হেল্ল' কোনে কৈছে - ০১

©Admin
1

বৰ্তমানৰ পৰিস্থিতিক লৈ দুজন বন্ধুৰ মাজত ফোনত হোৱা বাৰ্তালা
ৰঘুঃহেল্ল' কোনে কৈছে ?

ৰামুঃ মই ৰামুৱে কৈছো।

ৰঘুঃ ৰামু কি খবৰ? বহুত দিনৰ মূৰত ফোন কৰিছা ভালে আছাতো ?


ৰামুঃ ভালেই আছো কি কম মোৰ চৰ্দী জ্বৰ হোৱাত মই মেডিকেললৈ গ"লো ডাক্তৰে কৰ'ণা হৈছে বুলি টেষ্টৰ বাবে পঠিয়াই দিলে আৰু কি হ'ল শুনা টেষ্ট হোৱাৰ পাছত কোৱাৰেনটাইমত থৈ দিলে ৷ তাৰ পাছত ৰিজাল্ট ওলাল নেগেটিভ ৷ তাৰপাছত মই ঘৰলৈ উভতি আহিলো কিন্তু আমাৰ অঞ্চলত আৰু ফেচবুকত মোক কৰ'না পাইছে বুলি হাল্লা ৷ এতিয়া মোক গাঁৱৰ মানুহে ঘৃণা কৰিবলৈ ধৰিলে সেইয়াই নহয় দোকানত বস্তুও নিদিয়া হ'ল ৷ মোৰ মন ভাগি পৰিল আৰু মই এদিন আত্মহত্যা কৰিবলৈ ওলালো কিন্তু দেউতাই বুজাই ক’লে যে মানুহৰ প্ৰকৃতিয়ে তুমি যেতিয়া বেয়া কৰিবা তেতিয়া বহু কথা শুনাব,মস্কৰা কৰিব আৰু যেতিয়া ভালটো কৰিবা তোমাৰ নামৰ সৈতে নিজৰ নাম লগাবলৈ তোমাৰ গুণগান কৰিব গতিকে তেনেবোৰ মানুহৰ কাৰণে নিজৰ জীৱনটো নষ্ট নকৰিবা পৰিস্থিতিৰ লগত সকলো ঠিক হৈ যাব " 

আৰু মই আজি তোমাৰ সৈতে কথা পাতিছো বাকী তোমাৰ খবৰ কোৱা ?

ৰামু:মোৰনো কি ক'ম ?লকডাউন হোৱাৰ পৰাই বিজনেছত  বেয়াকৈ মাৰ খালো এতিয়া দুমুঠি খাবলৈকৰিবলগীয়া হৈছে ৷ বেংকত থকা জমা ধনো ইতিমধ্যে শেষ হৈছে কি কৰোঁ ভাৱি নোপোৱা হৈছোঁ  ৷

ৰঘুঃ হয়তো এই লকডাউনে মানুহক বৰবাদ কৰি দিলে ৷ আমাৰ তো জেনেতেনে চলি গৈছে কিন্তু এনে কিছুমান লোক আছে যিয়ে দিন হাজিৰা কৰি খাইছিল সিহঁতৰ কি গতি হৈছে ভাৱাচোন ৷

ৰামুঃ হয়তো এই কথা ভাৱিলেই হিয়াখন কঁপি উঠে মোৰ বিজনেছ চলি থাকোতে তেনেসকল লোকক সহায় নকৰা নহয় কিন্তু কি কম আজি মই নিজেই মগনীয়া ৷

                 আগলৈ

📝দুলাল ৰবিদাস

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment