স্বাধীনতালৈ কিমান বাকী?

Rinku Rajowar
0
আমি বৰ্তমান কিমান স্বাধীন?  আমি বৰ্তমানো কিমান পৰাধীন?  আমি প্ৰতি বছৰে সন্মান সহকাৰে ১৫ আগষ্টৰ দিনটোত স্বাধীনতা দিৱস অনুষ্ঠিত কৰি আহিছোঁ কাৰণ ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোতে আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হৈছিল ৷ এক গৌৰৱৰ কথা, বহু সংগ্ৰামীৰ তথা মহাত্মা গান্ধীৰ দৰে মহান নেতাৰ নেতৃত্বত ভাৰত বৰ্ষ ঔপনিবেশিক শাসনৰ পৰা মুক্তি পায় স্বাধীন হৈছিল ৷ আজি সেই মুক্তি বা স্বাধীনতাৰ ৭৪ টা বছৰ গৰকিল ৷ আমি ৭৪ টা বছৰত ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ অধীনত স্বাধীনতা উপভোগ কৰি আহিছোঁ ৷ কিন্তু বাস্তৱত আমি কিমান স্বাধীন বা পৰাধীন ?

    স্বাধীনতা মানে হ'ল মুক্ততা,কাৰো আদেশ বা গোলামী নখটা সিদ্ধান্ত লৱ পৰাকৈ জীৱন উপভোগ কৰাই স্বাধীনতা ৷ স্বাধীনতা কাক নালাগে,  প্ৰত্যেক জীৱই স্বাধীন হোৱাটো বিচাৰে ৷ কিন্তু স্বাধীনতা বুলিলেই যে আমি অপ্ৰতিৰোধীকৰ অৱস্থা নিজৰ মনত গোজ দি লওঁ সেয়া কোনো প্ৰকাৰে স্বাধীনতা হ'ব নোৱাৰে ৷ আমি স্বাধীন বৰ্তমান ৷ আমি ইমানেই স্বাধীন যে এজনে আনজনক হত্যা কৰিবলেও ভয় নকৰোঁ,  আমি ইমানেই স্বাধীন যে দূৰ্নীতি কৰিবলেও ভয় নকৰোঁ,  আমি ইমানেই স্বাধীন যে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অন্যজনৰ স্বাধীনতাখিনিকো খৰ্ব কৰিব পাৰোঁ, আমি ইমান স্বাধীন যে নিজতকৈ হীন জনক লুণ্ঠন কৰিব পাৰোঁ, আমি ইমান স্বাধীন যে দেশৰ কাৰণে ভ্ৰষ্টাচাৰী শাসনো সৃষ্টি কৰিবলৈ সক্ষম, আমি ইমান স্বাধীন যে সমাজৰ বাবে অনীতি প্ৰস্তুত কৰিব পাৰোঁ,  আমি ইমান স্বাধীন যে মেলে মিটিঙে নাৰী সবলীকৰণৰ ভাষণ দি পিছত নাৰীক ধৰ্ষণ কৰিব পাৰোঁ, আমি ইমান স্বাধীন যে নিজৰ স্বাধীনতাৰে হাজাৰ হাজাৰ মজদুৰক গোলাম কৰিব পাৰোঁ ৷  হয় আমি সচৰাচৰ দেখি অহা বহু ক্ষেত্ৰত স্বাধীনতাৰ চূড়ান্ত পৰ্য্যায় অতিক্ৰম কৰিছোঁ ৷

