰান্তিক_______ হেই একো নহয় কিবা হলে আমি আছো নহয়। আৰু তুমি আকৌ তাইক এইবোৰ কৈ ভয় খুৱাই নিদিবা নহলে তাই আকৌ নাযাও  বুলি কব।এতিয়া লৈ চাগে তাইক ঘৰত বিচাৰি ফুৰিছে।
________ ওম হব বাৰু।

টাউন পালো গৈ। লগালগ বৰ্ষা আৰু স্বাগত দা গাড়ীত উঠিছে। স্বাগত দাক আগৰ ছিত টোত বহিবলৈ দি মই পাছলৈ গুচি আহিলো বৰ্ষা অকলে হব কাৰণে।
তাই লগত একো বস্তু ননা দেখি তাইক সুধিলো
_________ কি হল অকল মানুহ জনী যে আহিলি লগত একোৱে যে নাই।
বৰ্ষা______ লগত কিবা অনা হলে গম পাই গল হেঁতেন এতিয়া মনে মনে কোনেও নেদেখা কৈ পলাই আহিছো। দেউতাৰলৈ বহুত মনত পৰিছে অ।
_______ হব দে দেউতাই তোক একো নকয় মই জানো পাছত দেউতাই তই তাত থকা বুলি গম পালে ভাল হে পাব।
বৰ্ষা______ ওম
বৰ্ষাৰ মোমায়েকৰ ঘৰলৈ যাবলৈ প্ৰায় ১ ঘণ্টা মান লাগিব। তাই ৰাস্তা বোৰ দেখুৱাই দেখুৱাই গৈ আছে। ভগৱানে সকলো ঠিক কৰিলেই হয় আৰু তাকে ভাবিছো।
বৰ্ষাৰ মনটো বেয়া হব বুলি ভাবি মাজে স্বাগত দা হঁতি কিবা কিবি কৈ জমাই যায়। তাই হাঁহে যদিও মুখত হাঁহি টো সম্পূৰ্ণকৈ ফুটি নুঠে। হয়য়ো নিজৰ ঘৰ খন চিৰদিনৰ কাৰণে এৰি অহাৰ দুখ তাই বাহিৰে কোনে বুজিব।

গৈ পালো গৈ। গাড়ী খন ৰাস্তাতে ৰখাই আমি নামিছো। মেইন ৰাষ্টাৰ পৰা ঘৰটোলৈ যাবলৈ দীঘল ঠেক আলী বাট এটা। একেবাৰে গাঁৱৰ পৰিবেশ।মইও গাঁৱতে থাকো যদিও এনেকুৱা কেতিয়াও নহয়। খুব ধুনীয়া ঠাই।
ঘৰটোৰ বাৰণ্ডতে আইতা এগৰাকী বহি আছে। সম্ভৱ বৰ্ষাৰ আইতাক। আমি যোৱা দেখি আইতা গৰাকী ওলাই আহিছে। বৰ্ষা ক দেখি চিনি পাই হুকহুকাই কান্দি পেলালে।
________ আইজনি কৰ পৰা আহিলি?  আৰু কোন আহিছে লগত মা দেউতাও আহিছে নেকি। 
বৰ্ষা______ আইতা মই অকলে আহিছো।
তাই আইতাকক সাৱটি ধৰিলে। 
এনেকুৱা দৃশ্য কেতিয়াও দেখা নাছিলো। তেওঁলোকক দেখি মোৰো চকুপানী ওলাই আহিল।
_________ বোপাইটো চা হি চোন কোন আহিছে।
ভিতৰৰ পৰা মানুহ এজন আৰু মাইকী মানুহ এগৰাকী ওলাই আহিছে।
________ মাজনি কৰ পৰা আহিলি্? আজি হঠাৎ ওলালিহি যে ?
বৰ্ষা_______ মামা মই একেবাৰে গুচি আহিলো । মোক ইয়াত ৰাখিবি নে? 
 তাই কান্দি কান্দি কৈছে। গম পালো সেইয়া তাইৰ মোমায়েক আৰু মামিয়েক।
_________ কি কথা কৈছ" অ একেবাৰে গুচি আহিলি তই।

আগলৈ,,,,,,

🖋️পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)