কোন দিশেদি আহে স্বাধীনতা

Rinku Rajowar
0
সংগ্ৰাম বা বিপ্লৱৰ পথ সদায়েই কাঁইটীয়া। এটা নিৰ্দিষ্ট সোঁতত গৈ থকা জীৱনধাৰা বা মানসিকতালৈ হঠাৎ এটা পৰিবৰ্তন অহাটো গৰিষ্ঠসংখ্যকেই সহজভাৱে ল'ৱ নোৱাৰে । আনহে নালাগে শোষণৰ বিৰুদ্ধে শোষিত শ্ৰেণীয়ে এদিনতে মূৰ তুলি প্ৰতিবাদ কৰা পৰিলক্ষিত নহয় । পদাৰ্থ বিজ্ঞানত নিউটনৰ এটা সূত্ৰ আছে -  law of inertia, সেই অনুসৰি বাহ্যিক বল প্ৰয়োগ নোহোৱা পৰ্যন্ত ৰৈ থকা বস্তু ৰৈ থাকিব আৰু গৈ থকা বস্তু গৈয়েই থাকিব বিচাৰে । সমাজতো তেনেদৰে যি চলি আছে মানুহে তাক সলনি কৰাৰ প্ৰৱণতাটো সতকাই আপোন কৰিব নোৱাৰে। সেয়েহে ক্ৰমান্বয়ে গুঞ্জৰিত হ'ব ধৰা পৰিবৰ্তনশীল মনোভাৱ বা বিপ্লৱৰ প্ৰতি এক প্ৰচণ্ড বাধা সোঁতত ভাঁহি থাকিব বিচৰা সুবিধাগ্ৰহনকাৰী শ্ৰেণীটোৰ পৰা সদায়েই পোৱা হয়। গতিকে বিপ্লৱৰ পথেৰে অগ্ৰসৰ হোৱা বিপ্লৱীৰ যাত্ৰাপথ সদায়েই কণ্টকময়। ত্যাগৰ পথ আদৰি যন্ত্ৰণা আৰু ভীতিগ্ৰস্ততা জয় কৰিব পাৰিলেহে বিপ্লৱৰ পথেৰে খোজ দিয়াটো সম্ভৱ। 
      আজি আমি যিখন ভাৰতবৰ্ষত জীয়াই আছো, যি ন্যায় আৰু স্বাধীনতা উপভোগ কৰিছো তাত এনেদৰে বিপ্লৱৰ  পথ আকোৱালি লৈ সংগ্ৰাম কৰা হাজাৰজন ভাৰতীয়ৰ অশেষ কষ্ট আৰু আত্মত্যাগ নিহিত হৈ আছে। ৰাজতন্ত্ৰ আৰু সামন্তবাদী প্ৰথাৰ অৱসান ঘটি আমাৰ জীৱনবোৰলৈ স্বাধীনতাৰ আগমনৰ এই পথ অতিকৈ জটিল আছিল। দেশৰ জনগনৰ স্বাধীনতা আৰু ন্যায়ৰ স্বপ্নৰে এদিন ভাৰতৰ লক্ষ লক্ষ জনতা ৰাজপথলৈ ওলাই গৈছিল। ব্ৰিটিছৰ অমানুষিক অত্যাচাৰ, নিৰ্যাতন সোণালী ভবিষ্যতৰ স্বাৰ্থত হেলাৰঙে অতিক্ৰম কৰিছিল । কোনোজন বছৰৰ পাছত বছৰ কাৰাবন্দী হৈছিল, আন্দামানৰ অন্ধকাৰ কাৰাগাৰৰ সৰু কোঠালীত আজীৱন আবদ্ধ হৈ কটাইছিল দুৰ্বিসহ জীৱন, কোনোজন ঘূণীয়া হৈছিল, কোনোৱে হেৰুৱাইছিল অমূল্য   জীৱন চৰকাৰৰ স্বাৰ্থপৰতাৰ বৰ্বৰ হাতোৰাত । নিৰ্যাতনত যমৰ জীয়াতু ভোগা আমাৰ পূৰ্বপুৰুষ সকলে এই সংগ্ৰাম নিজৰ ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে কৰা নাছিল, কৰিছিল ভৱিষ্যত প্ৰজন্মৰ বাবে, কৰিছিল দেশমাতৃৰ হকে- আমাৰ পোহৰময় ভৱিষ্যতৰ বাবে নিৰ্মম মৃত্যু অথবা নিৰ্যাতিত জীৱনজোৰা অন্ধকাৰ হাঁহি হাঁহি বৰণ কৰিছিল আমাৰ পূৰ্বজসকলে।