      আমাৰ কেতবোৰ ক্ষেত্ৰত যদিও স্বাধীনতা দেখিবলৈ পোৱা যায় আন বহু ক্ষেত্ৰ আছে যি লক্ষ্য কৰিলে এনে অনুভৱ হয় যেন আমাৰ ভাৰতবৰ্ষ এতিয়াওঁ প্ৰকৃত  স্বাধীনতাৰ পৰা আঁতৰি আছে,পৰাধীন হৈ আছে এতিয়াওঁ ভাৰতবৰ্ষ ৷ আমি দৈনন্দিন নিজৰ নিজৰ কিছু সৰু প্ৰয়োজনৰ বাবেও আনজনৰ ভৰসাত বহিবলগীয়া হয় ৷ কিছুমান কাম আমি নিজে আগ্ৰহী হৈ আয়ত্ত কৰিব পাৰোঁ, আমি যদি প্ৰকৃততে স্বাধীন তেন্তে আনৰ ওচৰত কিয় ভৰসা কৰোঁ?  হয় আমি স্বাধীন, তথাপিও নিজৰ দেশৰ মাটি এৰি অন্য দেশত নিগাজীকৈ থাকি,সংসাৰ তৰি ভাৰতীয় বুলি কৱ পাৰোঁ,  হয় আমি স্বাধীন সেইবাবেই আত্মনিয়োজনৰ পথ বিচাৰ কৰাত হেমাহি কৰি অন্যজনৰ ওচৰত গোলাম খাটিম পাৰোঁ, হয় আমি স্বাধীন সেইবাবেই সৰু সৰু কামবোৰ কৰিলে সমাজে হাঁহিব বুলি লজ্জাবোধ কৰোঁ, হয় আমি স্বাধীন সেইবাবেই দেশত লক্ষ লক্ষ শিশুশ্ৰমিক এতিয়াওঁ ভৰপূৰ,  হয় আমি স্বাধীন, সেইবাবেই প্ৰতিদিনা হাজাৰ নাৰীয়ে অত্যাচাৰ,ধৰ্ষণত নিজৰ প্ৰায় হেৰায়, আমি স্বাধীন বাবেই বহু বিবাহিত নাৰীক জ্বলাই মাৰে,  আমি স্বাধীন বাবেই বৰ্তমানো অন্ধবিশ্বাস,ডাইনী,যখিনী জ্ঞান কৰি সমাজ চলায় আছোঁ , হয় আমি স্বাধীন সেইবাবেই দৰিদ্ৰ, হাতচুটি আৰু মধ্যবিত্তজন অধিকাৰৰ পৰা বঞ্চিত, হয় আমি স্বাধীন বাবেই নিজৰ মান যশ এৰি দি লুণ্ঠিত হৈ আছোঁ ৷

    প্ৰকৃততে আমি যদি স্বাধীন তেন্তে সমাজৰ কেতবোৰ অনীতিৰ বিৰুদ্ধে কিয় মাত নামাতো?  হয় হয়, মাত মাতিলেই চৰকাৰে সহায় নিদিব, মাত মাতিলে জেইলৰ ভাত খাৱ লাগিব, মাত মাতি বিতৰ্ক সৃষ্টি কৰাতকৈ মৌন হৈ বহি থাকিম ৷ মৌন হৈ বহি থাকি শোষিত হৈ ঘৰতে বহি বহি স্বাধীনতা ভোগ কৰিম আমি ৷ অন্যহাতে মানুহবোৰ অতিস্বাধীনতাত ভোগিছে ৷ স্বাধীনতাক উপভোগ কৰিছে ভয় নোহোৱাকৈ ৷ নিৰীহজনৰ মৃত্যু হোৱাৰ উদাহৰণ সুকীয়াকৈ দিয়াৰো প্ৰয়োজন নাই ৷ তাৰ পিছতো কিন্তু আমি স্বাধীনতা দিৱস অনুষ্ঠিত কৰি আছোঁ আৰু কৰি যাম,  বাইক,গাড়ীৰ আগে আগে জাতীয় পতাকাখন লগাই যাম, পাৰিলে গোটেই শৰীৰত ত্ৰিৰংগ আঁকি স্বাধীনতা দেখুৱাম, আমি ষ্টেটাচে ষ্টেটাচে স্বাধীনতাৰ শুভেচ্ছা দিম, এয়াই বৰ্তমানৰ স্বাধীনতাৰ দিন ৷
     বহুত বাকী স্বাধীনতালৈ, স্বাধীনতাৰ সংজ্ঞা সহজ অথচ বৰ কঠিন ৷ সহজভাৱে লোৱাজনে অতিস্বাধীনতা ভোগ কৰে আৰু কঠিন বুলি ভবাজনে সদায় স্বাধীনতা লাভৰ পৰা বঞ্চিত হৈ ৰয় ৷

    মোৰ এই মনৰ ভাৱেৰে বাকস্বাধীনতাৰ যোগেদি সকলোলৈ ৭৪ তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷ জয় হিন্দ ৷ বন্দে মাতৰম ।

🖋️দিব্যজ্যোতি ৰাজখোৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)