দক্ষিণ কামৰূপৰ যাত্ৰাদল এক মোহনীয় কৃষ্টি-০২

©Admin
0
  যোৱা সংখ্যাৰ পিছৰ পৰা ...
তাৰ পিছত মঞ্চলৈ বাজানাদাৰ সকল আহিছিল | সেই সময়ত এওঁলোকক কনচাৰ্ট পাৰ্টী বুলি কৈছিল | খোলা মঞ্চৰ এমুৰে বাজানাদাৰ সকল বহিছিল | বাদ্যৰ ভিতৰত ক্লেৰিনেট , পকেট, বেণ্ডপাৰ্টীৰ ড্রাম , চাবড্রাম, তাল, জুনুকা ,হাৰমনিয়াম, বাঁহী আৰু তবলাই আছিল প্রধান | সেই সময়ত বাদ্য বজোৱা কোনো লোকক ওস্তাদ বুলিছিল | তেওঁ বাদ্যই নহয় নাট-নৃত্যত সৰ্ববিশাৰদ আছিল | ওস্তাদে নাজানিছিলনো কি ? বচনৰ পৰা নাচ-গান গীতলৈ তেওঁ আছিল গুৰুৰ দৰে | এই ক্ষেত্রত নাম লবলগীয়া জজি গাঁৱৰ ওস্তাদ বানেশ্বৰ কলিতা , দোৱাপাৰা শিকাৰহাটীৰ ওস্তাদ দ্বাৰিকা নাথ দেৱশৰ্মা , খটিয়ামাৰীৰ ওস্তাদ মদন চন্দ্র দাস, আৰু বহুতো | মঞ্চত কোনো ধৰণৰ আঁৰ কাপোৰ ব্যৱহাৰ হোৱা নাছিল | সেই সময়ৰ বাদ্যযন্ত্রৰ কলা-কুশলীবোৰ একোটা বাদ্যত এজন পাৰ্গত ব্যক্তি আছিল | সংগীত বুলিলে পুৰুষ কণ্ঠস্বৰেই প্রায় শুনা গৈছিল | অৰ্থাত নাৰী চৰিত্রৰ সংলাপো পুৰুষেই দিছিল | সহজ সৰল আৰু থলুৱা কৃষ্টিৰ দৰে সংগীতবোৰ আছিল ট একোজন গায়ক বা ওস্তাদেই তেতিয়া একমন লৈ যাত্রাদলত কিমান যে অভিনয় কলা শিকাইছিল ভাবিলে আচৰিত লাগে | প্রথম কনচাৰ্ট আৰম্ভ কৰাৰ লগেলগে যাত্রাদলৰ মানুহ এজন মঞ্চলৈ ঊঠি আহি কাগজ কিছুমান লাডুৰ দৰে কৰি দৰ্শকলৈ দলিয়াই দিছিল | সেয়া সেই নিশাৰ নাটকৰ প্রগ্রেম | প্রগ্রেম এখনৰ বাবে মানুহৰ মাজত হৈ চৈ আৰম্ভ হৈছিল | পিছলৈ প্রগ্রেম হাতে হাতে দিয়াৰ ব্যৱস্থা কৰা হল | তাৰ পিছত দ্বিতীয় কনচাৰ্ট আৰম্ভ হল | ৰভাতলী কাঁহপৰি জীণ যোৱা ৰ দৰে হল | দূৰৰ চাজ ঘৰৰ পৰা মঞ্চলৈ আহিবলৈ দুই মুৰে বান্ধি দিয়া বাঁহৰ পথেৰে খোলা মঞ্চলৈ নৰ্তকীসকলে আহি নৃত্য পৰিবেশন কৰিলে আৰু এটা সময়ত নৃত্য শেষ হল | 
     নৃত্যৰ পিচত কি নাটক হব সেইটো যাত্রাদলে ঘোষণা কৰিলে | দূৰৰ পৰাই খোলা মঞ্চলৈ গীত গাই গাই মানুহ এজন আহিল | তেওঁ বিবেক গান গাইছে | বিবেক গান হল দেখুৱাবলৈ ওলোৱা নাটকখনৰ মূল অৰ্থ অৰ্থাত কুকৰ্মৰ পৰিণতি কি হব অথবা নাটকৰ নীতি আদৰ্শ | ভাৱিলে আচৰিত লাগে যে সেই সময়ৰ বিবেক গোৱা মানুহবোৰে নিজে গান ৰচি সুৰো দিছিল  | আগলৈ....

       📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)