কবিতা-মোৰ অনুভৱেৰে-০৩

যি সকলে আনৰ কবিতা সমূহক অকবিতা বুলি কয় তেথেত সকলে ৰচনা কৰা প্ৰতিটো কবিতাই সাৰ্থক কবিতা হয়নে ? কেইজন পাঠকে পঢ়ে তেওঁলোকৰ কবিতা | হয়নে সকলো সৃষ্টিৰাজী চিৰসেউজ | সেই কবিতাৰ দৰে.......
      দুখীয়াৰ ভঙা পজা
      একোখনি তীৰ্থ তাত
      একোখনি পূণ্যৰ আশ্রম
       মৰিলে পুনৰ আহি
      দুখীয়া দেশতে মোৰ
      লওঁ যেন পুনৰ জনম  |
  লয় হবনে এই কবিতা কেতিয়াবা  | কিন্তু কিমান কবিতা কালৰ বুকুত বিলিন হৈ গ'ল তাৰ হিচাব কোনে ৰাখিছে | যিয়ে আখ্যা দিছে কবিতা অকবিতা | কিয় আমি পাহৰিব পৰা নাই সেই কবিতা কিহৰ আকৰ্ষণত আজিও আমি জিৰণিৰ সময়ত এবাৰ আওৰাও......
আনৰ দেশৰ পৰা উলটি আহোতে
ফুৰি চাকি ঘৰমুৱা হৈ
জ্বলা নাই হিয়া যাৰ স্বদেশ প্রমেৰে 
  আছেনে কোনোবা এনে ঐ | 
 আৰু আমি পাহৰ্ব নোৱাৰো সেইবোৰ কবিতা...
  সাগৰ দে খিছা ?
  দেখা নাই কাহানীও
  মইও দেখা নাই
  শুনিছো তথাপি নীলিম সলিল ৰাশি আছে দূৰ দিগন্ত ব্যাপি |
    আমি কবিতাৰ বিষয়ে একোৱেই নাজানো | কবিতা পঢ়ো , বুজিবলৈ চেষ্টা কৰো | শিকিহে আছো কবিতা | কবিতা কি নো ? মাত্র তিনিটা বৰ্ণৰ এই শব্দটোৰ কি মহিমা ? কি প্রেৰণা , কি দুৰ্বাৰ আকৰ্ষণ  |   আগলৈ....

      🖋️হেমেন হাজৰিকা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send