স্বাধীনতা দিৱস আৰু কিছু প্ৰশ্ন?

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৭৪ বছৰত ভৰি দিলেহি । আমি স্বাধীন দেশৰ নাগৰিক এইয়া আমাৰ ৭৪ বছৰীয়া এটা সত্বা । মহান মনিষী তথা মহিয়সীৰ কেঁচা তপত তেজৰ ওপৰত প্ৰতিষ্ঠিত আমাৰ এই স্বতন্ত্ৰতা ।১৫ আগষ্ট স্বাধীনতা দিৱস ,১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ইংৰাজৰ শাসনৰ কবলৰ পৰা মুক্ত হৈ বিয়জৰ উল্লাহত মত্ত হৈছিল ভাৰতবৰ্ষৰ আকাশ বতাহ ।আজিও উৰি আছে ভাৰতবৰ্ষৰ ত্ৰিৰংগা ,জয়ৰ জয়ধ্বজা ।সংবিধানে সুৰক্ষা প্ৰদান কৰি আহিছে দেশৰ সকলো নাগৰিকক ,সকলো নাগৰিকৰ ক্ষেত্ৰতে  প্ৰযোজ্য মৌলিক অধিকাৰ,মৌলিক কৰ্তব্য তথা দেশৰ শাসন ব্যৱস্থা ।প্ৰচেষ্টা স্বাধীন ভাৰতবৰ্ষত শান্তি বৰ্তাই ৰখাৰ ,এতিয়া এইখিনিতে এটা প্ৰশ্ন হয় সংবিধানত সন্নিবিষ্ট অধিকাৰ সমূহে  সচাঁকৈয়ে পাৰিছেনে সমতা স্থাপন কৰিব?পাৰিছেনে শাসন ব্যৱস্থাই জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰিব ?স্বাধীনতা দিৱসৰ দিনা ভয় কৰো কিয় আমি কাৰ্যালয়,বিদ্যালয়,মহাবিদ্যালয় আদিলৈ গৰ্বেৰে বুকু ফিন্দাই ওলাই গৈ নীল আকাশত ত্ৰিৰংগা উৰুৱাবলৈ? কাৰ বাবে নিৰাপত্তাহীনতাত ভোগো আমি আমাৰ স্বাধীন দেশত?  আটাইতকৈ ডাঙৰ প্ৰশ্ন আমি সঁচাকৈয়ে স্বাধীন নে ?
      উপৰোক্ত প্ৰশ্নসমূহ ভাৱিবলৈ আমি বাধ্য ,ভাৰতীয় সংবিধানৰ  ১২ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈকে মৌলিক অধিকাৰ সমূহ উল্লেখ আছে ।এই মৌলিক অধিকাৰ সমূহ হ'ল---
        ১/সমতাৰ অধিকাৰ।
        ২/স্বাধীনতাৰ অধিকাৰ।
        ৩/ শোষণৰ বিৰুদ্ধে মতামত পোষণৰ অধিকাৰ ।
        ৪/ধৰ্মীয় অধিকাৰ ।
        ৫/ শিক্ষাৰ অধিকাৰ ।
         ৬/সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ ।
এই ছয় প্ৰকাৰৰ অধিকাৰৰ কথা ভাৰতীয় সংবিধানত  উল্লেখ আছে যদিও সকলোৰে ক্ষেত্ৰত জানো সমতা স্হাপন হৈছে ।ধৰ্মীৰ ভেদভাৱ দূৰীকৰণত আমি জানো সফল হৈছো ।৬ ৰ পৰা ১৪ বছৰৰ শিশুৰ প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিছে ঠিকেই কিমান শিশুৱে এই শিক্ষাৰ পৰা বঞ্চিত হৈ শিশু শ্ৰমিক ৰূপে নিয়োজিত হৈ আছে চৰকাৰে খবৰ ৰাখিছেনে ?এনেস্হলত কেনেকৈ মৌলিক অধিকাৰ সমূহে আমাক স্বাধীনতাৰ সোৱাদ দিব পাৰিব ।
        আমাৰ শাসন ব্যৱস্থা যিমানেই কটকটীয়া নহওঁক কিয় আজিও মুক্ত আকাশৰ তলত অনিচ্ছা স্বত্বেও নিজ প্ৰাণ বিসৰ্জন দিব লগা পৰিস্থিতিৰ কিয় উদ্ভৱ হয় ?কিয় ধৰ্ষিতা হয় নাৰী ? দিন দুপৰতে চুৰি দকাইতি তথা নিৰাপত্তা ভংগ হোৱা কাম বিলাক কিয় সংঘটিত হয়‌?আমি কেনেকৈ কও আমি যে নিৰাপদ,আমাক সংবিধানে নিৰাপত্তা দিছে বুলি ।আমি ভয় কৰো স্বাধীনতা দিৱসৰ দিনা ক'ৰবাত উলাই যাবলৈ মুক্ত আকাশৰ তলত খোজ কাঢ়িবলৈ ,ভয় থাকে মনতে কিজানিবা কোনো সন্ত্ৰাসবাদী দলে আক্ৰমণ কৰে ,ক'ৰবাত বিস্ফোৰণ ঘটাই ।ইমান ভয় শংকা লৈ আমি বসবাস কৰি আহিছো যে নিজকে লাজ লাগে স্বাধীন দেশৰ নাগৰিক বুলি ক'বলৈ । ৭৪বছৰ হ'ল দেশ স্বাধীন হোৱা আজিও একেই আছে কিছু ক্ষেত্ৰত পৰাধীনতাৰ বতাহ ।আমি স্বাধীন দেশত বসবাস কৰো হয় স্বাধীন জনতাৰ দৰে বসবাস কৰিবললৈ আজিও নিশিকিলো সেইয়া আমাৰ দুৰ্বলতা ।ক'ৰবাত নহয় ক'ৰবাত আজিও নাৰীসকলক ব্যৱহাৰ্য্য সামগ্ৰীৰ দৃষ্টিৰে চোৱা হয় তেমেস্হলত সমতা কেনেকৈ স্হাপন হ'ব ।যি দিনালৈকে আমি সংবিধানৰ নীতি আদৰ্শক সাৰগত কৰি সংবিধানক প্ৰকৃত অৰ্থত মৰ্যদা প্ৰদান কৰি জীৱনত আগবাঢ়িবলৈ নিশিকো সেইদিনা লৈকে আমি স্বাধীন হৈয়ো পৰাধীন হৈ ৰম ।আমি স্বাধীন শৰীৰ ,আত্মা সকলোৰে ফালৰ পৰা আমি স্বাধীন ,আমি নাৰী হৈয়ো পুৰুষৰ সমান ,আমি নিৰাপদ ইত্যাদি ইত্যাদি অনুভৱ যেতিয়ালৈকে আমি আমাৰ মনত জাগ্ৰত কৰিব নোৱাৰো তেতিয়ালৈকে আমি স্বাধীন হৈয়ো পৰাধীন ।ভাৰতবৰ্ষ স্বাধীন হ'ল সঁচা কিন্তু সম্পূৰ্ণৰূপে মুক্ত নহ'ল শংকাৰ কবলৰ পৰা । আপোনালোকেই ভাৱি চাব চোন ,আমি সঁচাকৈয়ে স্বাধীন নে ?

🖋️সন্ধ্যাৰাণী বুঢ়াগোহাঁই 
               টীয়ক ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send