অনুতাপ-০২(ধাৰাবাহিক উপন্যাস)

জীৱনটো এনেকুৱাই অলেখ কষ্টেৰে ভৰা সোণোৱালী য'ত হাঁহি-কান্দোন উপভোগৰ মাজেৰেই পাব পাৰি। লাহেকৈ পানীবোৰ শুকাল।ৰাস্তা-পদূলিবোৰ বোকা,বোকা। ঘৰবোৰত হাঁহ,গৰু, ছাগলী একোৱেই নাই। যাৰ যি বস্তু হাতত লৈ ঘৰলৈ দৌৰিছে পানীয়ে হেঁচা দি যোৱা গাওঁখনলৈ। তেওঁলোকে জানে ঘৰখনত একোৱেই নাই তথাপিও আপোনা ঘৰখনলৈ নাযায় কলৈনো যাব।আনন্দতে কান্দিছে আজি ৰংজুলিবাসীয়ে হেঁপাহৰ ঘৰখনলৈ যাবলৈ পায়। যিমান পুৰণি বা পৰিস্থিতিয়ে গৰকি জুৰুলা কৰাই নহওক এই গাওঁখন এই মানুহবোৰৰ প্ৰিয়। লাহেকৈ সূৰ্যদেৱতাই মিঁচিকিয়াই হাঁহিছে।পোহৰেৰে গাওঁখন চিটিকি পৰিছে।সিমূৰৰ পৰা ভাহি আহিল হৰিনামৰ ধ্বনি। পৱিত্ৰতাৰ বান্ধোনে বচা হৰিনামত সকলোৰে মনবোৰ ভাল লাগি গ'ল। ইজনে সিজনৰ মুখলৈ চালে। আকৌ ঘৰ পাতিব। আকৌ আগৰ দৰে থাকিবলৈ পাব।সকলোটিয়ে জীৱনে গৰকা সেইবোৰ পাহৰি নতুনকৈ পাতনি মেলিলে বহুতো হেঁপাহেৰে। জীৱন যুঁজখনত যে সফল হ'ব ই লাগিব।
         নাঙঠ বেৰৰ জলঙাৰে ভিতৰৰ ফালে দ্বীপে জুমি চাই দেখে বোকা,ঘৰৰ একো বস্তুৱেই নাই উদং।বেৰৰ মাটিবোৰ পানী লাগি খহিল।দেউতাকে হাড়ক পানী কৰি কষ্টেৰে গঢ়া মূধচটো উঁৱলি পৰিল। এইবাৰ সকলো শুকুৱাৰ পিছত অইন একো নকৰিলেও ঘৰটো সাজিব লাগিব।বুঢ়া দেউতাকে কয় এইটোৱেনো  ঘৰ সাজিব পাৰেনে। দেখুৱাম ৰবা দেউতা।সি জানে যে দেউতাকে তাক ধেমালিতে কয়।হলেওনো বাৰু ইমান ডাঙৰ ল'ৰাটো থাকোতে সেই ভঙা পঁজাটোত থাকিবনে?সঁচাকৈয়ে এইবাৰ দ্বীপে মনত দকৈ ল'লে যে সি ঘৰ সাজিবই।
            আগতে মাকে কৈছিল সেউজীয়া কেচবচা ৰিহাৰে আঘোণত তাই আকৌ আহিব। ৰ'দ কাঁচলিত বহিব।বহল পথাৰখনত জিৰিক জিৰিক নূপুৰ পিন্ধি খোজ কাঢ়িব,আঁঠু ল'ব। বুজি পোৱা নাছিলো মাৰ গাম্ভীয্যপূৰ্ণ কথাবোৰ।বাৰেপতি শুধিছিলো। ভাবিছিলো কোনোবা ন কইনা আহিব। এইবাৰ বুজিবলৈ চেষ্টা কৰিছিলো কিন্তু পানীয়ে নিদিলে। আমাৰ দৰে দুখীয়াৰ ইয়াতকৈ ডাঙৰ দুখ একোৱেই নাই।একো নহয় দিয়া হাতদুখন দিছে নহয় এনেকৈয়ে খাম।
             আজি প্ৰায় চাৰি দিনত ভালেখিনি ভাললৈ আহিল।হওক দিয়া দিনবোৰ ভাললৈ আহক। কিন্তু অহা দুই এদিনতে দেউতাক হস্পিতাললৈ নিবই লাগিব। বেমাৰটো দেখোন বাঢ়িহে গৈছে। দ্বীপৰ ইকাটি সিকাটিত বাঁহৰ চাংখনৰ পৰা কেৰেক কেৰেক শব্দ উলাই আহিল।চকুকেইটা জোৰেৰে মুদিবলৈ চেষ্টা কৰিলে।

🖋️পংখী মৰাণ
           তিনিচুকীয়া

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send