স্বাধীনতা

Rinku Rajowar
0
পৰাধীনতাৰ শিকলিবোৰ ভাঙি আমি আজি স্বাধীন,
শাসনৰ দেৱাল ভাঙি আমি আজি স্বাধীন ৷
আপোনৰ তেজবোৰেৰে ব্ৰিটিছে ফাকু খেলি কাঢ়ি নিলে হাজাৰজনৰ পৰাণ ৷
ত্যাগ,বলিদানেৰে বলিয়ান এখন দেশৰ আমি জনতা,
তথাপি আছেনে আমাৰ ক্ষমতা ?
দেশখনক নিকা কৰাৰ,
ক’লা অন্তৰ লৈ ঘূৰি ফুৰা দেশদ্ৰোহীৰ পৰা বছোৱাৰ ?
স্বদেশ,স্বজাতি বুলি হুংকাৰ দি নিজৰ মাজতে আমাৰ খোৱা-কামোৰা,
মই হিন্দু,মই মুছলমান বুলি 
হত্যা,লুন্ঠন, অত্যাচাৰ !
মন্দিৰ,মছজিদ ভগৱান ক’ত নাই ?
কেতিয়াবা ভাৰত আইক সেৱা কৰি পাইছানে এবাৰ ?
ঘৰ বিভীষণ বুলি তাঁহানিতে হাঁহিছিল ৰামায়ণৰ এটি চৰিত্ৰত ,
এতিয়া যে প্ৰতি পল,প্ৰতি ক্ষণ নিজে কিয় হৈছা বিভীষণ ?
স্বাধীনতাৰ আমোদ লৈছা
ত্ৰিৰংগা উৰুৱাই ,
বিদেশী ফুলৰ মালাৰে পতাকাখন থৈ মেৰিয়াই ৷
মৰহা পাপৰিয়ে উল্লাসে পতাকাৰ শুভ্ৰতাত নিচান এৰি,
আমি চেল্ল্যুত কৰি চিঞৰিছো "বন্দে মাতৰম্" বুলি ৷৷


🖋️ অনামিকা গোৱালা 
ৰাজমাই,শিৱসাগৰ ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)