লখিমীৰ বিয়োগ (চুটিগল্প)

Rinku Rajowar
0
হেৰি শুনিছানে নাই ...লখিমীৰ গাঁত বিষন্ন কপঁনি..!.কেইদিনৰ মানৰ পৰাই বেচেৰী লখিমী  ভাত চাতো খাব পৰা নাই..তুমি কিবা এটা কৰাছোন...কথাষাৰ শুনি দেউতাই ওচৰৰ বেটেনেৰীৰ ডাক্তৰ এজনকো নমতা নহয়..কিন্তু এষাৰেই কথা  ভুপেন দাই  কোৱা কথাষাৰেই ইহঁতৰ ভাৱে হেনো বেকচিনেই ওলোৱা নাই !!  এতিয়া কি কৰো...আই-পিতাইয়ে  বাৰীত থকা কচুৰ ঠাৰিৰ লগতে অমিতাৰ লগত লখিমীৰ ভাৱে খাদ্যৰ মন্নত কৰিছে ..মা আৰু দেউতাই আকৌ সেইবিলাক বনোৱাত বিৰাট পাকৈত,,,,সেইবিলাক কৰাৰ পাছতো লখিমীয়ে  নাখায়ে নাখায়...এইবোৰ দেখি   বিপাংঙত  পৰিছো..ছেঃ কি কৰো এতিয়া .ওৰে-ৰাতি লখিমীক শুশ্ৰুষা কৰাতে ব্যস্ত ।  
কানে কানে নুশুনা নহয় পিছে তেনে কাহিনীও ,,লখিমীৰ দৰে বহুতো প্ৰজাতিৰে শেষ নিশ্চাস কৰিছে..বৰ্তমান সময়ছোেৱাৰ  যেনেদৰে কৰণাৰ সংক্ৰমণত  বিশ্বত মৃত্যুৰ নদী বৈ গৈছে ঠিক তেনেকৈ লখিমীৰ নিচিনাকৈ আৰু সেই মৃত্যুৰ নদীত জাঁহ গৈছে ॥ নদীৰ ঘৰাঁখহনীয়াৰ দৰে  আই-পিতাইৰ দৰে বহুতৰো নৈৰ দৰে বুকুত খহন কৰিছে কোনে বাধা দিব সেই খহনীয় ॥
সেই ভয়ৰ শংকাহৰ বাতৰি কানে কানে আহি  আই -পিতাইৰ লগতে সকলো পৰিয়ালৰ কাণতেই গুন্জিছে ,,কি কৰো নকৰো বিপাংঙত পৰিছে ॥এজাক ধুমুহাও আহিছে  তামোল-ছালি ,,শিমলু-মদাৰৰ ডাল ভাঙি প্ৰলয়ংকাৰী ৰূপত আহিছে প্ৰায়ে তিনি ঘন্টাৰ জুৰি ঢোল বাদনা বজাই তান্ডৱ নৃত্যত মছগুল হৈছে...তাৰ মাজতো ৰাতি আঠমানত ..আমাৰ লখিমীজনী সাতটি সন্তান জন্ম দিলে..॥ ভাৱিছিলো সেয়ে ছাগে ""লখিমী খাৱৰ ইচ্ছা নাছিল"""কিন্তু আগতটো তেনেকৈটো হোৱা নাছিল ,,। সাতটি পোনাহতকো নিৰু,মিনু,চিনু,দিনু,পিনু,পিলু আৰু তিলু আই-পিতাইয়ে নাম দি মাতিলে..ইহঁত দৌৰি আহে খানা খাবলৈ..বেচেৰী ইহঁতৰ আইলৈয়ে দুখ লাগে ,,মাত্ৰ দুটি চকুটোৰ কাষে বিশাল জৰ্নাৰ দৰে পানী বৈ আহিছে ॥
প্ৰায় দুদিন মানৰ পিছত ..সাতটি সন্তানে কান্দিছে যেনেকৈ যেতিয়া আপোন মানুহ এজনে সেই পৃথিৱীৰ পৰা সকলোকে বিদায় দিয়ে আৰু সেই সময়ত যেনেকৈ কন্দা হয় আৰু তেনেই সুৰত বিয়ঙিছে...পিছদিনা  বেলিটিয়ো ৰঙা বস্ত্ৰ ধাৰন কৰি দেখা দিছেহি তাৰ পিছতেো কান্দিয়েই আছে  আৰু কালক্ৰমত গম পালো যে "লখিমী আৰু নাই "সেই শব্দই সকলোৰ মাজতে  যেনেকৈ এখন হাবিৰ মাজতে সকলেই যদি গতি মগ্ন হয় আৰু সেই গতিত যেন তোমাৰ পিছে পিছে কোনোৱা এজনেও আহিছে আৰু সেইজনৰ লাহে লাহেকৈ খোজ কৰাত যেনেকৈ "ছিৰিং ছিৰিং"শব্দ কৰাদি যেন  অনুভৱ হৈছিল । 