      এই স্বাধীনতা, যাৰ সুবিধাত আমি নিজৰ স্বাৰ্থসিদ্ধিৰ বাসনাত মতলীয়া হৈ আছো, যি স্বাধীনতাত ভৰ দি দেশ শাসনলৈ প্ৰক্ষেপিত হৈছে আমাৰ নেতাসকল আৰু লংকালৈ যোৱাৰ অন্তত কেৱল ৰাৱণ হোৱাৰ অখৰা কৰিব ধৰিছে, এই স্বাধীনতা ফুল, তৰা, গানৰ সুসজ্জিত পথেৰে প্ৰাপ্ত নাছিল যে আমি মুক্তহস্তে অপপ্ৰয়োগ কৰিম, বৰঞ্চ বুকুৰ তেজ ঢালি আজুৰি অনা হৈছিল আমাৰ স্বাধীনতা । সেই স্বাধীনতাক ক্ৰমে বিপন্ন কৰি তোলাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হোৱা আমি প্ৰতিজনেই নৈতিকভাৱে স্বাধীনতা সংগ্ৰামৰ মহান মনিষীসকলৰ আত্মাৰ ওচৰত দায়ী ।

      মোৰ প্ৰথম প্ৰশ্ন নিজলৈ আৰু আমাৰ প্ৰতিজনলৈ, আমি কি কৰি আছো আৰু আমাৰ কৰণীয় কি হোৱা উচিত । আমি বৰ্তমান কোৰোণাৰে ধান চপোৱাৰ দৰে নিজলৈ চপাইছো অৰ্থ, সম্পত্তি, ক্ষমতা, যশস্যা আদিবোৰ । পুণ্যও চপাইছো, কিন্তু জীৱৰ কল্যাণ সাধনাৰে নহয়, মন্দিৰত সেৱা-পূজা, দান-দক্ষিণা, ভোজ-ভাত এইবোৰেৰে । কিন্তু তাৰ বিপৰীতে ক্ৰমশ পিঠি দিবলৈ আৰম্ভ কৰিছো সমূহীয়া স্বাৰ্থৰ প্ৰতি। নিজৰ লাভৰ চিন্তা কৰোতে এই কথা আমাৰ আওতালৈ নহাকৈ ৰৈ গৈছে যে আমাৰ কামে আনৰ ক্ষতি কৰিছে নেকি? যেতিয়ালৈকে নিজে আৰামেৰে আছো কাষৰ জনৰ কষ্ট চকুত পৰা নাই বা পৰিলেও দৃষ্টি ফিৰাই লৈছো। দেশপ্ৰেম, জাতীয় ঐক্য, বন্ধুত্ব, ভাতৃত্ববোধ, ধৰ্মনিৰপেক্ষতা এই শব্দবোৰ কেৱল আনক দেখুৱাবৰ বাবে  ব্যৱহাৰ কৰা শব্দ হৈ পৰিছে, তাৰ অন্তৰালত লুকাই থকা মূল্যবোধৰ গূঢ়াৰ্থ অনুধাৱন কৰাটো অামাৰ চিন্তা-চেতনাৰ পক্ষে টান হৈ পৰিছে । সমাজৰ সংখ্যাগৰিষ্ঠ ব্যক্তিৰ এই অৱহেলা, নিস্ক্ৰিয়তা তথা জ্ঞান বিমুখীতা আৰু আত্মকেন্দ্ৰীকতাৰ সুবিধা গ্ৰহন কৰিছে সুবিধাবাদী চতুৰ ব্যক্তিসকলে । তেওঁলোকে ৰাজনীতি, ধৰ্মনীতি, প্ৰশাসন, ন্যায় এই সকলো ব্যৱস্থাতে নিজৰ স্বাৰ্থসিদ্ধিৰ কু অভিসন্ধিমূলক জাল একোখন পেলাই ৰাখিছে । জনগনক আভুৱা ভৰি ক্ৰমশ আমাৰ জীৱনবোৰ সংকোচিত  কৰি আনিছে। জনগনৰ মনত  ভয়ৰ উদ্ৰেক হৈছে এনেদৰে ৰ্বদ্ধিত ক্ষমতালিপ্সাই এদিন গণতন্ত্ৰৰ গাঁথনি সলনি কৰি পেলাব নেকি?

