বৰষুণৰ বতৰ , এনেকুৱা বতৰত যে গাড়ীও পোৱা নাযায় ৷ বছে দিয়া নতুন প্ৰজেক্টটোৰ কামত লাগি থাকোঁতে মীনাক্ষীৰ অফিচৰ পৰা ওলোৱা অলপ দেৰিয়ে হ’ল আজি৷ খোজকাঢ়িয়ে যাব লাগিব; মনতে ভাবিলে তাই ৷ অফিচৰ পৰা তাইৰ ৰুমলৈ আধাঘণ্টাৰ বাট ৷ কৰ্মসূত্ৰে তিনিমাহৰ আগত তাই এই চহৰখনলৈ আহিছে ৷ বতৰটোক গালি দি খোজকাঢ়ি আহি থাকোঁতে হঠাৎ গাড়ী এখন আহি তাইৰ গাৰ কাষতে ৰ’লহি। তাইৰ নিউজত পঢ়িব পোৱা কাহিনীবোৰ চকুৰ আগত অগা দেৱা কৰিব ধৰিলে ৷ তেনেতে আগন্তুকে গাড়ীৰ গ্লাছখন নমাই মাত দিলে ৷
🧑: ইমান বৰষুণত ক’ত যাব ?
কি ক’ব তাই ভাবিয়ে পোৱা নাই ৷ গাড়ীত উঠাই নি যদি তাইৰ লগতো কিবা...নাই নাই তাই আৰু ভাবিব নোৱাৰে ৷ তেনেতে মানুহজনে আকৌ মাত দিলে ৷
🧑: কি ভাবি আছে ? ক’ত যাব আপুনি ?
টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে তাই চক্খাই উঠিল ৷ ভয়ে ভয়ে কৈ উঠিল :-
👩: ন-পুৰ তিনিআলি
🧑: অ’ মোৰ ঘৰো সেইফালেই ৷ বেয়া নাপাই যদি মোৰ লগতে যাব পাৰে ৷
খা বাপ্পেকে..কি কৰিবি মীনা এতিয়া.. বেটাই তোক লগত নিহে এৰিব ৷ কিহে যে পাইছিল তাইক ক’ত যাব ক’বলৈ৷ তাই মনতে পাগুলী থাকিল কথাবোৰ ৷
🧑: কি ভাবিছে ইমানকৈ ? ভয় কৰিব নালাগে ব’লক মোৰ লগতে ৷ এতিয়া গাড়ীও নাপাব ৷ বৰষুণ আৰু ডাঙৰকৈ অহাৰ সম্ভৱনা আছে ৷ আহক, ৰৈ থাকি সময় নষ্ট নকৰিব ৷
কি কৰা যায়..যোৱাটো ভাল হ’বনে নহয় ভাবি ভাবি মানুহজনক ক’লে:-
👩: নাই, নালাগে,মই পাৰিম যাব ৷ সদায় অহা যোৱা কৰি থকাই হয় এনেকৈ ৷
মানুহজনে এইবাৰ গাড়ীৰ দৰ্জা খুলি আকৌ কৈ উঠিল:-
🧑: আহক, আহক , বেছি ভাবি চিন্তি থাকিব নালাগে৷ আপোনাৰ একো অপকাৰ নহয় মোৰ লগত গ’লে ৷
ক’ত ফচিলোহি..কি হ’ব মোৰ আজি ঠিক নাই ৷ ভাবি ভাবি মীনাক্ষীয়ে মানুহজনৰ ফালে চালে৷ গম্ভীৰ মুখখনৰ গৰাকীজনে তাইৰফালে চাই ৰৈ আছে ৷
লাহেকৈ তাই বেগটোত থকা জলকীয়া গুৰিৰ স্প্ৰেটো আছেনে নাই চাই ল’লে ৷ ঠিকেই আছে বেগত ৷ ঘৰৰ পৰা অহাৰ আগত মাকে কিনি আনি দিছিল ৷ মাকৰ মুখনলৈ তাইৰ মনত পৰি গ’ল ৷ স্প্ৰেটোক সাৰথি কৰি মানুহজনৰ লগত যোৱাটোকে ঠিক কৰিলে ৷ কিবা দিগদাগ কৰিলে চকুৱে মুখে মাৰি গাড়ীৰ পৰা পলোৱাৰ পৰিকল্পনা কৰি কথা গহীনকৈ গাড়ীত বহিলহি ৷ মনে মনে ভয়ো লাগিছে ৷ মানুহজনৰ লগত যাব লৈ ভাল কৰিছেনে নাই...এশ এবুৰি চিন্তাই জুমুৰি কৰিলেহি তাইক ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