হনুমানৰ বৰদান

©Admin
0
এটা সময়ৰ কথা।এখন গাৱঁত এগৰাকী আইতা আছিল৷আইতা গৰাকীৰ কোনো নাছিল৷আইতাৰ চোতালত এজোপা মধুৰীগছ আছিল৷আইতাই মধুৰি গছ জোপাৰ পৰা পকা পকা মধুৰী পাচিত ভৰাই বজাৰলৈ নি বেচি যিকেইটা টকা পাইছিল সেই টকাৰে চাউল দাইল কিনি দুবেলা  দুমুঠি খাই সুখেৰে জীৱন কটাইছিল৷আইতা যেতিয়া বজাৰলৈ যায় তেতিয়া গাঁওৰ কণ কণ লৰা ছোৱালী বোৰ মধুৰী গছৰ মধুৰী খিনি কেচা পকা সকলো নষ্ট কৰি পেলাইছিল।  আইতা বজাৰৰ পৰা আহি এই দৃশ্য দেখি মনত বৰ দুখ পাই কিন্ত কি কৰিব আইতা বজাৰলৈ যোৱা পাছত ঘৰখন চোৱা চিতা কৰিবলৈ কোনো নাথাকে৷ সেইবাবে অবুজ কণ কণ শিশু সকলক বাধা দিবলৈ কোনো নাথাকে৷
এদিনা খনৰ কথা আইতা বজাৰৰ পৰা আহি ভাত পানি খাই টোপনি গ'ল।
আকাশৰ উপৰেদি হনুমান গৈ আছিল ।সেই সময়ত হনুমানৰ নাকত মিঠা মিঠা মধুৰীআমৰ গোন্ধ পৰিল হনুমানে ইফালে সিফালে চালে তাৰ চকুত পৰিল আইতাৰ চোতালত থকা মধুৰীআম গছ জোপাৰ ওপৰত ।হনুমান লগে লগে আইতাৰ চোতালত নামিল আৰু মাত লগালে 
"  গৃহস্থ আছেনে? "
 কিছু সময়ৰ পাছত আইতা বাহিৰলৈ ওলাই দেখে যে স্বয়ং হনুমান আইতাৰ চোতালত ৷ আইতাই সেৱা জনাই ক’লে 
" হে পৱন পুত্ৰ আপোনাক কি দৰে আতিথ্য কৰিম ?"
হনুমানে ক’লে হে মনুষ্য তোমাৰ গছৰ মিঠা মিঠা ফল দেখি মোক বৰকৈ ভোক 
লাগিছে গতিকে মোক অনুমতি দিয়া ফল খাবলৈ  "
আইতাই হাত যোৰ কৰি ক'লে
" প্ৰভু সকলো আপোনাৰে কৃপা গতিকে আপোনাৰ ইচ্ছা অনুসাৰে ফল খাওঁক "
হনুমানে মধুৰী আম খাই তৃপ্তি লভি আইতাক ক’লে 
" তোমাৰ গছৰ ফল খাই মই বৰ তৃপ্তি পালোঁ গতিকে তোমাক মই বৰদান দিব বিচাৰো কি লাগে কোৱা ? "
আইতাই ক’লে 
" প্ৰভু, আপুনি মোক যদি বৰ দিব বিচাৰিছে তেনেহ’লে , এই বৰ দিয়ক যে মই নথকা সময়ত মোৰ গছৰ যি অনিষ্ট কৰিব বিচাৰিব সি ওলোটাকৈ ওলমি থাকিব আৰু মই নাম বুলি ক'লেহে নামিব পাৰিব হনুমানে তথাস্তুু বুলি কৈ আকাশলৈ উৰা মাৰিলে ৷
দ্বিতীয় দিনাখন আইতা অন্য দিনৰ দৰে মধুৰী পাচিত ভৰাই বজাৰলৈ গুচি যায় ৷
তাৰপাছত কণ কণ শিশুসকল আহি অন্য দিনৰ দৰে মধুৰী খাবলৈ বিচৰাত গোটেই কেইজন গছত ওলোটাকৈ ওলমি থাকিল ৷
আইতা বজাৰৰ পৰা আহি শিশুসকলক দেখি ক’লে 
"  অ’ তহঁতে মোৰ মধুৰী  সদায় অনিষ্ট কৰি থকাৰ ফল , কেনে মজা পাইছ ওলোটা ওলমি "
শিশু সকলে ক’লে
আইতা আমাক ক্ষমা কৰি দিয়ক অজানিতে ভুল কৰিলোঁ , আগলৈ দুনাই আপোনাৰ মধুৰী গছত চকু নিদিওঁ কৃপা কৰি আমাক নমাই দিয়ক "
মৰম লগা শিশু সকলৰ কোমল অন্তৰৰ কাতৰ শুনি আইতাৰ মনত দয়া উপজিল আৰু আইতাই গছলৈ চাই ক’লে
" নাম "
শিশুসকল লগে লগে নামিয়ে পলাই পত্ৰং দিলে তাকে দেখি আইতা খিলখিলাই হাঁহিবলৈ ধৰিলে ৷ ৰাতিপুৱা হ'ল ৷ আইতাই ৰাতি পুৱা সপোনৰ কথাটো ভাৱি দুৱাৰমুখত বহি খিলখিলাকৈ হাঁহি আছিল সেই ছেগতে শিশু সকল আহি পাই , আইতাক এনেদৰে হাঁহি থকা দেখি সুধিলে " কি হ'ল আইতা আপুনি এনেকৈ কিয় হাঁহিছে ? "
আইতাই ৰাতি দেখা সপোনটোৰ কথা বিৱৰি ক’লে ৷ কথাটো শুনি শিশুসকলে বৰ ভয় খাই কলে-"আইতা আজিৰ পৰা আমি আপোনাৰ গছৰ ফল অনিষ্ট নকৰোঁ আমাক ক্ষমা কৰি
 দিয়ক "
তাৰ পাছত আৰু কোনো দিনাই শিশু সকলে আইতাৰ মধুৰী গছৰ অনিষ্ট নকৰে ৷
আইতাই নিতৌ মধুৰী আম শিশু সকলক নিজেই খাবলৈ দিয়ে ৷


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)