কন্যা সন্তান আৰু সম্পত্তিৰ অধিকাৰ

Rinku Rajowar
0
আজি এটা বাতৰি পালো, পুত্র সন্তানৰ সমানে সম্পত্তিৰ অংশ পাব কন্যা সন্তানে, যদি কোনো কন্যাৰ মৃত্যু ও হৈছে তেৱোঁ সম্পত্তিৰ ভাগ পাব।মই আমাৰ নিজা প্ৰেক্ষাপটত বিষয়টোৰ ওপৰত দৃষ্টি ৰাখি কিছু কথা ক'ব খুজিছো, মাক-দেউতাকে কিয় সম্পত্তিৰ পাহাৰ গঢ়িব লাগে সন্তানৰ বাবে! তেওঁলোকে যদি বিচাৰে তেন্তে তেওঁলোকৰ সন্তানক সম্পদ বনাওক, কৰ্মঠ বনাওক,গুণী জ্ঞানী বনাওক, কিন্তু এসোপা সম্পত্তি এৰি গৈ সন্তানক যদি আৱৰ্জনা বনাই থৈ যায়, সেই সম্পত্তিয়ে সন্তানক সুখ দিয়াৰ বিপৰীতে ই হৈ পৰিব ঘাতক স্বৰূপ! আমাৰ অসমীয়া সমাজত কন্যাই সম্পত্তিৰ ভাগ বিচাৰিবলৈ প্ৰায়ভাগ অভিভাবকে ঠায়েই নথয়, কাৰণ বিয়া আৰু কন্যাৰ লগত দিয়া বস্তুৰ নামত লাখে লাখে টকা খৰচ কৰে, বিঘাই বিঘাই মাটি বন্ধকত দিয়ে বা বিক্ৰী কৰে,সোণ ৰূপ পাট মূগা সকলোৰে জীয়ৰীগৰাকীক ওপচাই দিয়ে  কেৱল কন্যা সন্তানৰ সুখৰ বাবে, কাৰণ ভাল চোফা, সোণ ৰূপৰ অলংকাৰ, কাঁহৰ কাঁহী-বাতি, ভাল মান ধৰা কাপোৰ নিনিলে দৰাৰ ঘৰত কন্যা গৰাকীয়ে বহু অনাকাঙ্ক্ষিত পৰিস্থিতিৰ মুখামুখি হ'ব লগা হয়, মই নিজৰ ঘৰৰ দুখন বিয়াত দেখিছো মোৰ মা দেউতাই বাইদেউ-ভন্টিহতক বাকী সকলো প্ৰয়োজনীয় বস্তুৰ লগতে বেজী, গুলিসূতা, ঝাৰু টো পৰ্যন্ত বাহী বিয়াত লগত দি পঠাইছে, তেন্তে আমাৰ বেলেগকৈ সম্পত্তি দাবী কৰাৰ থল থাকিল জানো! 
    আন এটা বিচাৰ্য বিষয়, যেতিয়া এজনী ছোৱালীক বিয়া দি ঘৰৰ পৰা বিদায় দিয়া হয়, তাৰ পাচৰে পৰা মৃত্যুৰ আগমুহূর্তলৈকে ঘৰৰ ল'ৰা সকলে মাক-দেউতাকক ভৰণ পোষণ দিয়ে, প্ৰয়োজন পূৰণ কৰে, কিন্তু ছোৱালী বোৰক বিয়া হোৱাৰ পাচতেই শিকোৱা হয় যে স্বামীৰ ঘৰখন হে নিজৰ ঘৰ, মাকৰ ঘৰৰ তাই আলহীহে মাত্ৰ,তেওঁলোক আলহীৰ দৰে আহে, এসাজ খায় আৰু গুচি যায়, আৰু জী-জোৱাই সকলেও কন্যাৰ মাক দেউতাকৰ বিশেষ দ্বায়িত্ব লোৱা দেখা নাযায়,বহুতো জোৱায়ে কিবা দিয়াটো বাদেই, ওলোটাই ঘৈণীয়েকক মাকৰ ঘৰৰ পৰা বস্তু নিবলৈহে পঠায়,আকৌ তাইৰ বিয়াৰ বাবে বন্ধকত দিয়া মাটি খুলিবলৈ, লোণৰ কিস্তি মাৰিবলৈ ল'ৰাসকলেই কষ্ট কৰিব লগা হয়, যদি কন্যাই অভিভাবকৰ সম্পত্তিৰ সমান অধিকাৰ পায় তেন্তে অভিভাৱকৰ ভৰণ পোষণৰ দ্বায়িত্বও সমানে ল'ব লাগে, কেৱল অভিভাবক মৰাৰ পাচত সম্পত্তিৰ ভাগ বিচাৰি আহিলেই নহয়! আইনৰ ৰায়ক সম্পূৰ্ণ সন্মান জনোৱাৰ পাচতো মই ভাবো এই ৰায় ত্ৰুটি যুক্ত, কাৰণ সম্পত্তিৰ ভাগো দিব লাগিব, অভিভাবককো অকলে চাব লাগিব বুলি যদি পুত্ৰসকলে অভিভাবকক এলাগী কৰে, তেন্তে বৃদ্ধ বয়সত তেওঁলোকৰ কি গতি হ'ব! সেয়ে সন্তানলৈ সম্পদ গোটোৱাতকৈ সন্তানক সম্পদ কৰি গঢ়ি তোলাৰ মানসিকতা সকলো অভিভাবকে লওক, নহ'লে অজস্র ধন সম্পত্তিৰ গৰাকী হাওয়া বৃদ্ধাশ্ৰম বা ৰাজপথৰ বাসিন্দা হ'ব পাৰে!

✍বিজয় লক্ষ্মী বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)