      মোৰ দ্বিতীয় প্ৰশ্ন গণতন্ত্ৰৰ  ৰক্ষাৰ ভাৱত অভিনয় কৰা ভক্ষকসকলৰ প্ৰতি । চৰকাৰ মানে যদি দুৰ্নীতিৰে টকা আত্মসাৎ কৰা মেচিন হয়, চৰকাৰ মানে যদি ক্ষমতাৰ ৰাগীত জনসাধাৰণৰ মত, আশা আক্যাংক্ষাক ভৰিৰে গুৰিয়াই দিয়া মাতাল হয়, তেন্তে এনে চৰকাৰৰ স্বাৰ্থসিদ্ধিৰ বাবেই আমাৰ পূৰ্বপুৰুষে আত্মত্যাগ কৰিছিল নে? চৰকাৰতন্ত্ৰৰ মন্ত্ৰী আমোলাসকলৰ এই অদ্ভূত  লালসা কিহৰ বাবে? তেওঁলোকে বিশৃংখল কৰি যোৱা সমাজখনত জ্বলা দাবানলত এদিন যদি তেওঁলোকো জ্বলি নাশ হয় ! চৰকাৰে ইচ্ছাকৃত ভাৱে সমস্যাৰ জন্ম দিব বিচাৰে বা সমস্যা পুহি ৰাখে কিয়? আৰু চৰকাৰৰ এনেবোৰ অবিচাৰৰ বিপৰীতে মাত দিলে আজিৰ সময়ত একোজন প্ৰকৃত দেশপ্ৰেমিক দেশদ্ৰোহী খ্যাত হৈ পৰে । দোষ নথকাকৈ ষড়যন্ত্ৰমূলকভাৱে জেল স্বাধীন ভাৰতীয় গণতন্ত্ৰত সুলভ, এতিয়া ক্ৰমশ মৃত্যুও সুলভ হোৱাৰ দিশত আগবাঢ়িছে । 
        ব্ৰিটিছে শাসনকালত দেশক ভাল পোৱা মানুহবোৰে নিৰ্যাতন ভুগিছিল বিদেশীৰ হাতত। এতিয়াও দেশক ভাল পালে নিৰ্যাতনৰ সন্মুখীন হয়। আপোন তেজ মঙহৰ ক্ষমতাশালী চৰকাৰৰ দ্বাৰা। মানুহক ভাল পোৱা দেশক ভাল পোৱা অধ্যয়নশীল মানুহৰ জাতীয় চেতনা সদায়েই ক্ষমতাশালী সুবিধাবাদীৰ চকুৰ কূটা দাঁতৰ শূল।সংবিধানে নাগৰিকক দেশৰ অনিষ্ট নোহোৱাকৈ কথা কোৱাৰ স্বাধীনতা দিছে, কিন্তু সুবিধাবাদী ক্ষমতাশালী শাসনতন্ত্ৰই দিছে ভীতিগ্ৰস্ততা। প্ৰতিবাদ কৰাটো যেন সহ্যই কৰিব নোৱাৰে বৰ্তমানৰ চৰকাৰখনে। হক কথাত মাত মতা প্ৰতিবাদী কণ্ঠৰ নেলুত ধৰিব খোজা  এই চৰকাৰখন কিন্তু তেওঁলোকৰ সমৰ্থক আৰু ষড়যন্ত্ৰৰ অংশীদাৰ সাম্প্ৰদায়িকতাৰ বিষবাষ্প সিঁচা এচাম ব্যক্তিৰ প্ৰতি আশ্বৰ্যজনক ভাৱে নিস্পৃহ। তেনে এচাম মানুহে হকে বিহকে সামাজিক মাধ্যমত কেতিয়াবা অভিনেত্ৰীক অশালীন মন্তব্য কৰিব, কেতিয়াবা ধৰ্ম, জাতিক সামৰি উত্তেজিত কথা ক'ব। সকলো ক্ৰিয়াৰে সমান আৰু বিপৰীতমূখী প্ৰতিক্ৰিয়া থাকে ।এই বিভেদমূলক শব্দবোৰৰো প্ৰতিক্ৰিয়া নিশ্চয় হৈছে৷ চৰকাৰে এতিয়াও চকু মুদা কুলি হৈ থাকি একনায়কত্ববাদ, সাম্প্ৰদায়িকতা আদি বিষয়সমূহ নিৰপেক্ষভাৱে দমন নকৰিলে আমাৰ সোণৰ দেশখন চূড়মাৰ হৈ যাবলৈ বেছি পৰ নালাগিব। সেইজাক ধুমুহাই কেৱল খাটি খোৱা জনগণকে নহয়, ক্ষমতাশালী শাসকগোষ্ঠীকো তচনচ কৰি উৰুৱাই নিব। গতিকে বিবেকেৰে মানৱীয় প্ৰমূল্যবোধ আৰু সংবিধানৰ আদৰ্শ সৰোগত কৰি কাম ল'বলৈ মই অন্ততঃ অসমীয়া গাদীধাৰীসকলক বিনম্ৰতাৰে অনুৰোধ জনালোঁ।

🖋️সংগীতা দোলাকাষৰীয়া, যোৰহাট 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)