ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অমৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি

©Admin
0

সেলুলৰ জেলৰ কলা অন্ধকাৰময় কোঠাতো ভাৰতীয় ক্ৰান্তিকাৰী সকলৰ মনোবল ভাঙিব নোৱাৰিলে ৷ ভাৰতৰ স্বাধীনতাৰ কাৰণে ইংৰাজৰ বিৰোদ্ধে আন্দোলন দুই প্ৰকাৰৰ আছিল

এটা অহিংস আন্দোলন আন এটা সশস্ত্ৰ ক্ৰান্তিকাৰী আন্দোলন ৷ ভাৰতৰ স্বাধীনতাৰ হকে ১৮৫৭ পৰা ধৰি ১৯৪৭ চনলৈকে যিমানবোৰ আন্দোলন হৈছিল তাৰে ভিতৰত স্বাধীনতাৰ সপোন দেখা ক্ৰান্তিকাৰী আৰু বীৰ চহিদসকলৰ উপস্থিতিয়ে অধিক প্ৰেৰণাদায়ক সিদ্ধ 

হ'ল ৷ বস্তুত ভাৰতীয় ক্ৰান্তিকাৰী আন্দোলন ভাৰতৰ ইতিহাসৰ স্বৰ্ণ যুগ বুলি কব পাৰি  ৷

সেই সময়ছোৱাত ভাৰতীয় লোকৰ হৃদয়ত যিমান দেশ মাতৃৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি আছিল হয়তো কাহানিও এইয়া হোৱা নাছিল আৰু বৰ্তমান যুগ বা ভৱিষ্যতে দেখা যাব ইয়াতে এষাৰ কথা কওঁ যে আমি আজি যিখন দেশত স্ব ইচ্ছা আৰু স্বাধীনচিতীয়াভাৱে জীৱন যাপন কৰি আছো এই প্ৰতিদান স্বাধীনতা সংগ্ৰামত চহিদ হোৱা দেশৰ বীৰ সন্তান সকলৰ শোনিতেৰে সিঁচা ৷ গতিকে সেইসকল চহিদৰ প্ৰতি সদায় ঋণী আৰু চিৰ কৃতজ্ঞ ৷

মাতৃভূমিলৈ যি শ্ৰদ্ধা ভক্তি সেই সময়ত আছিল পৰিতাপৰ কথা যে বৰ্তমান সেইয়া বহুত কম পৰিমাণে দেখা গৈছে , বা নাই বুলি ক'লেও কোৱাতো ভূল নহব ৷

যিদৰে এটা  বিশাল নদী নিজৰ উদ্ভৱ স্থানৰ পৰা ওলাই সাগৰত মিলি নাযায় তেতিয়ালৈকে নিৰন্তৰ বৈ গৈ থাকে , সেই পথত সৰু ডাঙৰ নৈ জান আদি মিলি গৈ থাকে , ঠিক তেনেদৰে ভাৰত দেশৰ ভূমিৰ মুক্তিৰ কামনা মনত বান্ধি দেশ ভক্ত সকলে সহশ্ৰ প্ৰাণ বলিদান দি দি এটা সময়ত স্বাধীনতাৰ সাগৰত আমাৰ দেশৰ জীৱন নদী মিলি নোযোৱালৈকে স্বাধীনতাৰ আন্দোলন চলি গৈ থাকিল ৷ 

ইয়াতে এটা মহত্ত্বপুৰ্ণ কথা জনাই দিওঁ যে 

ভাৰতৰ স্বাধীনতাৰ পাছত ৰাজনৈতিক নেতাসকলে ভাৰতৰ স্বাধীনতা ক্ৰান্তিকাৰী আন্দোলনক প্ৰায় দমণ কৰি ইতিহাসত কম মহত্ত্ব দিয়া গ'ল , আৰু বহুতো স্থানত বিকৃত কৰাৰ লগতে স্বৰাজ্য লাভ কৰাত মাথো কংগ্ৰেছৰ অহিংস নীতিৰ দ্বাৰা প্ৰাপ্ত হৈছিল ৷ একপ্ৰকাৰে স্বাধীনতা আন্দোলনৰ ক্ৰান্তিকাৰী সকলক উপেক্ষা কৰিবলৈ চেষ্টা কৰিছিল ৷ ১৮৫৭ চনৰ সংগ্ৰামত ১৫০০ তকৈ অধিক লোক চহিদ হৈছিল ৷ সমাজৰ পাছপৰা কাৰণৱসত ইমান তথ্য সংগ্ৰহ কৰাতো সহজ নাছিল এই ভুল হোৱাৰ কাৰণ হ'ল ইতিহাসৰ প্ৰতি জ্ঞান কম আছিল ৷ গতিকে সময় পৰিবৰ্তন হৈছে আমি প্ৰতিজন স্বাধীনতা আন্দোলনৰ সংগ্ৰামী সকলৰ প্ৰতি  শ্ৰদ্ধা ভক্তি প্ৰদৰ্শন কৰিবলৈ বেআা বৈষৎ আৰু মাংৰী ওৰাংৰ দৰে স্বাধীনতা সংগ্ৰামী সকলক উচিত সন্মান দিয়াব লাগে ৷

১৮৫৭ চনৰ চহিদ সকলক কোটি কোটি নমন । কাৰণ আজি আমি  স্বাধীনচিতীয়াভাৱে দেশত জীয়াই আছোঁঁ মাথোঁ 


এতিয়া অমৰ চহিদ কনকলতা বৰুৱা , ঝাঞ্চীৰ ৰাণী লক্ষ্মীবাঈ , ভগত সিং , উধম সিং , চন্দ্ৰশ্বেখৰ আজাদ কোশল কোঁৱৰ , বিৰছা মুণ্ডা আদি

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)