বহিঃভাৱে নহলেও ভিতৰি ভিতৰিয়ে  নৈ এখন সানিছে,,তাৰো যে উমান পাইছো । বৰ্ষা ঋতুৰ আগমণৰ দৰে "ধৰনীৰ বুকুতযেন বতাহে -ধুমুহাৰ সৈতে মেঘে -গাজনি দিয়াৰ দৰে সমস্ত বৰষুণ জাক যেন আই-পিতাইৰ চকুতহে যেন পোখা মেলিছে ॥
বেচেৰী পোনাকেইটা  খান্দিয়েই আছে,নাকান্দিব  কিয়নো এতিয়া ইহঁতকনো কোনে মাক'ৰ মৰম দিব,,মাতৃৰ    মৃত্যুৰ  সময় মাত্ৰ  দুই সপ্তাহমান হৈছিল হে । আমিটো সকল ইহঁতক লালন-পালনটোৱে কৰিব পাৰো,মাক'ৰ মৰম জানো দিব পাৰো জানোঁ ॥
শ্মশানৰ যাত্ৰাৰ সময়তো ইহঁত কম কন্দা নাছিল,বগা  ৰংঙৰ সাজযোৰ দিব নোৱাৰিলেও,একমিনত লখিমীৰ ভাবে তাৰ আত্মাটো মৌন প্ৰাৰ্থনা কৰিব নোৱাৰিলেও ,তিনিডালৰ তিনি ৰংঙৰ তিনিটা শব্দ থকা তগৰ,কৰৱী,আৰু সুৰভী  পুষ্পৰে শেষবাৰৰ ভাৱে কৃতান্ত কৰিলো ॥ আই-পিতাইৰ চকুত কেনেকৈনো থাকিব  চকুৰে পানী হ্ৰদ নোহোৱাকৈ,লখিমীৰ বয়স প্ৰায়েই জন্মৰ পৰা মৃত্যুৰ প্ৰাকমুহুৰ্তলৈকে সাতবছৰ বয়স আছিল ,,ঘৰটোৰ অৰ্থ  আৱন্সৰ ভাৱে উপায় আছিল কেৱল লখিমী ॥দৰিদ্ৰ -দুখীয়া  সকলৰ ভাৱে সেইয়াইটো উপায়,,কাৰন আমাৰ বাবে প্ৰয়োজনীয় উদাহৰণ স্বৰূপে পঢ়াৰ ,চাহিদা লখিমীয়েইটো পুৰাইছিল..॥ 
"শুন য়েনে: শুন" সেই সুৰত এতিয়ানো কাক বুলি মাতিব, আই-পিতাইৰ জানো চকুৰে পানী নৈ হৈ নাজাবনো কিয় কাৰন মৰমটো আছিল এক এনাজৰীৰ ছেইনডালৰ দৰে॥বেচেৰা সেই মাতৃৰ  চেনেহ  বিচাৰি এতিয়াওঁ কান্দিয়ে আছে ,এতিয়া ইহঁতকনো কোনেনো মৰম কৰিব ॥


(বি:দ্ৰ: লখিমী হৈছে আমাৰ ঘৰটোৰ  ,এক পোহনীয় জন্তু  গাহৰীৰ নাম ,,আৰু যোৱা কালি কালি লখিমীৰ মৃত্যু হৈছিল,,বৰ্তমান প্ৰেক্ষাপথত কৰণা দৰে ভাইৰাছত আক্ৰান্ত হোৱাৰ দৰে  অসমতো গাহৰীৰ মৃ্ত্যুৰ সোঁত বৈছে ..হয়তো জ্ঞাত আপোনালোক ॥
"শুন-য়েন-শুন"- সেই শব্দটো গাহৰীটিক ধানা খোহোৱাৰ সময়ত মাতা শব্দ" )

✏️তপন পায়েং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)